চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা ! কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত নিশাৰ সান্ধ্য আইন জাৰি…
ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত নিশাৰ সান্ধ্য আইন জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে । এক বিবৃতিত কোৱা হৈছে যে, ৰাজহুৱা শৃংখলা বজাই ৰখা আৰু অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশনা জাৰি কৰিছে কাছাৰ জিলা দণ্ডাধীশ মৃদুল যাদৱে ।
![চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা ! কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত নিশাৰ সান্ধ্য আইন জাৰি… চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা ! কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত নিশাৰ সান্ধ্য আইন জাৰি…](https://images.assamtv9.com/uploads/2025/02/border-23.jpg?w=1280)
সন্ত্ৰাসবাদ ৰোধ আৰু গৰু-ম’হৰ চোৰাং ব্য়ৱসায় ৰোধ কৰাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে কাছাৰ জিলা প্ৰশাসনে । শেহতীয়াকৈ উগ্ৰবাদক অৰিহণা যোগাব পৰা উপাদানৰ চলাচল আৰু চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ মঙলবাৰৰ পৰা জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলত নিশাৰ সান্ধ্য আইন জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে ।
এক বিবৃতিত কোৱা হৈছে যে, ৰাজহুৱা শৃংখলা বজাই ৰখা আৰু অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশনা জাৰি কৰিছে কাছাৰ জিলা দণ্ডাধীশ মৃদুল যাদৱে । ইয়াত লগতে কোৱা হৈছে যে, বিএনএছএছৰ ১৬৩ নং ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশনা লক্ষ্য হৈছে- উগ্ৰপন্থীৰ অহা-যোৱা আৰু সীমান্তৰ সিপাৰে পণ্য আৰু গৰু-ম’হৰ অবৈধ সৰবৰাহৰ ফলত উদ্ভৱ হোৱা সম্ভাৱ্য আইন-শৃংখলাজনিত পৰিস্থিতি ৰোধ কৰা ।
কাছাৰ জিলা দণ্ডাধীশগৰাকীয়ে স্পষ্টভাৱে কয় যে, অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰিব পৰা অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন। বিবৃতিটোত কোৱা হৈছে যে, তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ নিৰ্দিষ্ট নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু অন্য ধৰণে নিৰ্দেশ নিদিয়ালৈকে দুমাহলৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব বুলি বিবৃতিটোত কোৱা হৈছে।
এই নিৰ্দেশনা অনুসৰি, কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ চলাচল নিষিদ্ধ কৰি নিশাৰ সান্ধ্য আইন জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা আৰোপ কৰাৰ লক্ষ্য হৈছে সীমান্তত অবৈধ কাৰ্যকলাপ হ্ৰাস কৰা আৰু নিৰাপত্তা নিশ্চিত কৰা ।
ইয়াৰ উপৰিও ভাৰতীয় ভূখণ্ড কাছাৰৰ ভিতৰত সুৰমা নদী আৰু ইয়াৰ ওখ পাৰত যিকোনো ধৰণৰ চলাচলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে নদীখনত মাছ ধৰাৰ কাৰ্যত বাধা আৰোপ কৰা হৈছে। তদুপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ বাংলাদেশ আৰু কাছাৰ সীমান্তৰ পাঁচ কিলোমিটাৰ বেল্টৰ ভিতৰত নিশাৰ ভাগত বাহন, গাড়ী বা ৰিক্সাকে ধৰি যিকোনো উপায়েৰে চেনি, চাউল, ঘেঁহু, খাব পৰা তেল, নিমখ আদি সামগ্ৰী কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অৱশ্যে কাটিগড়া চক্ৰ বিষয়াই উদ্দেশ্য পৰীক্ষা কৰি স্থানীয় যোগান বিষয়াৰ পৰা ক্লিয়াৰেন্স লাভ কৰা পাছত পৰিবহণৰ বাবে বিশেষ অনুমতি প্ৰদান কৰিব পাৰে। এই নিষেধাজ্ঞাৰ পৰা কৰ্তব্যৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ৰেহাই দিয়া হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।