NEET পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটৰঃ কেন্দ্ৰৰ ওচৰত জনাব প্ৰস্তাৱ
চিকিৎসা প্রৱেশ পৰীক্ষা NEET সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে। এই প্ৰৱেশ পৰীক্ষা অধিক স্বচ্ছ আৰু নিকা কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত কেইটামান বিশেষ প্ৰস্তাৱ দাঙি ধৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নেচনেল টেষ্টিং এজেঞ্চী, চমুকৈ NTA- এ আয়োজন কৰা চিকিৎসা প্রৱেশ পৰীক্ষা NEET সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে। এই প্ৰৱেশ পৰীক্ষা অধিক স্বচ্ছ আৰু নিকা কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত কেইটামান বিশেষ প্ৰস্তাৱ দাঙি ধৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রার্থীৰ বায়’মেট্ৰিক্স পৰীক্ষাকে ধৰি NEET কেন্দ্রসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ অসম চৰকাৰে কেন্দ্রক আহবান জনাব বুলি সদৰী কৰে৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে প্ৰৱেশ পৰীক্ষাত যথেষ্ট ভাল নম্বৰ লাভ কৰা অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন পিছত ভাল দেখা পোৱা নাযায় বুলি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপকসকলে আঙুলিয়াই দিছে। বহু ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান অতি সীমিত বুলি অধ্যাপকসকলে আঙুলিয়াই দিয়াৰ পিছত অসম চৰকাৰে বিশেষ শাখাক প্ৰায় ডেৰ বছৰ পূৰ্বে বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি তেওঁ লগতে কয়।
এই পৰীক্ষা কেন্দ্ৰই অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এতিয়ালৈকে এই বিষয়ত হস্তক্ষেপ কৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এতিয়া কেবিনেটে গ্ৰহণ কৰা তিনিটা সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব বুলি দোহাৰে। অসম কেবিনেটে গ্ৰহণ কৰা এই প্ৰথমটো হৈছে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰিৱৰ্তে কেৱল চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়তহে চিকিৎসা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা।
দ্বিতীয় প্ৰস্তাৱ অনুসৰি ৰাজ্য চৰকাৰে NTA আৰু শিক্ষা মন্ত্ৰালয়ক জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ তত্বাৱধানত NEET অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। আনহাতে অসম কেবিনেটৰ তৃতীয় প্ৰস্তাৱ হৈছে পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীৰ বায়’মেট্ৰিক টেষ্টিং কৰা। যদি এই পদক্ষেপ গ্ৰহণ কৰা হয় তেতিয়া NEET পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছ হ’ব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসম চৰকাৰে মুখ্য সচিবক NTA ৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় শিক্ষা সচিবৰ সৈতে যোগাযোগ কৰি কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে বুলিও তেওঁ সদৰী কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।