আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত শিক্ষকসহ আটক ২জন…
চলিত বৰ্ষৰ নৱেম্বৰ মাহত ৫ জনকৈ আলফ (স্বা)ৰ লিংকমেন আৰক্ষীৰ জালত পৰিছে। আজি আলফ (স্বা)ৰ লিংকমেনৰ সন্দেহত আটক হয় শিক্ষকসহ দুজন। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পুনৰ আলফ (স্বাঃ)ৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে।
অসমত যেন পুনৰ সক্ৰিয় হৈ উঠিছে আলফা (স্বাঃ)। অভিযোগ অনুসৰি শেহতীয়াকৈ উজনি অসমৰ চৰাইদেউ জিলাকে ধৰি কেইবাখনো জিলাত আলফা (স্বাঃ)য়ে ধন দাবী, সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে। আলফা (স্বাঃ)ৰ কাম কাজ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে সকলো ধৰণৰ চেষ্টা কৰি আছে। ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত আৰক্ষীৰ জালত পৰিছে নিষিদ্ধ ঘোষিত আলফা (স্বাঃ)ৰ লিংকমেন। বুধবাৰে চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে আলফ (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত আটক কৰে এগৰাকী শিক্ষকসহ দুজনলোকক।
ইয়াৰে এজন হাওঁফাওঁ গাঁৱৰ মিঠু বৰুৱা বুলি চিনাক্ত হোৱাৰ লগতে আনজন সাপেখাতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী জিতু গগৈ। জানিব পৰা মতে আলফা (স্বা)ৰ দুধৰ্ষ কেডাৰ অকন অসমৰ লগত জিতু গগৈ আৰু মিঠু গগৈৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। অৱশ্য়ে শিক্ষক জিতু গগৈ আৰু মিঠু গগৈৰ আলফা (স্বাঃ)ৰ লগত কেনে সম্পৰ্ক আছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। বৰ্তমান দুয়োৰে জেৰা চলাই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত ৫ জনকৈ আলফ (স্বা)ৰ লিংকমেন আৰক্ষীৰ জালত পৰিছে। যোৱা ১২ নৱেম্বৰত চৰাইদেউত দুজন আলফা (স্বা)ৰ লিংকমেনক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰে এজন আছিল চৰাইদেউৰ বেলেংবাৰীৰ ৰাজু দে আৰু আনজন টেঙাপুখুৰী মহন গাঁৱৰ হেমন্ত মহন। ইয়াৰ পাছতে ১৫ নৱেম্বৰত চৰাইদেউ আৰক্ষীয়ে আন এজন আলফ (স্বাঃ)ৰ লিংকমেনক আটক কৰিবলৈ সক্ষম হয়। এই লিংকমেনজন চৰাইদেউ বৰহাট চকলীয়াৰ ৰুবুল ৰঞ্জন কলিতা ওৰফে ৰঞ্জন অসম বুলি চিনাক্ত হৈছিল। এনেদৰ বিভিন্ন সময়ত কেইবাজনো লিংকমেন আৰক্ষীৰ জালত পৰিছে। গতিকে এই বিষয়টোৱে এতিয়া অঞ্চলটোত কিছু উদ্বেগৰ সৃষ্টি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পুনৰ আলফাৰ ওপৰত ৫ বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে।সোমবাৰে গৃহ মন্ত্ৰালয়ে এক জাননী জাৰি কৰি এই কথা উল্লেখ কৰিছে। এই নিষেধাজ্ঞা বৃদ্ধি কৰি গৃহ মন্ত্ৰালয়ে কয় যে, আলফাৰ প্ৰতিটো গোট, শাখা, সংগঠনৰ সৈতে জড়িত সকলো ভাৰতৰ সাৰ্বভৌমত্বক আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক কামত জড়িত হৈ আহিছে। আলফাই অসমত পৃথক কৰাৰ কথা কয় নিজৰ সংগঠনৰ সদস্যসকলে ভাবুকি, ধন দাবী , হিংসাৰ বাবে আন উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে। গতিকে এনেবোৰ কাৰণতে পুনৰ সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।