উমৰাংছুৰ ঘটনাৰ সৈতে জড়িত দোষীয়ে কঠোৰ শাস্তি পাব, নিহত পৰিয়ালক সহায়ৰ আশ্বাস দি এই মন্তব্য় মুখ্যমন্ত্ৰীৰ

সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উমাৰংছুৰ ঘটনাৰ সৈতে অনৈতিকভাৱে জড়িত প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে তেওঁ কয় যে, এই ঘটনাত নিহত পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়াব ৰাজ্য চৰকাৰে ।

উমৰাংছুৰ ঘটনাৰ সৈতে জড়িত দোষীয়ে কঠোৰ শাস্তি পাব, নিহত পৰিয়ালক সহায়ৰ আশ্বাস দি এই মন্তব্য় মুখ্যমন্ত্ৰীৰ

উমৰাংছু ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

Updated On: 

12 Jan 2025 08:16 AM

উমৰাংছু কয়লা কুৱেৰীত সংঘটিত ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইয়াৰ লগতে এই ঘটনাত নিহত পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়াব ৰাজ্য চৰকাৰে । শেহতীয়াকৈ উমাৰংছুৰ ঘটনাকলৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই আশ্বাস প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উমাৰংছুৰ ঘটনাৰ সৈতে অনৈতিকভাৱে জড়িত প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, উমৰাংছুৰ ঘটনাই সকলোৰে মনত দুখ দিছে । এই কয়লা কুৱেৰীত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰে চাৰিজন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । এই ঘটনাত নিহত পৰিয়ালক যি ধৰণে সম্ভৱ হয় সেই ধৰণে ৰাজ্য চৰকাৰে সহায় কৰিব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

একে সময়তে উমাৰংছুৰ ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয়, ‘যিসকল লোক এই ঘটনাৰ সৈতে জড়িত বা যিসকল লোকে এই কামত অনৈতিকভাৱে হাত দিছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অসমৰ ৰাইজৰ ওপৰত এয়া আমাৰ প্ৰতিশ্ৰুতি ।’

উল্লেখ্য যে, শনিবাৰে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুৰ কয়লা খনিত যোৱা ৬ জানুৱাৰীৰ পৰা আৱদ্ধ হৈ থকা তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে । এই তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ লগে লগে কুৱেৰীত আবদ্ধ হৈ থকা মুঠ ৯ জন শ্ৰমিকৰ ভিতৰত চাৰিজনৰ মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ কৰা শ্ৰমিক তিনিজন হৈছে ডিমা হাছাও জিলাৰ লিগেন মাগৰ (২৭), কোকৰাঝাৰ জিলাৰ খুছি মোহন ৰায় (৫৭) আৰু শোণিতপুৰ জিলাৰ শৰৎ গৈয়াৰী (৩৭) বুলি জানিব পৰা গৈছে। ইফালে যোৱা ৮ জানুৱাৰীত নেপালৰ পৰা অহা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ইফালে কয়লা খনিটো বৈধ-অবৈধ সন্দৰ্ভত শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীয়ে কয় যে, ‘শ্ৰমিক আবদ্ধ হৈ থকা কয়লা খনিটো তিনি বছৰ আগলৈকে অসম খনিজ উন্নয়ন নিগমৰ অধীনত আছিল। এইটো অবৈধ খনি নাছিল, বৰঞ্চ পৰিত্যক্ত খনি আছিল। সেইদিনা প্ৰথমবাৰৰ বাবে কয়লা উলিয়াবলৈ শ্ৰমিকসকলে খনিটোত প্ৰৱেশ কৰিছিল।’ লগতে তেওঁ কয় যে, আৰক্ষীয়ে এই বিষয়ত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

একে সময়তে এই কাণ্ডত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গৰ্লোছাৰ পৰিয়ালৰ এজন সদস্য জড়িত থকাৰ অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘এয়া এক মৰ্মান্তিক ঘটনা আৰু আমি ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয়।’

কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ