শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা, কোন কোন গ্ৰেপ্তাৰ হ’ব? মুখ্যমন্ত্ৰীয়ে ক’লে…

বিশাল নামৰ যুৱকজনে টেডীৰ নামত ২ লাখ টকা খৰচ কৰে। ইয়াৰোপৰি  তেওঁ শ্বপিঙৰ নামত ১.৫ কোটি টকা, পাতি লোৱা বায়েক চুমি বৰাৰ বিয়াৰ নামত ৩ কোটি খৰচ কৰে। বিশাল আৰু চুমি বৰাৰ সম্পত্তিৰ তালিতা দীঘলীয়া।

অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা, কোন কোন গ্ৰেপ্তাৰ হ’ব? মুখ্যমন্ত্ৰীয়ে ক’লে…
বিশাল-চুমি
barasha-sarma
Barasha Sarma | Published: 05 Sep 2024 16:13 PM

ৰাজ্যত বৰ্তমান সময়ত চৰ্চাত থকা এটা বিষয় হ’ল অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা।  কম ধনৰ বিনিময়ত বেছি ধন লাভৰ আশাকে একাংশ গ্ৰাহতে এনে প্ৰৱঞ্চক, ধুৰসকলৰ প্ৰৱঞ্চনাৰ বলি হয়। অনলাইন প্ৰৱঞ্চনাৰ নামত গ্ৰাহকক ঠগাসকলক লৈ এতিয়া মাত মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, কেৱল চুমিয়েই নহয় এই প্ৰৱঞ্চনাৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়ে গ্ৰেপ্তাৰ হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বিনিয়োগ কৰিলে RBI আৰু ইয়াৰ অধীনত থকা প্ৰতিষ্ঠানসমূহত বিনিয়োগ কৰক। আৰ বি আইৰ অনুমোদন অবিহনে কোনোৱে লেনদেন কৰিব নোৱাৰে। এই সমগ্ৰ বিষয়টো চিআইডিয়ে তদন্ত কৰিব। প্ৰয়োজন হ’লে এছ আই টি গঠন কৰা হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰকো অৱগত কৰা বুলি শৰ্মাই কয়। বৃহস্পতিবাৰে ডিব্ৰুগড়ত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, প্ৰৱঞ্চক দীপাংকৰৰ কু- কাণ্ড পোহৰলৈ অহাৰ পাছতেই জালত পৰিছে এটাৰ পাছত আনটো প্ৰৱঞ্চক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি, এইসকল প্ৰৱঞ্চকে অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি ২০-৩০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিছুদিন গ্ৰাহকে লাভ পাই যদিও পাছত সকলো টকা আত্মসাৎ কৰে প্ৰৱঞ্চকে।  এনেকৈয়ে কোটি কোটি টকাৰ সম্পত্তি গঢ়িছিল এই প্ৰৱঞ্চকসকলে।

বিশাল নামৰ ২২ বছৰীয়া যুৱকজনৰ ওচৰত আছে প্ৰায় ২০০০ কোটি টকা। ঠিক তেনেদৰে স্বপ্ননীল দাস নামৰ যুৱকজনো কোটি কোটি টকাৰ মালিক। এইসকলৰ বিলাসীতাই আচৰিত কৰি তুলিছে ৰাজ্যবাসীক। বিশাল নামৰ যুৱকজনে টেডীৰ নামত ২ লাখ টকা খৰচ কৰে। ইয়াৰোপৰি  তেওঁ শ্বপিঙৰ নামত ১.৫ কোটি টকা, পাতি লোৱা বায়েক চুমি বৰাৰ বিয়াৰ নামত ৩ কোটি খৰচ কৰে। বিশাল আৰু চুমি বৰাৰ সম্পত্তিৰ তালিতা দীঘলীয়া।

এইসকল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এতিয়া আৰক্ষীয়ে এনে প্ৰৱঞ্চনা কৰা সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। চুমি বৰা আৰু তেওঁৰ স্বামী এতিয়াও পলাতক। ইয়াৰ বিপৰীতে বিশালৰ সহযোগী ৰাজীৱ বৰা আৰু তেওঁৰ পত্নীক ৱান্টেড ঘোষণা কৰিছে আৰক্ষীয়ে। এই ৰাজীৱ বৰা চুমি বৰাৰ নিজা ককায়েক।

আৰক্ষীৰ জালত আৰু বহু ৰৌ- বৰালী পৰাৰ সম্ভাৱণা আছে। অভিযোগ অনুসৰি বহু অভিনেতা- অভিনেত্ৰী, গায়ক- গায়িকা, ৰাজনৈতিক নেতা আদি এই কাণ্ডত জড়িত বা প্ৰৱঞ্চনাৰ বলি হৈ আছে। বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত আছে। পৰৱৰ্তী সময়ত দেখা যাব এই কাণ্ডত আৰু কিমান নতুন মুখ পোহৰলৈ আহে।

Latest News