শিক্ষা, স্বাস্থ্য খণ্ডত ৩৮৫ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

সোমবাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত অতিৰিক্ত ৩৮৫ গৰাকী যুৱক-যুৱতীক নিযুক্ত পত্ৰ প্ৰদান কৰে । এই উপলক্ষে জিএমচিএইচৰ পেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগু ।

শিক্ষা, স্বাস্থ্য খণ্ডত ৩৮৫ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

নতুনকৈ ৩৮৫ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

Published: 

07 Oct 2024 16:25 PM

নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অতিক্ৰম কৰা বুলি দাবী কৰিছে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, সোমবাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত অতিৰিক্ত ৩৮৫ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে । এই উপলক্ষে জিএমচিএইচৰ পেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগু ।

নিযুক্ত পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ দি ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, এই নতুন নিযুক্তিৰ জৰিয়তে ২০২১ চনৰ মে’ মাহত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মুঠ ১ লাখ ২৫ হাজাৰ ৩০ জন প্ৰাৰ্থীক চৰকাৰী চাকৰি দিয়া হৈছে। তেওঁ কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰে বহু আগতেই এক লাখ চাকৰি প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে। অসমৰ ইতিহাসত আন কোনো চৰকাৰে ইমান স্বচ্ছ আৰু কাৰ্যক্ষমভাৱে ইমান চাকৰিৰ সৃষ্টি কৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে,২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিয়ে বছৰি এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পিছত ইয়াক সংশোধন কৰি প্ৰতি পাঁচ বছৰত ১ লাখ চাকৰি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, প্ৰায় ৩৫ হাজাৰ অতিৰিক্ত খালী পদ পূৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু ২০২৫ চনৰ মে’ মাহৰ ভিতৰত মুঠ নিযুক্তিৰ সংখ্যা ১ লাখ ৫০ হাজাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। লগতে এই তিনি বছৰত স্বাস্থ্য, শিক্ষা আৰু আৰক্ষী বিভাগত সৰ্বাধিক নিযুক্তি লাভ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মনকৰিবলগীয়া যে, আজি নতুনকৈ নিযুক্তি পোৱা ৩৮৫ গৰাকীৰ ভিতৰত ২৮৪ গৰাকীয়ে শিক্ষা বিভাগত নিযুক্তি পত্ৰ লাভ কৰাৰ বিপৰীতে ১০১ গৰাকীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত নিযুক্তি লাভ কৰে ।

শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে মুঠ ১২,৬০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে । তৃতীয় বৰ্গৰ ৭,৬০০ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ বাবে ৫০০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে । ইতিমধ্যে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সমাপ্ত হৈছে । অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা ।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক