জৰ্জ ছ’ৰ’ছৰ সৈতে অসমৰ কোন সাংসদৰ সম্পৰ্ক আছে ? ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই ?
শনিবাৰে লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক সম্পূৰ্ণৰূপে উদঙাই দিছে । কংগ্ৰেছৰ সদস্যসকলে বহি তেওঁৰ কথা শুনিব পৰাটো এটা ডাঙৰ কথা আছিল ।
অসমৰ কোন গৰাকী সাংসদৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোটিপতি জৰ্জ ছ’ৰ’ছৰ সৈতে সম্পৰ্ক আছে ? দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, ৰাজ্যখনৰ এজন সাংসদে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোটিপতি জৰ্জ ছ’ৰ’ছৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে । বিজেপিয়ে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে দেশখনক অস্থিৰ কৰিবলৈ বিনিয়োগকাৰীৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ মাজতে এই মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে সাংসদগৰাকীৰ নাম বা দলৰ কথা উল্লেখ কৰা নাই মুখ্য়মন্ত্ৰী শৰ্মাই।
‘অসমৰ এজন সাংসদৰ জৰ্জ ছ’ৰ’ছৰ সৈতেও সম্পৰ্ক আছে। মই এই বিতৰ্কত সোমাব নিবিচাৰো।’ সাংবাদিকৰ আগত এই দৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই । আমেৰিকাৰ বিনিয়োগকাৰীৰ আৰ্থিক সহায়ত নাম প্ৰকাশ নকৰা সাংসদগৰাকীয়ে নিৰ্বাচনত জয়ী হৈছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মোৰ হাতত কোনো প্ৰমাণ নথকাৰ বাবে মই এই সন্দৰ্ভত মন্তব্য দিব নোৱাৰো। যি নহওক, এই বিষয়ত মোৰ বিশেষ আগ্ৰহ নাই।’ তেওঁ লগতে কয় যে, ছ’ৰ’ছ আৰু ৰাজ্যখনৰ সাংসদগৰাকীৰ মাজৰ সম্পৰ্কৰ বিষয়ে সাংবাদিকসকলে নিজেই জানিব পাৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক সম্পূৰ্ণৰূপে উদঙাই দিছে
শনিবাৰে লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক সম্পূৰ্ণৰূপে উদঙাই দিছে । কংগ্ৰেছৰ সদস্যসকলে বহি তেওঁৰ কথা শুনিব পৰাটো এটা ডাঙৰ কথা আছিল ।’ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মোদী জীয়ে তেওঁলোকক আইনাখন দেখুৱাইছে । কংগ্ৰেছে মিছা কথা কৈছিল বুলি কোৱা নাই। মোদী জীয়ে যি ক’লে, সকলো ৰেকৰ্ডিং কৰা বক্তব্যত আছে।’ ইফালে ‘এক ৰাষ্ট্ৰ, এটা নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত শৰ্মাই কয় যে, সংসদত বিধেয়ক উত্থাপন হ’লে সকলো পক্ষই নিজৰ মতামত দিব পাৰিব। তেওঁ লগতে কয়, ‘যেতিয়া সংসদত আলোচনা হ’ব, তেতিয়া আমাৰ জনসাধাৰণে ইয়াৰ লাভ বুজিব।’
পৃথক পৃথকৈ নিৰ্বাচন অনুষ্ঠিত হ’লে উন্নয়ন লেহেমীয়া হয়
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যেতিয়া একেলগে নিৰ্বাচন অনুষ্ঠিত নহয় তেতিয়া বিভিন্ন সময়ত আচৰণ বিধি জাপি দিয়াৰ বাবে উন্নয়ন লেহেমীয়া হয় আৰু পৃথক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে খৰচও বেছি হয়। একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে সকলোৰে বাবে লাভজনক। ই ধন ৰাহি কৰে, প্ৰচাৰ একেলগে হ’ব (ৰাজ্য আৰু লোকসভা নিৰ্বাচনৰ বাবে)। ৰাজনৈতিক দলৰ খৰচো ৰাহি হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
স্বাধীনতাৰ পিছত একেলগে হোৱা নিৰ্বাচনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,স্বাধীনতাৰ পাছত ভাৰতত এখন ৰাষ্ট্ৰ, এক নিৰ্বাচনেই আছিল । যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসন জাপি দি ৰাজ্য়ৰ বিধানসভা সমূহক ভাঙিবলৈ আৰম্ভ কৰিছিল, তেতিয়া এই পৰিস্থিতি উদ্ভৱ হয় বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
INPUT-PTI