5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam:অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ , গতিকে শীঘ্ৰেই বাতিল হ’ব লাগে কা…

Assam:অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ , গতিকে শীঘ্ৰেই বাতিল হ'ব লাগে কা"! অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈ গুৰুত্বপূৰ্ণ ৰায় কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ বুলি ৰায় প্ৰদান কৰে ন্যায়ালয়ে। যাৰ বাবে এতিয়া বিভিন্নজনে চৰকাৰক সোনকালে বিদেশী চিনাক্ত কৰি বহিষ্কাৰৰ দাবী জনাইছে।

Assam:অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ , গতিকে শীঘ্ৰেই বাতিল হ’ব লাগে কা…
অসম চুক্তিৰ বৈধতা
barasha-sarma
Barasha Sarma | Updated On: 17 Oct 2024 16:01 PM

অসমত বিদেশী চিনাক্তকৰণক লৈ ১৭ অক্টোবৰত ঐতিহাসিক ৰায় প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত ৫ জনীয়া বিচাৰপীঠে চূড়ান্ত ৰায় প্ৰদান কৰি কয় যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তবৰ্ষ হ’ব ১৯৭১ চনৰ ২৫ মাৰ্চ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১২ চনৰ নৱেম্বৰত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামৰ উচ্চতম ন্যায়ালয়ৰ গোচৰ ৰুজু কৰি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তবৰ্ষ ১৯৫১ চন হোৱা বিচাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদনৰ বিপক্ষে ৰায় দি কয় যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব।

উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিৰ ৰায়ৰ পাছতেই এতিয়া এই সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, উচ্চতম ন্যায়ালয়ে পুনৰ এবাৰ অসম চুক্তিৰ ন্যায্যতা প্ৰদান কৰিলে।  অসম চুক্তি মৰ্মে নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫  মাৰ্চ আৰু তাৰ বাবে নাগৰিকত্ব আইনত সংযোজন কৰা হৈছিল দফা ৬ (ক)। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক আমি আদৰণি জনোৱাৰ লগতে ন্যায়ালয়ক ধন্যবাদ জনাইছো। এই বিষয়টো  সংবিধানিক বিচাৰপীঠে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অবৈধ বিদেশীৰ প্ৰব্ৰজন সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে।

গগৈয়ে কয়, ন্যায়ালয়ে কৈছে অসমত অবৈধ নাগৰিকৰ অগ্ৰাসন অত্যন্ত ভয়াবহ। কেন্দ্ৰীয় চৰকাৰে ৪০ লাখ বিদেশী অসমলৈ প্ৰব্ৰজন হোৱা বুলি কৈছে, কিন্তু আচলতে তাতকৈ বহুত বেছি অবৈধ বিদেশী অসমলৈ আহিছে। উচ্চতম ন্যায়ালয়ে কৈছে, পশ্চিমবংগত অবৈধ নাগৰিকৰ হাৰ ৫৭ লাখ কিন্তু সেই ৰাজ্যখন বিশাল। সেই হিচাপত অসমৰ মাটিকালি কম আৰু ৰাজ্যখন সৰু। এই ক্ষেত্ৰত অসমৰ খিলঞ্জীয়াসকললৈও বিপদ আহি পৰিব  বুলি চিন্তা প্ৰকাশ কৰিছে ন্যয়ালয়ে।

গগৈয়ে দাবী জনাই কয় যে, উচ্চতম ন্য়ায়ালয়ে দিয়া নিৰ্দেশনা মৰ্মে অসমত কাৰ্যকৰী কৰা নাগৰিকত্ব সংশোধনী আইন তাৎক্ষণিকভাৱে বাতিল কৰিব লাগে।অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এতিয়া প্ৰধান দায়িত্ব হ’ল বিদেশী নাগৰিক চিনাক্ত কৰা। তাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নত কৰাৰ প্ৰক্ৰিয়াৰ শপতনামা দিয়া, আৰু অবৈধ বিদেশীক বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া কৰিব লাগে।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাই কয় যে, উচ্চতম ন্যায়ালয়ৰ ৰায়ক আমি আদৰণি জনাইছো। আমি ১৯৮৫ চনৰ পৰা অসম চুক্তিক সন্মান জনাই আহিছো। ১৯৮৫ চনত ৰাজীৱ গান্ধীয়ে চুক্তি স্বাক্ষৰ কৰিছিল। কেৱল কংগ্ৰেছেই নহয়, সেই সময়ত সকলোৱে অসম চুক্তিক আদৰণি জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত কিছুমান সংগঠনে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভাৱে এই চুক্তিক অৱমাননা কৰিব চেষ্টা কৰিছিল। আজি ন্যায়ালয়ৰ ৰায়দানে অসম চুক্তিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। এই সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছে আদৰণি জনাইছে।

Latest News