শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

যোৱা এমাহত ৩৫ গৰাকী মুছলমান অনুপ্ৰৱেশকাৰীক আটক, হিন্দু বাংলাদেশীৰ অনুপ্ৰৱেশ হোৱা নাই : মুখ্যমন্ত্ৰী শৰ্মাৰ

বাংলাদেশৰ অস্থিৰতা আৰু ভাৰতত বাংলাদেশীৰ অনুপ্ৰৱেশ বিষয়ত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাংলাদেশতে থাকি হিন্দু সকলে নিজৰ সমস্যাৰ সৈতে মোকাবিলা কৰি আছে । যোৱা এমাহত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজনো হিন্দু ব্যক্তি ধৰা পৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

যোৱা এমাহত ৩৫ গৰাকী মুছলমান অনুপ্ৰৱেশকাৰীক আটক, হিন্দু বাংলাদেশীৰ অনুপ্ৰৱেশ হোৱা নাই : মুখ্যমন্ত্ৰী শৰ্মাৰ
manas-borah
Manas Borah | Updated On: 24 Aug 2024 21:11 PM

বাংলাদেশৰ পৰা এগৰাকীও হিন্দু লোক ভাৰতত প্ৰৱেশ কৰা নাই । আজি শিলচৰত এই দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও উল্লেখ কৰে যে, চুবুৰীয়া বাংলাদেশত অস্থিৰতা বিৰাজ কৰাৰ পাছতো এগৰাকী হিন্দু লোকে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা নাই । উল্লেখ্য যে, বাংলাদেশৰ অস্থিৰতাৰ মাজতে দেশখনত সংখ্যালঘূ হিন্দুসকল হিংসাৰ বলি হ’বলগীয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছিল ।

এই খবৰৰ মাজতে উত্তৰ-পূব ভাৰতে উদ্বেগ প্ৰকাশ কৰিছিল যে, চুবুৰীয়া দেশখনত যদি অস্থিৰতা অব্যাহত থাকে তেন্তে, আশ্ৰয়ৰ বাবে উত্তৰ পূবত ভাৰতত বৃহৎ সংখ্যক লোকৰ অনুপ্ৰৱেশ হ’ব পাৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বাংলাদেশীৰ অনুপ্ৰৱেশৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছিল । সেই অনুসৰি, অবৈধ অনুপ্ৰৱেশ যাতে নহয় বা চুবুৰীয়া দেশখনৰ অস্থিৰতা যাতে ভাৰত-বাংলাদেশ সীমান্তলৈকে বিয়পি নপৰে তাৰ বাবে সীমান্তত কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে ভাৰত চৰকাৰে ।

শেহতীয়াকৈ আজি বাংলাদেশৰ অস্থিৰতা আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ বিষয়ত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাংলাদেশতে থাকি হিন্দু সকলে নিজৰ সমস্যাৰ সৈতে মোকাবিলা কৰি আছে । যোৱা এমাহত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজনো হিন্দু ব্যক্তি ধৰা পৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক : অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ ! পুনৰ দুই বাংলাদেশীক আটক অসম আৰক্ষীৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তথ্য প্ৰদান কৰি কয়, ‘চুবুৰীয়া দেশখনৰ মুছলমানসকলে ভাৰতৰ বস্ত্ৰ খণ্ডত কৰ্মসংস্থাপন বিচাৰি অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছে । যোৱা এমাহত ৩৫ গৰাকী মুছলমান অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছে । তেওঁলোকৰ উদ্দেশ্য আছিল কেৱল কৰ্ম সংস্থাপন ।’ মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও স্পষ্ট কৰি দিয়ে যে, মুছলমান অনুপ্ৰৱেশকাৰী সকলে অসমৰ বাবে নহয়, বস্ত্ৰ উদ্যোগত কাম কৰাৰ উদ্দেশ্যে বাংগালুৰু, তামিলনাডু আদি ৰাজ্যলৈ যাবলৈহে অনুপ্ৰৱেশ কৰিছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক : ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ ! পুনৰ তিনি বাংলাদেশীক আটক অসম আৰক্ষীৰ

ইফালে বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে দেশখনৰ ক্ষমতাত থকা সকলৰ ওপৰত ভাৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয়,’আমি আমাৰ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছো যে, হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা দিব লাগে।’

লগতে পঢ়ক : কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত

লগতে পঢ়ক : Bangladesh Crisis: অসমৰ কৰিমগঞ্জত সীমান্ত নিৰাপত্তা বৃদ্ধি, বলৱৎ কৰা হৈছে কঠোৰ ব্যৱস্থা