শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘অতি ঘৃণনীয় আৰু নিন্দাজনক !’ ইউনুছে বাংলাদেশক সাগৰীয় অভিভাৱক বুলি অভিহিত কৰাকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে কয় যে, অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰে নিজকে অঞ্চলটোৰ “একমাত্ৰ সাগৰৰ অভিভাৱক” বুলি অভিহিত কৰিছে । তেওঁৰ এই মন্তব্যক অতি ঘৃণনীয় আৰু নিন্দাজনক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

‘অতি ঘৃণনীয় আৰু নিন্দাজনক !’ ইউনুছে বাংলাদেশক সাগৰীয় অভিভাৱক বুলি অভিহিত কৰাকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 01 Apr 2025 13:03 PM

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে উত্তৰ পূব ভাৰতৰ ৭ খন ৰাজ্যক লৈ কৰা মন্তব্য আৰু বাংলাদেশক সাগৰীয় অভিভাৱক বুলি অভিহিত কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে কয় যে, অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰে নিজকে অঞ্চলটোৰ “একমাত্ৰ সাগৰৰ অভিভাৱক” বুলি অভিহিত কৰিছে । তেওঁৰ এই মন্তব্যক অতি ঘৃণনীয় আৰু নিন্দাজনক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে, ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ স্থলভূমিৰে আবৃত । ই এক সুযোগ হিচাপে প্ৰমাণিত হ’ব পাৰে । গতিকে এই ৰাজ্য কেইখনৰ সৈতে বাংলাদেশৰ জৰিয়তে সাগৰীয় সংযোগৰ বাবে চীনক আমন্ত্ৰণ জনাইছে মহম্মদ ইউনুছে । লগতে অঞ্চলটোৰ সৈতে সাগৰৰ প্ৰত্যক্ষ সংযোগ নাই, গতিকে বাংলাদেশক অঞ্চলটোৰ সাগৰীয় অভিভাৱক বুলি অভিহিত কৰে মহম্মদ ইউনুছে । শেহতীয়াকৈ ইউনুছে চীন ভ্ৰমণৰ সময়ত কৰা এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

বাংলাদেশৰ মুৰব্বীগৰাকীৰ এই বিতৰ্কিত মন্তব্য পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনুছে উত্তৰ-পূব ভাৰতৰ ‘সাত ভনী’ ৰাজ্যক স্থলভূমিৰে আবদ্ধ বুলি উল্লেখ কৰি বাংলাদেশক তেওঁলোকৰ সাগৰীয় প্ৰৱেশৰ অভিভাৱক হিচাপে স্থান দিয়া বক্তব্য আপত্তিজনক আৰু অতি নিন্দনীয়। তেওঁ লগতে কয় যে, ইউনুছৰ এনে মন্তব্যক সহজভাৱে ল’ব নালাগে, কিয়নো ইয়াৰ দ্বাৰা গভীৰ কৌশলগত আৰু দীৰ্ঘদিনীয়া এজেণ্ডা প্ৰতিফলিত হয়।

বাংলাদেশক অঞ্চলটোৰ “একমাত্ৰ সাগৰৰ অভিভাৱক” বুলি অভিহিত কৰি ইউনুছে কয় যে, এইটো এক বৃহৎ সুযোগ হ’ব পাৰে আৰু বাংলাদেশৰ জৰিয়তে বাণিজ্যিক সাগৰীয় সংযোগ সম্প্ৰসাৰণ কৰিব পাৰে চীনে । “ভাৰতৰ পূব অংশৰ সাতখন ৰাজ্যক সাত ভনী বুলি কোৱা হয়। ভাৰতৰ এই অঞ্চলটো স্থলভূমিৰে আবৃত। সাগৰীয় সংযোগৰ বাবে প্ৰত্যক্ষ কোনো উপায় নাই।” এইদৰে কয় মহম্মদ ইউনুছে ।

মুখ্যমন্ত্ৰী শৰ্মাই আঙুলিয়াই দিয়ে যে, এই মন্তব্যই “ভাৰতৰ কৌশলগত চিকেন নেক কৰিডৰৰ সৈতে জড়িত স্থায়ী দুৰ্বলতাক আলোকপাত কৰে। তেওঁ কয়, “ই ঐতিহাসিকভাৱে ভাৰতৰ ভিতৰৰ আভ্যন্তৰীণ উপাদানসমূহে এই জটিল পথটো বিচ্ছিন্ন কৰি উত্তৰ-পূবক মূল ভূখণ্ডৰ পৰা ভৌগোলিকভাৱে পৃথক কৰাৰ বাবে বিপজ্জনক পৰামৰ্শ দিছে। সেয়েহে চিকেন নেক কৰিডৰৰ তলত আৰু চাৰিওফালে অধিক শক্তিশালী ৰেলপথ আৰু পথ নেটৱৰ্ক গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।”

ইয়াৰ উপৰিও ফলপ্ৰসূভাৱে চিকেন নেকক বাইপাছ কৰি উত্তৰ-পূবক মূল ভাৰতৰ সৈতে সংযোগ কৰা বিকল্প পথসমূহ অন্বেষণ কৰাত অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই । অঞ্চলটোৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে।