5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Raksha Bandhan 2024: বৃদ্ধাশ্ৰমৰ মাতৃসকলে ৰাখী বান্ধিলে মুখ্যমন্ত্ৰীক, কি উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

Himanta Biswa Sarma : আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ এখন বৃদ্ধাশ্ৰমৰ মাতৃসকল সৈতে ৰাখী বন্ধন উদযাপন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতী-মহিলাই ৰাখী পিন্ধোৱাৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসী সকলেও মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত ৰাখী বান্ধি দিয়ে । ইয়াৰ পাছতে তেওঁ কয় যে,এগৰাকী মাতৃয়ে আশ্ৰমত বসবাস কৰাটো সমাজৰ বাবে অতি দুখৰ বিষয়। তেওঁ কয়, 'যিসকলৰ পৰিয়াল নাই, ঘৰও নাই । তেওঁলোকে নিশ্চিন্ত হওক। তেওঁৰ এই পুত্ৰই সদায় তেওঁৰ কাষত থিয় দিব।'

Raksha Bandhan 2024: বৃদ্ধাশ্ৰমৰ মাতৃসকলে ৰাখী বান্ধিলে মুখ্যমন্ত্ৰীক, কি উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?
ৰাখী বন্ধন পালন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Follow Us
manas-borah
Manas Borah | Updated On: 19 Aug 2024 16:28 PM

আজি পবিত্ৰ ৰাখী বন্ধনৰ দিনটোত দেশবাসীৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী মাতৃ-ভগ্নীক শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ দিনটোত কেইবাটা বিশেষ উপাহৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়, ‘আজি পবিত্ৰ ৰাখী বন্ধন । প্ৰতিবছৰৰ দৰে এইবাৰো আমি সকলোৱে পবিত্ৰ ৰাখী উৎসৱ পালন কৰিছো ।’ ইয়াৰ লগতে ৰাখী বন্ধনৰ দিনটোত অসমৰ প্ৰতি গৰাকী মা, ভণ্টী, বাইদেউ যাতে সকলো সময়তে সুৰক্ষিত হৈ থাকে আৰু সকলোৱে যাতে সম অধিকাৰে সমাজত আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ এখন বৃদ্ধাশ্ৰমৰ মাতৃসকল সৈতে ৰাখী বন্ধন উদযাপন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতী-মহিলাই ৰাখী পিন্ধোৱাৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসী সকলেও মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত ৰাখী বান্ধি দিয়ে । ইয়াৰ পাছতে তেওঁ কয় যে,এগৰাকী মাতৃয়ে আশ্ৰমত বসবাস কৰাটো সমাজৰ বাবে অতি দুখৰ বিষয়। তেওঁ কয়, ‘যিসকলৰ পৰিয়াল নাই, ঘৰও নাই । তেওঁলোকে নিশ্চিন্ত হওক। তেওঁৰ এই পুত্ৰই সদায় তেওঁৰ কাষত থিয় দিব।’

বৃদ্ধাশ্ৰমৰ মাতৃসকলক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই পবিত্ৰ দিনটোত গুৱাহাটীৰ প্ৰতিখন বৃদ্ধাশ্ৰমৰ আবাসীক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, অৰুণোদয়, আয়ুষ্মান কাৰ্ড প্ৰদান কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয়, ‘ গুৱাহাটী সকলো বৃদ্ধাশ্ৰমৰ আবাসীক আজিৰ পৰা অৰুণোদয় আঁচনি, আধাৰ কাৰ্ড, বিনামূলীয়া চাউলকে ধৰি চৰকাৰী সকলো সুবিধা প্ৰদান কৰা কাম আৰম্ভ কৰিম ।’

ইফালে গুৱাহাটীৰ বাহিৰেও অসমৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত বৃদ্ধাশ্ৰম আছে । এই বৃদ্ধাশ্ৰম সমূহটো যাতে চৰকাৰী সুবিধা সমূহ লাভ কৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়, গুৱাহাটীৰ বাহিৰেও ৰাজ্যৰ অন্যান্য স্থানত থকা বৃদ্ধশ্ৰমৰ আবাসী সকলক চৰকাৰী সুবিধা সমূহ প্ৰধান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হ’ব ।

Latest News