প্ৰধানমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কি কি বিষয়ত আলোচনা কৰিলে ?
মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যখনৰ বিভিন্ন বিষয়ত তেওঁলোকৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপনৰ কেন্দ্ৰৰ সিদ্ধান্তক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যখনৰ বিভিন্ন বিষয়ত তেওঁলোকৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপনৰ কেন্দ্ৰৰ এই সিদ্ধান্তক ‘ৰাজ্যৰ উন্নয়নমূলক যাত্ৰাত গেম-চেঞ্জাৰ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীক অসমৰ ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্য়মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, “অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীক নামৰূপৰ ইউৰিয়া প্ৰকল্পৰ অনুমোদনৰ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
তেওঁ কয় যে, এই প্রকল্পই ৰাজ্যৰ উন্নয়নমূলক যাত্ৰাত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিব। আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ সন্মিলন আৰু বিশাল ঝুমুৰ নৃত্য প্ৰদৰ্শন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা মূল্যৱান নিৰ্দেশনা লাভ কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ ছামিটত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু লগতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ নৃত্য প্ৰদৰ্শনতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিনিয়োগ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, জ্যোতিৰাদিত্য সিন্ধিয়া, আৰু হৰদীপ সিং পুৰীয়ে পৃথক পৃথক বৈঠকৰ অধ্যক্ষতা কৰিব।
মুখ্যমন্ত্রীয়ে জ্যোতিৰাদিত্য সিন্ধিয়াক “I-Ways in Viksit Assam” বিষয়ক বৈঠকৰ অধ্যক্ষতা কৰিবলৈ আমন্ত্রণ জনায়৷ তেওঁ কয় যে, “আজি দিল্লীত মাননীয় কেন্দ্ৰীয় জ্যোতিৰাদিত্য সিন্ধিয়াক লগ পাই আনন্দিত হৈছো। এডভাণ্টেজ আছাম ২.০’ৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “I-Ways in Viksit Assam” সম্পর্কীয় বৈঠকত অধ্যক্ষতা কৰিব বুলি জনোৱাত অতি সুখী অনুভৱ কৰিছোঁ৷”
মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণক ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বাজেট উপস্থাপনৰ বাবে অভিনন্দন জ্ঞাপন কৰে । একে সময়তে এই বাজেটে মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ক চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত ৰাখি অভিনৱত্ব প্রদান কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে অসমত এক নতুন ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আগন্তুক এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ বিষয়ে পতাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে সামৰণিৰ অধিৱেশনখনত অধ্যক্ষতা কৰাৰ সন্মতি প্রদান কৰিছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । সংসদ ভৱনত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ শৰ্মাৰ অনুৰোধত পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত হাইড্ৰ’কাৰ্বন আৰু শক্তি সম্পৰ্কীয় অধিৱেশনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰে । তদুপৰি আজি আবেলি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে ।