5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Illegal Immigration : বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ সৈতে মোকাবিলাত পশ্চিম বংগৰ সহযোগিতাৰ প্ৰয়োজন : হিমন্ত

বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অসম আৰু ত্ৰিপুৰা চৰকাৰে ইতিমধ্যে সীমান্ত বাহিনীৰ সৈতে একেলগে কাম কৰি আছে । কিন্তু এই ক্ষেত্ৰত পশ্চিম বংগৰো সহযোগিতা প্ৰয়োজন হ’ব । তেওঁ কয় যে, পশ্চিম বংগই সহযোগিতা কৰিলেহে সুসংগঠিত প্ৰচেষ্টাৰে অনুপ্ৰৱেশ ৰোধ কৰিব পৰা যাব ।

Illegal Immigration : বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ সৈতে মোকাবিলাত পশ্চিম বংগৰ সহযোগিতাৰ প্ৰয়োজন : হিমন্ত
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 27 Oct 2024 17:47 PM

বাংলাদেশীৰ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ আজি পুনৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ হোৱাৰে পৰা বাংলাদেশৰ নাগৰিকে অবিৰতভাৱে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি আছে । এই অনুপ্ৰৱেশত বাধা দিয়াৰ বাবে বাংলাদেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহে নিজৰ লগতে বি এছ এফৰ সৈতে সমন্বয় সাধন কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

আজি কেবিনেট বৈঠকৰ পাছত সম্বোধন কৰা সংবাদমেলত বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অসম আৰু ত্ৰিপুৰা চৰকাৰে ইতিমধ্যে সীমান্ত বাহিনীৰ সৈতে একেলগে কাম কৰি আছে । কিন্তু এই ক্ষেত্ৰত পশ্চিম বংগৰো সহযোগিতা প্ৰয়োজন হ’ব । তেওঁ কয় যে, পশ্চিম বংগই সহযোগিতা কৰিলেহে সুসংগঠিত প্ৰচেষ্টাৰে অনুপ্ৰৱেশ ৰোধ কৰিব পৰা যাব ।

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে,অসম আৰু ত্ৰিপুৰাত বাধা পোৱাৰ পাছত যদি অনুপ্ৰৱেশকাৰীয়ে পশ্চিম বংগৰে অনুপ্ৰৱেশ কৰে তেন্তে সেয়া দেশৰ বাবে ক্ষতি হ’ব । এই সম্ভাৱনা নুই কৰিব নোৱাৰি । গতিকে পশ্চিম বংগও অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ আৰম্ভ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি কয় যে, ৰাজ্য চৰকাৰসমূহে অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰিব লাগিব । ইতিমধ্যে অসম আৰু ত্ৰিপুৰাই এই কাম কৰি আছে। তেওঁ কয় যে,একাংশ অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ আন ৰাজ্যৰ সীমান্তৰে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । কিয়নো নিজৰ দেশৰ পৰা অধিক লোকক আনিবলৈ বাংলাদেশলৈ উভতি যোৱা অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰা হৈছে । যিটো ঘটনাই আন ৰাজ্যৰে বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ থকা বিষয়টো স্পষ্ট কৰে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

১৩৮ জন অনুপ্ৰৱেশকাৰীক চিনাক্ত

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বি এছ এফৰ সৈতে যৌথভাৱে আৰু নিজাববীয়াকৈ চলোৱা অভিযানত বিগত দুমাহত ৰাজ্য আৰক্ষীয়ে ১৩৮জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা উভতাই পঠাবলৈ সক্ষম হৈছে । লগতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই লোকসকলৰ ভিতৰত এজনো হিন্দু নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই । হিন্দু-বঙালীয়ে ভাৰতলৈ আহিবলৈ চেষ্টা কৰাৰ বুলি যি ধাৰণা কৰা হৈছে সেই ধাৰণা ভুল বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

তেওঁ কয় যে,’বেছি সংখ্যক ৰোহিংগীয়াই ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহ সজাগ হৈ থাকিব লাগিব আৰু বিএছএফৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব। অসম আৰু ত্ৰিপুৰাই ইতিমধ্যে কৰি আছে। বংগ চৰকাৰেও যদি অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ প্ৰচেষ্টা আৰম্ভ কৰে, তেন্তে সেয়া এক সু-সংগঠিত প্ৰচেষ্টা হ’ব।’

Latest News