‘বিটিআৰ এতিয়া শান্তিৰ দ্বীপ’, ১২৫ সংখ্যক সংবিধান সংশোধনীৰ বিধেয়কৰ সন্দৰ্ভত কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?
আগন্তুক সংসদৰ অধিৱেশনৰ কেন্দ্ৰই ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে এই সংশোধনীয়ে বড়ো অধ্যুষিত অঞ্চলৰ দৰে জনজাতীয় স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । বড়ো শান্তি চুক্তিৰ পাঁচ বছৰ অতিক্ৰম কৰাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে সাংবাদিকৰ […]
আগন্তুক সংসদৰ অধিৱেশনৰ কেন্দ্ৰই ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে এই সংশোধনীয়ে বড়ো অধ্যুষিত অঞ্চলৰ দৰে জনজাতীয় স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । বড়ো শান্তি চুক্তিৰ পাঁচ বছৰ অতিক্ৰম কৰাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে সাংবাদিকৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ৰাজ্য চৰকাৰে এই ত্ৰিপাক্ষিক চুক্তিৰ লাভক এনেদৰে “সংহত” কৰাৰ বাবে কাম কৰিব যাতে ই কেতিয়া শান্তি প্ৰক্ৰিয়াৰ পৰা আঁতৰি নাযায় । সাংবাদিকক সম্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।
১২৫ তম সংবিধান সংশোধনীৰ পক্ষত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,”এটা প্ৰস্তাৱ আছে…আমি ইয়াক সংবিধানৰ ১২৫ তম সংশোধনী বুলি কওঁ। ৰাজ্য চৰকাৰে এই সংশোধনীক সমৰ্থন কৰিছে। ভাৰত চৰকাৰে সেই সংবিধান সংশোধনী অনাৰ প্ৰক্ৰিয়াত আছে। স্থায়ী সমিতিৰ আলোচনা শেষ হৈছে। আমি আশাবাদী যে আগন্তুক বাজেট অধিবেশনত আমি কিবা ইতিবাচক ফলাফল দেখা পাম।”
উল্লেখ্য যে, সংবিধান (১২৫ সংশোধনী) বিধেয়ক, ২০১৯ ৰাজ্যসভাত উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই সংশোধনীৰ জৰিয়তে বিত্ত আয়োগ আৰু সংবিধানৰ ষষ্ঠ অনুসূচী সম্পৰ্কীয় বিধানসমূহ সংশোধন কৰিব বিচাৰিছে কেন্দ্ৰই । ষষ্ঠ অনুসূচী অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ সৈতে জড়িত।
সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা বিটিআৰে পাঁচখন জিলাক সামৰি লৈছে -কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ । ৩১ লাখতকৈ অধিক লোকে বসবাস কৰা ৮,৯৭০ বৰ্গ কিলোমিটাৰ বিটিআৰত সংখ্যাগৰিষ্ঠ হিচাপে বাস কৰে বড়োসকলে ।
উন্নয়নৰ কাম আৰম্ভ কৰাৰ বাবে বিটিচিয়ে অধিক ধন বিচৰাৰ বিষয়ে সাংবাদিকে সোধাত প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ধন বিচৰাটো ‘এটা ইছ্যু নহয়’ কিন্তু লোৱাতকৈ দিয়াটোৱেই পথ হ’ব লাগে বুলি বিশ্বাস কৰে মুখ্য়মন্ত্ৰী শৰ্মাই। লগতে মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় যে, বিটিআৰৰ সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ বাবে “আমি একেলগে কাম কৰিম”। ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, পৰিষদে তিনিটা উৎসৰ পৰা ধন লাভ কৰিছে -অসম চৰকাৰ, কেন্দ্ৰ আৰু নিজৰ নিজৰ পথৰ জৰিয়তে।
ইফালে ২০২০ চনৰ শান্তি চুক্তিৰ জৰিয়তে ছয় হাজাৰ লোক মূলসুঁতিলৈ ঘূৰি আহিছিল বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়,”শান্তি চুক্তিৰ জৰিয়তে ছয় হাজাৰ লোক মূলসুঁতিলৈ আহিছিল । এই অঞ্চলত যোৱা ৩ বছৰত কোনো অস্ত্ৰধাৰী ব্যক্তি নাই।” লগতে হিংসাৰ কথা বাদেই দিয়ক, এই অঞ্চলটোত যোৱা তিনি-চাৰি বছৰত কোনো গণতান্ত্ৰিক আন্দোলনো হোৱা নাই বুলি দাবী কৰি বিটিআৰ এতিয়া শান্তিৰ দ্বীপ বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । একে সময়তে বড়োলেণ্ডত এতিয়া বড়ো, অবড়োৰ আখ্যান শেষ হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।