আজি কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, শিলচৰবাসীয়ে লাভ কৰিব নতুন চিকিৎসালয়…
আজি শিলচৰৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্রিটিকেল কেয়াৰ ব্লক নিৰ্মাণৰ শিলান্যাস কৰে। এই অনুষ্ঠানতে আভাষীয়ভাৱে শিলচৰ আৱর্ত ভৱন নির্মাণৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শিলচৰৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্রিটিকেল কেয়াৰ ব্লক নিৰ্মাণৰ শিলান্যাস কৰে। এই অনুষ্ঠানতে ড° শর্মাই আভাষীয়ভাৱে শিলচৰ আৱর্ত ভৱন নির্মাণৰো আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, এছ এম দেৱ অসামৰিক চিকিৎসালয়খনত ৫০ খন বিচনাযুক্ত নতুন ক্রিটিকেল কেয়াৰ ব্লক ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।
জি প্লাছ ৪ এই ভৱনৰ তলৰ মহলাত অপেক্ষা কৰা ঠাই, আৰক্ষী চকী, অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় আৰু মৰ্গ, প্রথম মহলাত আইছ’লেচন ৱার্ড আৰু ৱেইটিং লাউঞ্জ, দ্বিতীয় মহলাত এমচিএইচ ৱাৰ্ডত এলডিআৰ ইউনিট, অ’টি আৰু ডায়েলাইছিছ ৰুম, তৃতীয় মহলাত থাকিব অপাৰেচন থিয়েটাৰ, থেৰাপিউটিক ডায়েট ৰুম আৰু ভৱনৰ চতুৰ্থ মহলাত ৪ খন বিচনাযুক্ত শিশু চিকিৎসা ৱার্ড আৰু ১২ খন বিচনাযুক্ত ৱার্ড সন্নিবিষ্ট কৰা হৈছে।
আনহাতে ৩২ টা কোঠাৰে ১৪.২৫ বিঘা এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া আৱর্ত ভৱনটোত ১০ টা এক্সিকিউটিভ ৰুম, ১০ টা ডিলাক্স ৰুম আৰু ২ টা ভিভিপি ছুইট ৰুম থাকিব। ইয়াৰ উপৰি চিকিউৰিটি বেৰেক তথা ড্ৰাইভাৰৰ থকাৰ সুবিধা আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাসগৃহ নিৰ্মাণ কৰা হ’ব।
ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, বৰাক উপত্যকাৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ সা-সুবিধা বৃদ্ধিত এই প্রকল্প দুটাই বিশেষ ভূমিকা গ্রহণ কৰিব। তেওঁ ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে শিলচৰত ২০০ খন বিচনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। তদুপৰি যান-জঁটৰ সমস্যা লাঘৱ কৰিবলৈ শিলচৰত এখন উৰণ সেতু নির্মাণৰো পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ।
আজিৰ এই অনুষ্ঠানত সাংসদ পৰিমল শুক্লবৈদ্য, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পাল, বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্রী কৌশিক ৰায়ৰ লগতে বিধায়ক আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।