ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ ‘ৰাজ অতিথি’ অসমৰ মুখ্যমন্ত্ৰী’ ! চাৰিদিনীয়া ভ্ৰমণসূচীৰে থিম্ফুত হিমন্ত বিশ্ব শৰ্মা…

চাৰিদিনীয়া ভ্ৰমণসূচীৰে থিম্ফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ আমন্ত্ৰণত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ।

ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ ৰাজ অতিথি অসমৰ মুখ্যমন্ত্ৰী ! চাৰিদিনীয়া ভ্ৰমণসূচীৰে থিম্ফুত হিমন্ত বিশ্ব শৰ্মা...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

16 Dec 2024 21:44 PM

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইয়ে সোমবাৰে হিমালয়ান ৰাষ্ট্ৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে থিম্ফুত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ আমন্ত্ৰণত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ।

অসমৰ সাংস্কৃতিক শক্তিয়ে সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত কয় যে, মুখ্যমন্ত্ৰী শৰ্মাক আদৰিবলৈ বিহু প্ৰদৰ্শনৰ প্ৰচেষ্টাৰে এদল পৰিবেশকে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে পৰম্পৰাগত ভূটানী নৃত্যৰ সুন্দৰ প্ৰদৰ্শন কৰা হয়। ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “এই ভ্ৰমণে ভূটানৰ জনগোষ্ঠী আৰু অসম ৰাজ্যৰ চিৰস্থায়ী বন্ধুত্বক সুদৃঢ় কৰিব বুলি আন্তৰিকতাৰে আশা কৰিছো। থিম্ফুত অসমৰ সংস্কৃতিৰ হৃদয়স্পৰ্শী প্ৰদৰ্শনত ৰিণিকি আৰু মই একেবাৰে মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ।”

তেওঁ লগতে কয় যে, আমাৰ মহান সংস্কৃতি ভাৰতৰ সীমাৰ বাহিৰত দেখিবলৈ পোৱা পাছত পোৱা আনন্দ কোনোৱে দিব নোৱাৰে । ইয়াৰ পূৰ্বে দিনটোত ভূটানৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী ডি এন ডাংয়েল আৰু কেবিনেট সচিব কেছাং ডেকিয়ে পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত থকা অসমীয়া প্ৰতিনিধি দলটোক আদৰণি জনায়।

এই ভ্ৰমণ কালত ভূটানৰ সৈতে ভাৰতৰ সম্পর্ক বৃদ্ধিৰ বাবে আগ্রহী বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই । ইফালে, ভূটানৰ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই ৰজা আৰু ৰাণী জেটছুন পেমা ৱাংচুককো সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ এইটো প্ৰথমটো ভূটান ভ্ৰমণ। এই ভ্ৰমণে ভূটান আৰু অসমৰ সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰি তুলিব । ভূটান আৰু ভাৰতৰ অসম ৰাজ্যৰ মাজত আৰু অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বুলি আশা কৰা হৈছে ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ