5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ অসমৰ মুখ্য়মন্ত্ৰীৰ, উন্নয়নৰ দিশত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ…

ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে হিমালয়ান ৰাষ্ট্ৰখনৰ ৰজা আৰু জনসাধাৰণক ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ অসমৰ মুখ্য়মন্ত্ৰীৰ, উন্নয়নৰ দিশত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ…
ভূটানত অসমৰ মুখ্যমন্ত্ৰী
manas-borah
Manas Borah | Updated On: 17 Dec 2024 12:52 PM

আজিৰ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে হিমালয়ান ৰাষ্ট্ৰখনৰ ৰজা আৰু জনসাধাৰণক ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। একে সময়তে মুখ্যমন্ত্ৰী শৰ্মাই চুবুৰীয়া দেশখনৰ উন্নয়নমূলক প্ৰচেষ্টাক প্ৰশংসা কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে থিম্ফুত উপস্থিত হোৱা মুখ্য়মন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলৰ জৰিয়তে কয় যে,ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু জনসাধাৰণলৈ ভূটান ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো । উল্লেখ্য যে,ভূটানৰ ৰজাৰ আমন্ত্ৰণত দেশৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ উদ্দেশ্য়ে সোমবাৰে থিম্ফুত উপস্থিত হয় মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

তেওঁ লগতে কয়, ভূটানৰ জনসাধাৰণৰ ভাৰতৰ সৈতে সভ্যতামূলক সম্পূৰ্ক আছে । আগন্তুক দিনত দুয়োখন দেশে উন্নয়নৰ নতুন শীৰ্ষত উপনীত হ’ম বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে যে, ভূটানে পৰিৱেশক নিজৰ সকলো নীতিগত সিদ্ধান্তৰ মূল ভেটি হিচাপে ৰাখি উন্নয়নমূলক প্ৰচেষ্টা অব্যাহত ৰাখিছে।

সোমবাৰে পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভূটানৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী ডি এন ডাংয়েল আৰু কেবিনেট সচিব কেছাং ডেকিয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত যোৱা অসমীয়া প্ৰতিনিধি দলটোক আদৰণি জনায়। ইফালে ভূটানৰ প্ৰধানমন্ত্ৰীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় । সন্ধিয়াৰ ভাগত ভূটানৰ ৰাজধানীত অসমৰ বিনিয়োগ শীৰ্ষ সন্মিলন ‘Advantage Assam 2025’ প্ৰচাৰৰ বাবে আয়োজন কৰা এক ৰোডশ্ব’ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে ৰোডশ্ব’ত ভূটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভূটানৰ ৰজাৰ নেতৃত্বত দুয়োটা জাতি প্ৰগতি আৰু সমৃদ্ধিৰ এক উমৈহতীয়া অভিযানেৰে একত্ৰিত হৈছে। ভূটানৰ সৈতে অসমৰ ঘনিষ্ঠ ভৌগোলিক সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, ই শক্তি উৎপাদন, স্বাস্থ্যসেৱা, পৰ্যটন আৰু দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি অসংখ্য সুযোগ দাঙি ধৰে। তেওঁ লগতে কয়,‘ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই নিশ্চিত।’

চিএমঅ’য়ে কয় যে, ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০ – ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট ২০২৫’ৰ প্ৰচাৰৰ বাবে থিম্ফুত অনুষ্ঠিত হোৱা ব্যৱসায়িক অনুষ্ঠান আৰু ৰোডশ্ব’ত ভূটান ৰয়েল চৰকাৰৰ ১০০ৰো অধিক উদ্যোগী, ব্যৱসায়িক নেতা আৰু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।

Latest News