আজি বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

লোকসেৱা ভৱনত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেটত লোৱা সিদ্ধান্তসমূহ অৱগত কৰে । আজিৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে ।

আজি বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

04 Mar 2025 19:42 PM

আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লোকসেৱা ভৱনত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেটত লোৱা সিদ্ধান্তসমূহ অৱগত কৰে । আজিৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে ।

আজি কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

  1. আজি ৰাজ্যিক কেবিনেটে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নামকৰণ ৰতন টাটাৰ নামেৰে কৰা হ’ব । এই সিদ্ধান্তৰ কথা সংবাদমেলত সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । সমগ্ৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী ৰতন টাটা ইলেক্ট্ৰনিক চিটী, জাগীৰোড নামেৰে নামকৰণ কৰিব ৰাজ্য চৰকাৰে ।
  2. PAN IIT ALUMNI FOUNDATION আৰু ভাৰত চৰকাৰৰ সহযোগত ৰাজ্যত ১০ টা স্কীল চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, এই স্কীল চেণ্টাৰ নিৰ্মাণৰ বাবে খৰচ হ’ব ৯০ কোটি টকা । অৰ্থাৎ ৯০ কোটি ব্যয় সাপেক্ষে ৰাজ্যত নিৰ্মাণ কৰা হ’ব এই ১০ টা স্কীল চেণ্টাৰ ।
  3. অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধেয়কত কেবিনেটে অনুমোদন জনোৱাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ ভিতৰত আছে নতুনকৈ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়া যাতে তাৎক্ষণিক কৰিব পাৰি তাৰ বাবে সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন কৰিব ৰাজ্য চৰকাৰে।
  4. এতিয়াৰে পৰা নতুনকৈ উত্তীৰ্ণ হোৱা অভিযন্তাসকলে ৰাজ্য় চৰকাৰ নিবিদাৰ জৰিয়তে ঠিকা লাভ  কৰাৰ ক্ষেত্ৰত পাঁচ বছৰৰ বাবে কিছু প্ৰয়োজনীয় চৰ্তাৱলী শিথিল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । থলুৱা ঠিকাদাৰ সৃষ্টিৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
  5. ৰাজ্যিক কেবিনেটে লোৱা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, এতিয়া পৰা ব্য়ক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ National Security Clearance ৰ প্ৰয়োজন হ’ব । গৃহ বিভাগ আৰু ৰাজনৈতিক বিভাগে Security Clearance দিয়াৰ পাছত হে কোনো ব্যক্তিয়ে অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব । ইয়াৰ লগতে অসমত যি সমূহ ব্যক্তিগত বিশ্ববিদ্য়ালয় থাকিব তেওঁলোক সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ হ’ব লাগিব । তদুপৰি ধৰ্মান্তৰকৰণ দৰে কাৰ্যক সমৰ্থন কৰিব নোৱাৰিব এই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে ।
  6. ৰাজ্যিক কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যিকোনো নিৰ্মাণ কাৰ্যত কমেও ৫ শতাংশ বাঁহ ব্যৱহাৰ কৰিব লাগিব।
  7. কেবিনেটে ছিপাঝাৰ আৰু তিনিচুকীয়াত দুখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । এডভান্টেজ আছাম ২.০ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ সময়ত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ আধাৰত নিৰ্মাণ হ’ব এই দুয়োখন বিশ্ববিদ্যালয় ।
মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী