উইল কৰি যাব সকলো ! মুখ্যমন্ত্ৰীৰ মুখত হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী

অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কোনো বিতৰ্কত সোমাই পৰে তেতিয়াই চৰ্চাত আহে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা । কেতিয়াবা যদি মুখ্যমন্ত্ৰী গৰাকী নিজৰ মুখেৰেই ৰিণিকিৰ নামটো উচ্চাৰিত হয়, কেতিয়াবা আকৌ বিৰোধীৰ নেতাৰ মুখত উচ্চাৰিত হয় ৰিণিকিৰ নাম । পিছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী নামটো সৰ্বাধিক চৰ্চিত হোৱাৰ কাৰণ কি?

উইল কৰি যাব সকলো ! মুখ্যমন্ত্ৰীৰ মুখত হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী
Published: 

14 Aug 2024 11:03 AM

বৰ্তমান অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সৰ্বাধিক চৰ্চিত নামটোৱে হৈছে ৰিণিকি ভূঞা শৰ্মা । অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কোনো বিতৰ্কত সোমাই পৰে তেতিয়াই চৰ্চাত আহে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা । কেতিয়াবা যদি মুখ্যমন্ত্ৰী গৰাকী নিজৰ মুখেৰেই ৰিণিকিৰ নামটো উচ্চাৰিত হয়, কেতিয়াবা আকৌ বিৰোধীৰ নেতাৰ মুখত উচ্চাৰিত হয় ৰিণিকিৰ নাম । পিছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী নামটো সৰ্বাধিক চৰ্চিত হোৱাৰ কাৰণ কি?

যোৱা কালি মঙলবাৰে ফেচবুক লাইভত পুনৰ ৰিণিকি ভূঞা শৰ্মা চৰ্চিত হোৱাৰ প্ৰসংগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, এইবাৰ মুখ্যমন্ত্ৰী পত্নী চৰ্চাত অহাৰ মূল কাৰণটোৱেই হৈছে-মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱাৰ এক বাৰ্তালাপত তেওঁৰ পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক গতাই দিয়াৰ কথা উল্লেখ কৰিছিল । পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক গতাই দিয়াৰ প্ৰসংগ আৰু ৰিণিকি ভূঞা শৰ্মা চৰ্চাত থকাৰ প্ৰসংগ উত্থাপন কৰি পোনে পোনে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে তেওঁ হজৰত মহম্মদৰ মিঠাই কোৱা কাহিনীও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

চৰ্চাৰ শীৰ্ষত ৰিণিকি ভূঞা শৰ্মা

সৰ্বাধিক চৰ্চাত থকা ৰিণিকি ভূঞাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ৰিণিকি ভ়ূঞাক চৰ্চাৰ শীৰ্ষত অনাৰ আঁৰতে কংগ্ৰেছ । কংগ্ৰেছে শুবলৈ যাওতেও ৰিণিকি ভূঞাক দেখে । ভাত খাওতেও ৰিণিকি ভূঞাক দেখে ।’ এই বাক্য কেইটাৰে কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই হাঁহি হাঁহি এটা কথা উল্লেখ কৰিছিলো যে ,ৰিণিকি ভূঞাই যিমান সম্পত্তি গঢ়িছে সেই সকলোবোৰ ৰাইজৰ নামত উইল কৰি যাব । এগৰাকী বিধায়কে ৰিণিকি ভূঞাৰ উইলখন চাব বিচাৰে । কিন্তু উইল সদায় মানুহজন মৃত্যু হোৱাৰ পাছত হে চাই, জীয়াই থকাৰ সময়ত কোনো মানুহৰ উইল চাব নোৱাৰে ।’ জীয়াই থকাৰ অৱস্থাত উইলখন দেখাই দিলে সেইখন মনে মনে সলনি কৰাৰো সম্ভাৱনা থাকে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী

সম্পত্তি উইল কৰা প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী বৰ্ণনা কৰে । তেওঁ কয়, ‘হজৰহত মহম্মদৰ এটা কথাই মোক বহু ধৰণে প্ৰভাৱিত কৰে । কাৰোবাক মিঠাই খাবলৈ বাধা দিয়াৰ আগতে আমি নিজেই মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই সেই কথাৰ ওপৰত গুৰুত্ব দিব লাগে।’

ইয়াৰ পাছতে তেওঁ কংগ্ৰেছৰ নেতা, প্ৰাক্তন মন্ত্ৰী আৰু অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰে যে, ‘আপোনালোকে মোক মিঠাই খাবলৈ বাধা দিয়াৰ আগতে আপোনালোকে মিঠাই খোৱাৰ বাদ দিলে নে নাই ? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সেই সিদ্ধান্ত ল’লে নে ? অখিল গগৈক উদ্দেশ্যি কাজিৰঙাৰ অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজৰ কাৰণে এৰি দিব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

গঁড় হত্যাৰ প্ৰসংগ মুখ্যমন্ত্ৰী মুখত

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীৰ মুখত পুনৰ শুনা গ’ল অসমৰ গঁড় হত্যা প্ৰসংগ । তেওঁ কয়, এটা গঁড় শিঙৰ মূল্য মাৰ্কেটত ১ কোটিৰ পৰা ২ কোটি টকা । কংগ্ৰেছৰ দিনত মৃত্যু হোৱাৰ গঁড়ৰ টকাবোৰ ক’ ত গৈছে । সেই টকাৰে লোৱা সম্পত্তি সমূহ আপোনালোকে ৰাইজক গতাই দিব নে নিদিয়ে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী পৰিয়ালে ৰাইজৰ বাবে কি কৰিছে ?

মুখ্যমন্ত্ৰীৰ পত্নী বুলি নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে ৰাইজৰ বাবে কি কৰিছে সেই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়, ‘সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে । এখন দিব্যাংগ শিশু বিদ্যালয় চলাই আছে । এটা শিশু লাইবেৰী চলাই আছে ।’ ইয়াৰ লগতে চাই বাবা মন্দিৰ স্থাপন কৰাৰ লগতে জু ৰোডৰ সমীপৰত থকা মাটিত অহা মাহত এটা শিৱ মন্দিৰ স্থাপন কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ৰিণিকি ভূঞা কেনেকৈ চৰ্চাত আহিল

উল্লেখ্য যে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ৰিণিকি ভূঞাই উপাৰ্জন কৰা সকলো সম্পত্তিক ৰাইজৰ নামৰ উইল কৰি যাব বুলি উল্লেখ কৰিছি । বহু কেইটা সম্পত্তিৰ নাম উল্লেখ কৰি সেই সম্পত্তি কেতিয়াবা সমবায় হৈ যাব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

ইয়াৰ পাছতে বিৰোধীয়ে মুখ্যমন্ত্ৰী গৰাকীক আক্ৰমণত লক্ষ্য কৰি লৈছিল । বিৰোধী দাবী কৰিছিল যে, ৰিণিকি ভূঞা আৰু তেওঁৰ পৰিয়ালৰ নামত থকা উইল কৰা সম্পত্তি তালিকাখন ৰাজহুৱা কৰক । ইয়াৰ পাছতে ৰাজনৈতিক মহলত সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছিল ৰিণিকি ভূঞা আৰু তেওঁ নামত থকা সম্পত্তি পৰিমাণ । তদুপৰি অখিল গগৈকে ধৰি আন কেইবাগৰাকী বিৰোধী নেতাই মুখ্যমন্ত্ৰী পৰিয়ালৰ নামত ক’ত কিমান সম্পত্তি আছে তাৰ তথ্য ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰিছিল ।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...