‘বাংগালুৰু আৰু কেৰালাত গৈ কাম কৰি আছে মিয়া মুছলমানে !’, এই সুবিধা দাস-কলিতা সকলকো ল’বলৈ ক’লে মুখ্যমন্ত্ৰীয়ে

Himanta Biswa Sarma : সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এট পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, 'অসমৰ এটা বিশেষ সম্প্ৰদায়ে ৰাজ্যৰ বাহিৰলৈ গৈ আন চহৰত কাম কৰি আছে। আমাৰ আন সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক সোঁৱৰাই দিব বিচাৰিছো যে, ভাৰত সকলোৰে অন্তৰ্গত আৰু ইয়াৰ উন্নয়নৰ পৰা প্ৰতিটো সম্প্ৰদায়ে উপকৃত হোৱা উচিত।'

বাংগালুৰু আৰু কেৰালাত গৈ কাম কৰি আছে মিয়া মুছলমানে !, এই সুবিধা দাস-কলিতা সকলকো লবলৈ কলে মুখ্যমন্ত্ৰীয়ে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

14 Jul 2024 07:16 AM

ভাৰতৰ অন্য ৰাজ্যত অসমীয়া লোকৰ সংস্থাপনৰ বিষয়টোক আলোকপাত কৰিবলৈ গৈ অবৈধ অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই লগতে অসমৰ বাহিৰে ভাৰতৰ অন্য ৰাজ্যত অসমীয়া লোকসকলে চাকৰি বিচাৰি যোৱাটো ইতিবাচক কথা অভিহিত কৰে ।সমান্তৰালভালে অবৈধ অনুপ্ৰৱেশৰ সন্দৰ্ভত উদ্বেগক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এট পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘অসমৰ এটা বিশেষ সম্প্ৰদায়ে ৰাজ্যৰ বাহিৰলৈ গৈ আন চহৰত কাম কৰি আছে। আমাৰ আন সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক সোঁৱৰাই দিব বিচাৰিছো যে, ভাৰত সকলোৰে অন্তৰ্গত আৰু ইয়াৰ উন্নয়নৰ পৰা প্ৰতিটো সম্প্ৰদায়ে উপকৃত হোৱা উচিত।’

তেওঁ কয়, ‘অসমীয়া যুৱক-যুৱতীয়ে বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱাটো এটা ইতিবাচক কথা । কিন্তু দেখিছো,আমাৰ অসমৰ পৰা যোৱা বহু মিয়া মানুহে বাংগালুৰু আৰু কেৰালাত কৰ্মসংস্থাপনৰ জৰিয়তে বসতি স্থাপন কৰিছে। তেওঁলোকে নিজৰ কাম অব্যাহত ৰাখিছে।” এই ক্ষেত্ৰত ভাৰতৰ উদ্যোগিক বিকাশৰ সুবিধা আজি কোনে লৈ আছে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

হিন্দু ৰাইজে এই সুবিধাসমূহ গ্ৰহণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, কেৰালালৈ গ’লে বৰপেটাৰ ল’ৰা-ছোৱালীক লগ পাওঁ। এইবাৰ কেৰালালৈ যাওঁতে মোৰ ওচৰলৈ কিছুমান যুৱকে আহি ক’লে, ‘আমি বৰপেটাৰ, জনিয়াৰ’। ভাৰত আমাৰ, গতিকে অনুপ্ৰৱেশকাৰী মুছলমান লোকৰ সলনি হিন্দু ৰাইজে এই সুবিধাসমূহ গ্ৰহণ কৰিলে কি ভুল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইফালে চাকৰিৰ সুযোগৰ বাবে অসমৰ পৰা আন ৰাজ্যলৈ লোকৰ স্থানান্তৰক আদৰণি জনাই তেওঁ কয়,”সিহঁতে চাকৰিৰ প্ৰতিশ্ৰুতি দি যদি মানুহৰ সৰবৰাহ কৰিছে, সেয়া বেলেগ কথা। ইয়াৰ পৰা কোনোবাই যদি কাম কৰিবলৈ গৈছে তেন্তে আমি সেইটোক আদৰি লোৱা উচিত। ধৰি লওক ইয়াত ৩০০০ টকা উপাৰ্জন নাপায়, তাত ২০ হাজাৰ টকাত চাকৰি পাব। ভাৰতখন আমাৰে হয়।”

কিন্তু ইয়াৰ সুয়োগ গ্ৰহণ কৰিছে ৩০-৪০ বাংলাদেশৰ পৰা অহা মছুলমান লোক সকলে । তেওঁ কয়, ৩০-৪০ বছৰ আগতে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ কৰা সকলে হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, বাংগালুৰুলৈ গৈ এই সুবিধা লৈ আছে। ইয়াৰ ঠাইত দাস, কলিতা সকলেও সুবিধা গ্ৰহণ কৰিব লাগে । ই কোনো বেয়া কথা নহয় বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ