5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি বিশ্ব গঁড় দিৱস…গঁড় সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰীৰ

আজি বিশ্ব গঁড় দিৱসৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গঁড় সুৰক্ষাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, "আজি বিশ্ব গঁড় দিৱসত আমাৰ গ্ৰহৰ অন্যতম চিনাকি প্ৰজাতি—গঁড়ক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ কওঁ আহক।"

আজি বিশ্ব গঁড় দিৱস…গঁড় সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰীৰ
বিশ্ব গঁড় দিৱস
Follow Us
manas-borah
Manas Borah | Published: 22 Sep 2024 12:37 PM

আজি বিশ্বৰ গঁড় দিৱস । আজি বিশ্ব গঁড় দিৱসৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গঁড় সুৰক্ষাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “আজি বিশ্ব গঁড় দিৱসত আমাৰ গ্ৰহৰ অন্যতম চিনাকি প্ৰজাতি—গঁড়ক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ কওঁ আহক।”

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বছৰ বছৰ ধৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ সৈতে জড়িত থকা সকলোকে প্ৰশংসা কৰে । তেওঁ কয় যে, ভাৰতবৰ্ষত বৃহৎ সংখ্যক এশিঙীয়া গঁড় থকাটো এক গৌৰৱৰ বিষয়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ অভিজ্ঞতাৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে দেশৰ সকলো পৰ্যটকক এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ।

ইফালে, এই বিশেষ দিনটোত অসমৰ এশিঙীয়া গঁড় সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে,”গঁড় অসমৰ পৰিচয়ৰ সমাৰ্থক । আমাৰ গৌৰৱ আৰু আমাৰ জৈৱ বৈচিত্ৰ্যৰ চূড়ামণি।”

ৰাজ্যখনৰ গঁড় সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে কৰা প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই পদক্ষেপসমূহৰ ভিতৰত আছে বাসস্থান সম্প্ৰসাৰণ আৰু গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা। বিশ্ব গঁড় দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই প্ৰাণী বিধক সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে,”বিশ্ব গঁড় দিৱসত আমি অসমৰ গঁড় সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছো।”

ইয়াৰ সমান্তৰালভাৱে বিশ্ব গঁড় দিৱসৰ উপলক্ষে বিশিষ্ট বন্যপ্ৰাণী বিশেষজ্ঞ ড০ বিভৱ কুমাৰ তালুকদাৰে ভাৰত আৰু নেপালত পোৱা বিলুপ্তপ্ৰায় প্ৰজাতি এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। অসমৰ গঁড় সংৰক্ষণ প্ৰচেষ্টা সন্দৰ্ভত ড০ তালুকদাৰে কয় যে, বিগত ১২০ বছৰত ৰাজ্যখনে গঁড়ৰ সংখ্যা বৃদ্ধি আৰু ইয়াৰ বাসস্থান সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।


লগতে ড০ তালুকদাৰে কয় কয়, ‘শেহতীয়া বছৰবোৰত আমি গঁড়ৰ চোৰাং চিকাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱা দেখিবলৈ পাইছো। চোৰাংচিকাৰীৰ প্ৰতি ৰাজ্যৰ শূন্য সহনশীলতা নীতি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । কিয়নো চোৰাংচিকাৰীসকল প্ৰায়ে উন্নত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত । গতি চোৰাংচিকাৰীসকলক প্ৰতিহত কৰিবলৈ অসম চৰকাৰে নিজৰ বন সুৰক্ষা বাহিনীক আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰি তুলিছে ।’

ড০ তালুকদাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণকো প্ৰশংসা কৰি কয় যে, এই ভ্ৰমণে গঁড় সংৰক্ষণৰ প্ৰতি কেন্দ্ৰৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰে। তদুপৰি ড০ তালুকদাৰে এই আইকনিক জীৱ-জন্তুসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ সুৰক্ষা ব্যৱস্থা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Latest News