5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ওপৰত আলোচনা, ভূটানৰ ৰজাক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ

ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই দুয়োগৰাকীৰ নেতাৰ আলোচনাৰ সময়ছোৱাত বহল আঞ্চলিক অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰা আৰু দুয়োখন চুবুৰীয়া দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক সুদৃঢ় কৰাৰ  ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ।

আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ওপৰত আলোচনা, ভূটানৰ ৰজাক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ
ভূটানৰ ৰজাক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ
manas-borah
Manas Borah | Updated On: 18 Dec 2024 09:07 AM

চাৰি দিনীয়া ভূটান ভ্ৰমণত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰথম ভূটান ভ্ৰমণৰ এই কাৰ্যসূচী অৰ্থনীতিৰ পৰা আৰম্ভ কৰি অসম আৰু ভূটানৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে । যোৱাৰ মঙলবাৰে হিমালয়ান দেশখনৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰাৰ পাছতে ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই দুয়োগৰাকীৰ নেতাৰ আলোচনাৰ সময়ছোৱাত বহল আঞ্চলিক অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰা আৰু দুয়োখন চুবুৰীয়া দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক সুদৃঢ় কৰাৰ  ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ।

হিমালয়ৰ ৰজাৰ আমন্ত্ৰণত চাৰিদিনীয়া ভূটান ভ্ৰমণলৈ যোৱা মুখ্য়মন্ত্ৰী শৰ্মাই পুৱা ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰি দেশখনৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টগবে’কো সাক্ষাৎ কৰে । মুখ্যমন্ত্রী কাৰ্যালয়ে এক বিবৃতিত কয় যে, অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ভূটানৰ ৰজাক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজত ঐতিহাসিক সম্পর্ক সুদৃঢ় কৰাৰ লগতে দুয়োটা অঞ্চলৰ মাজত সহযোগিতামূলক প্রচেষ্টা আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰে৷

আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ

ইয়াত লগতে বিবৃতিটোত কোৱা হৈছে যে, এই আলোচনাত ভূটানৰ উন্নয়নক আগুৱাই নিয়া, ইয়াৰ জনসাধাৰণৰ কল্যাণ বৃদ্ধি কৰা আৰু বহল আঞ্চলিক অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰা আদিৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ইফালে সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,’ সুবিধা আৰু সন্মানেৰে ৰিণিকি আৰু মই ভূটানৰ মহামহিম ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু মহামহিম দ্য গিয়াল্টছুয়েন জেটছুন পেমাক থিম্ফুৰ তাছিচোডজঙৰ ‘দ্য গ’ল্ডেন থ্ৰ’ন ৰুমত সাক্ষাৎ কৰোঁ।’

উল্লেখ্য় যে, এই ভ্ৰমণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে তেওঁ পত্নী ৰিণিকি ভূঞা শৰ্মা । চুবুৰীয়া দেশখনে আগবঢ়োৱা আতিথ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ভাৰত আৰু ভূটানৰ মাজত সংযোগ বৃদ্ধিৰ অগ্ৰগতিৰ বিষয়ে তেওঁ ৰজাক অৱগত কৰে। ভূটানৰ এক দূৰদৰ্শী প্ৰচেষ্টাই অঞ্চলটোৰ অৰ্থনীতিত পৰিৱৰ্তনশীল প্ৰভাৱ পেলাব। মই অসম চৰকাৰৰ পাৰস্পৰিক সহযোগিতাৰ পথ অন্বেষণ কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিলোঁ।’

অংশীদাৰিত্ব সুদৃঢ় কৰাৰ ওপৰত আলোচনা

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই আলোচনাত বাণিজ্য, অৰ্থনৈতিক, মানুহৰ লগত মানুহৰ সম্পৰ্ক গভীৰ কৰা, ঐতিহ্যৰ সুবিধা গ্ৰহণ, অসমৰ শক্তিৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰা আৰু সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলক উন্নত জলসিঞ্চন আৰু খোৱাপানীৰ সুবিধা প্ৰদানৰ অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। ইফালে, মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, ভূটানৰ প্ৰধানমন্ত্ৰী টগবেৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত অনুষ্ঠিত আন এখন বৈঠকত মুখ্য়মন্ত্ৰী শৰ্মাই পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু দুয়োটা অঞ্চলৰ মাজত বাণিজ্যিক অংশীদাৰিত্ব সুদৃঢ় কৰাৰ পথ অন্বেষণ কৰে।

মুখ্য়মন্ত্ৰী কাৰ্যালয়ে বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছে যে, ভূটানৰ সৈতে অসমৰ বাণিজ্যিক তথা অৰ্থনৈতিক সম্পৰ্কক শক্তিশালী কৰাৰ দিশতো দুয়োগৰাকী নেতাই আলোচনা কৰে ৷ অসম আৰু ভূটানে ঐতিহাসিকভাৱে সাতটা প্ৰতিষ্ঠিত বাণিজ্যিক পথৰ জৰিয়তে সংযোগ বজাই ৰাখিছে, যাৰ ফলত দুয়োটা অ়ঞ্চলৰ অৰ্থনৈতিক সম্পৰ্কৰ চিৰস্থায়ী প্ৰকৃতি প্ৰতিফলিত হৈছে।

বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ

সমান্তৰালভাৱে ভূটানৰ নেতৃত্বক ভাৰত-ভূটান সীমান্তৰ বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ অটল দায়বদ্ধতা আৰু সহযোগিতাৰ আশ্বাস দিয়ে মুখ্য়মন্ত্ৰী শৰ্মাই। লগতে মুখ্য়মন্ত্ৰী শৰ্মাই ভূটানৰ ব্যৱসায়ীসকলৰ প্ৰয়োজন অনুসৰি বাণিজ্য আৰু বাণিজ্যৰ সুবিধাৰ বাবে অতিৰিক্ত বাণিজ্যিক পথ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিশেষকৈ কোকৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ সুদৃঢ় কৰাৰ বাবে অসম মালাৰ পদক্ষেপৰ অধীনত অসমৰ প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সাক্ষাৎৰ পূৰ্বে ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Latest News