গো-মাংস বিক্ৰীৰ কার্যত জড়িত, প্ৰথমবাৰৰ বাবে অসম গো-সুৰক্ষা আইনৰ অধীনত দোষী সাব্যস্ত মহিলা…
ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা দোষী সাব্যস্ত হৈছে গো-সুৰক্ষা আইনৰ অধীনৰ গোচৰত। গো-হত্যা কৰা আৰু গো-মাংস বিক্ৰী কৰাৰ সৈতে জড়িত অপৰাধত মহিলাগৰাকীক দোষী সাব্যস্ত কৰিছে কাৰ্বি আংলং সত্ৰ আদালতে ।

অসম গো-সুৰক্ষা আইনৰ অধীনত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা দোষী সাব্যস্ত হৈছে । গো-হত্যা কৰা আৰু গো-মাংস বিক্ৰী কৰাৰ সৈতে জড়িত অপৰাধত মহিলাগৰাকীক দোষী সাব্যস্ত কৰিছে কাৰ্বি আংলং সত্ৰ আদালতে । এই গোচৰত দোষী সাব্যস্ত হোৱা মহিলাগৰাকীক তিনিবছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে তিনি লাখ টকাৰ জৰিমনা বিহা হৈছে আদালতে ।
দৈনিক অসমৰ বাতৰি অনুসৰি, কাৰ্বি আংলঙত অবৈধভাবে গো-হত্যা কৰা আৰু গো-মাংস বিক্ৰী কৰা কার্যত জড়িত থকাৰ অপৰাধত মুস্তাফা চুলতানা বেগম নামৰ এগৰাকী মহিলাক তিনি বছৰ সশ্ৰম কাৰাদণ্ড আৰু তিনি লাখ টকাৰ জৰিমনা বিহা হৈছে। একে সময়তে মহিলাগৰাকীৰ স্বামীক নিৰ্দোষী ঘোষণা কৰিছে জিলাখনৰ সত্ৰ আদালতে । একে গোচৰত অভিযুক্ত তথা মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে অপৰাধ প্ৰমাণ কৰিব নোৱৰাত তেওঁক নির্দোষী ঘোষণা কৰা হয় বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, ২০২২ চনৰ জানুৱাৰী মাহত মহিলাগৰাকী আৰু তেওঁ স্বামীৰ বিৰুদ্ধে গো-হত্যা আৰু গো মাংস বিক্ৰীৰ অভিযোগত গোচৰ ৰুজু হৈছিল । এই গোচৰৰ ভিত্তিতে জিলাখনৰ সত্ৰ ন্যায়াধীশ ৰৌশন লালৰ বিচাৰপীঠে শুকুৰবাৰে এই ৰায়দান দিয়ে। হিন্দু সুৰক্ষা মঞ্চই দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে খটখটী থানাত গোচৰ ৰুজু কৰা হৈছিল বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, গোচৰৰ তদন্তকালত আৰক্ষীয়ে এই অভিযুক্ত দম্পতীৰ ভাড়া ঘৰত অভিযান চলাই প্রায় ৪৫ কিলোগ্রাম সন্দেহযুক্ত গো-মাংস সহ চুলতানা বেগমক গ্রেপ্তাৰ কৰে। ইয়াৰ লগতে ওজন জোখা সঁজুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । ইফালে তেওঁ স্বামী মিৰাজ আলীয়ে পলায়ন কৰে । পৰৱৰ্তী সময়ত ফৰেনচিক পৰীক্ষাত উদ্ধাৰ কৰা মাংসখিনি গো-মাংস বুলি প্রমাণ হয়।
চুবুৰীয়া আৰু প্ৰত্যক্ষদর্শীৰ ভাষ্য আৰু তথ্য-প্রমাণৰ ভিত্তিত আৰক্ষীয়ে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে অসম গো-সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (এ) ( সম্প্ৰদায়িক বিদ্বেষ সৃষ্টিৰ অপৰাধ) ধাৰাত অভিযোগনামা দাখিল কৰে । তাৰ আধাৰত গোচৰৰ বিচাৰ চলাই আদালতে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে গো-সুৰক্ষা আইনৰ ১৩ নং ধাৰাত (গো-হত্যা নিষিদ্ধকৰণ আদেশ উলংঘনৰ শাস্তি) অভিযোগ নির্দিষ্ট কৰে। গো-সুৰক্ষা আইনৰ অধীনৰ গোচৰত দোষী সাব্যস্ত হোৱা এইটো প্ৰথমটো ৰায়দান বুলি দাবী কৰিছে আৰক্ষীয়ে ।