ৰাজ্যৰ ৪ হাজাৰ “ফৰেষ্ট ভিলেজ”ত নাই টেলিকম সেৱা ! কেন্দ্ৰক কি আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক গাঁৱক বনাঞ্চলত অৱস্থিত গাঁও হিচাপে শ্ৰেণীভুক্ত কৰা বাবে সংযোগৰ ক্ষেত্ৰত ডাঙৰ সমস্যা সৃষ্টি হোৱা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ডিজিটেল ট্ৰেন্সমিছনৰ যুগত সংযোগ হৈছে প্ৰগতিৰ জীৱনৰেখা আৰু অসমে এই বিপ্লৱৰ নেতৃত্ব দি ৰাজ্যত দ্ৰুত প্ৰগতি সাধন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

ৰাজ্যৰ ৪ হাজাৰৰো অধিক “ফৰেষ্ট ভিলেজ”ত টেলিকম সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজনীয় আইনগত পৰিৱৰ্তন আনিবলৈ কেন্দ্ৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ উপস্থিতিত ‘এডভান্টেজ আছাম ২.০’ শীৰ্ষক সন্মিলনৰ এক অধিবেশনত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই ভৱিষ্যতে অসমত বিনিয়োগ কৰাৰ সম্ভাৱনা থকা বিপিঅ’ সমূহক নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ কেন্দ্ৰক উন্নত তথ্য সংযোগ প্ৰদানৰ বাবেও অনুৰোধ জনায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমত ৪ হাজাৰ “ফৰেষ্ট ভিলেজ” আছে, কিন্তু বৰ্তমানৰ নিষেধাজ্ঞাৰ বাবে এইবোৰ মোবাইল সেৱাৰ পৰা বঞ্চিত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছো যে, যদি কেন্দ্ৰই “ফৰেষ্ট ভিলেজ” সমূহলৈ মোবাইল সংযোগ প্ৰদানৰ বাবে আইন আনে, তেন্তে সেইবোৰো ডিজিটেলভাৱে সংযোগ কৰা হ’ব।”
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক গাঁৱক বনাঞ্চলত অৱস্থিত গাঁও হিচাপে শ্ৰেণীভুক্ত কৰা বাবে সংযোগৰ ক্ষেত্ৰত ডাঙৰ সমস্যা সৃষ্টি হোৱা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ডিজিটেল ট্ৰেন্সমিছনৰ যুগত সংযোগ হৈছে প্ৰগতিৰ জীৱনৰেখা আৰু অসমে এই বিপ্লৱৰ নেতৃত্ব দি ৰাজ্যত দ্ৰুত প্ৰগতি সাধন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
তথ্যৰ ক্ৰমবৰ্ধমান চাহিদাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত এআই সক্ষম ডাটা চেণ্টাৰ আৰু এইচডিএফচিৰ অনুৰূপ সুবিধা স্থাপনৰ ঘোষণাৰ উদাহৰণ দাঙি ধৰে আৰু তেওঁ কয় যে, এই ক্ষেত্ৰত দ্ৰুত গতিত তথ্যৰ প্ৰয়োজনীয়তা থাকিব।
তেওঁ কয় যে, যিহেতু বিপিঅ’সমূহে Tier-I চহৰৰ পৰা Tier-II আৰু Tier-III স্তৰৰ চহৰলৈ ঘাটি স্থানান্তৰিত কৰিছে । আগন্তুক দুই-তিনি বছৰত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ দৰে চহৰত কেইবাটাও বিপিঅ’ হ’ব আৰু তাৰ ফলস্বৰূপে দ্ৰুত গতিত তথ্যৰ প্ৰয়োজনীয়তা আহিব।
শৰ্মাই কয় যে, “সেয়েহে মই কেন্দ্ৰীয় মন্ত্ৰীক অনুৰোধ কৰিছো যে বংগোপসাগৰৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে অপটিকেল ফাইবাৰ অনাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰক। এবাৰ বাস্তৱায়িত হ’লে ই অসমত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত গেম-চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব।”
তেওঁ লগতে উল্লেখ কৰে যে, অসম চৰকাৰৰ ২৫,২৫০ খন গাঁও অপটিকেল ফাইবাৰেৰে সংযোগ কৰাৰ এক অভিলাষী পৰিকল্পনা আছে আৰু সেই অনুসৰি সিন্ধিয়াক তেওঁৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনায় যাতে কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধাৰ্থে প্ৰকল্পটো অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা যায়।