বান প্ৰশমনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশ, ডিব্ৰুগড়ত নতুন অসম বিধানসভা ভৱনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড়ত নতুন বিধানসভা কমপ্লেক্স আৰু বিধায়ক হোষ্টেলৰ প্ৰস্তাৱিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । তেওঁ কয় যে প্ৰস্তাৱিত স্থানত ১৬০ জন বিধায়ক আৰু তেওঁলোকৰ বাসগৃহৰ ক্ষমতাৰে এটা বিধানসভা ভৱন নিৰ্মাণ কৰা হ’ব আৰু মে’ মাহৰ পৰা নিবিদা প্ৰক্ৰিয়া আৰম্ভ হ’ব।

শুকুবাৰে ডিব্ৰুগড় জিলাৰ খনিকৰত নতুন বিধানসভা কমপ্লেক্স আৰু বিধায়ক হোষ্টেলৰ প্ৰস্তাৱিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । উল্লেখ্য যে, যোৱা জানুৱাৰী মাহত মুখ্য়মন্ত্ৰীয়ে আশ্বাস দিছিল যে, আগন্তুক তিনি বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় জিলা সদৰ ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে উন্নীত কৰা হ’ব।
এই সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয়,”২০২৫ চনৰ শেষৰ ফালে নতুন অসম বিধানসভা কমপ্লেক্সৰ কাম আৰম্ভ হোৱাৰ কথা। আমি ডিব্ৰুগড়ৰ হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰি চহৰখনক অসমৰ আধুনিক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰিত কৰিম। আজি সন্ধিয়া নিৰ্মাণস্থলী পৰিদৰ্শন কৰিলোঁ।”
স্থান পৰিদৰ্শন কালত মুখ্য়মন্ত্ৰীক সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে। তেওঁ কয় যে প্ৰস্তাৱিত স্থানত ১৬০ জন বিধায়ক আৰু তেওঁলোকৰ বাসগৃহৰ ক্ষমতাৰে এটা বিধানসভা ভৱন নিৰ্মাণ কৰা হ’ব আৰু মে’ মাহৰ পৰা নিবিদা প্ৰক্ৰিয়া আৰম্ভ হ’ব।
তেওঁ কয় যে, ডিব্ৰুগড়ত দুখন বিধানসভা অধিৱেশন আৰু গুৱাহাটীত আৰু দুখন অধিৱেশন অনুষ্ঠিত হ’ব। বিধানসভা ভৱনৰ ওচৰত এটা চাৰ্কিট হাউচ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে, য’ত চৰকাৰী বিষয়াৰ বাবে ৭৫টা কোঠা থাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে । ২০২৭ চনৰ শেষৰ ফালে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ কথা। ইফালে, খনিকৰ ষ্টেডিয়াম নিৰ্মাণৰ অগ্ৰগতিও পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
ইয়াৰ পূৰ্বে নগৰখনৰ কৃত্ৰিম বানৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত ডিব্ৰুগড় পৌৰ নিগম, নগৰ আৰু দেশ পৰিকল্পনা সঞ্চালকালয়, আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্য়মন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত বান প্ৰশমনৰ কামসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ডিব্ৰুগড়ত কৃত্ৰিম বান প্ৰতিৰোধ আৰু নগৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে দীৰ্ঘম্যাদী সমাধান ৰূপায়ণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।