শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাস্থ্যখণ্ডত উল্লেখ্যযোগ্য অগ্ৰগতি, মুকলি হ’ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা, আৰম্ভ হ’ল মেগা কেন্সাৰ পৰীক্ষণ কাৰ্যসূচী…

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ সেৱা মুকলি কৰে । ইয়াৰ ভিতৰত আছে ই প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বৰ্হিঃবিভাগ সেৱা, মানৱ সম্পদ(HR) ব্যৱস্থাপনা প'ৰ্টেল, মেগা কেন্সাৰ স্ক্ৰীনিং কাৰ্যসূচী ।

স্বাস্থ্যখণ্ডত উল্লেখ্যযোগ্য অগ্ৰগতি, মুকলি হ’ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা, আৰম্ভ হ’ল মেগা কেন্সাৰ পৰীক্ষণ কাৰ্যসূচী…
অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Published: 02 Feb 2025 00:35 AM

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বৰ্হিঃবিভাগ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে । ইয়াক লগতে স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ৰাজ্য়ৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে মানৱসম্পদ ব্যৱস্থাপনা ব্যৱস্থাৰ প্ৰৰ্টেল(Human Resource Management System) উন্মোচন কৰে । একে সময়তে ১ কোটি কৰ্কট ৰোগী পৰীক্ষণৰ বাবে ভাৰতী এয়াৰটেল গ্ৰুপৰ কোম্পানী ইণ্ডাচ টাৱাৰ আৰু অসম কৰ্কট পাইণ্ডেচনৰ মাজত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, শনিবাৰে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্য়ালয় আৰু চিকিৎসালয়ৰ বৰ্হিঃবিভাগ মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস দিছে যে, ২০২৯ চনত অসমত মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত নতুনকৈ চিকিৎসা মহাবিদ্য়ালয়ৰ বাবে বাজেটত ধন আবণ্টন দিয়া হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমত ১৪ খন চিকিৎসা মহাবিদ্যালৰয়ৰ লগতে এখন এইমছকে ধৰি স্বাস্থ্যখণ্ড দ্ৰুতগতিত আগবাঢ়িছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়ে যে,৪৯৬ কোটি টকা ব্যয়েৰে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্য়ালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে । ৫০০ আসনযুক্ত চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ৰ পৰিপূৰক হিচাপে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে বুলি কয় মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

ইফালে চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী ছুটিৰ আৱেদনকে ধৰি চাকৰি সংক্ৰান্তীয় যি কোনো সমস্যা সমাধানৰ বাবে মানৱ সম্পদ ব্য়ৱস্থাপনা পৰ্টেল মুকলিৰ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, ৰাজ্য়ৰ চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰীসকলৰ বাবে ২.৫ কোটি টকা ব্য়য় সাপেক্ষে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা প’ৰ্টেলটো মুকলি কৰা হয় । তেওঁ লগতে জানিবলৈ দিয়ে যে, বৰ্তমান ৰাজ্য ১৪ খন চিকিৎসা মহাবিদ্যালয়ৰ ১০,৬০০ গৰাকী নিয়মীয়া কৰ্মচাৰীৰ তথ্য প’ৰ্টেলটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

তদুপৰি মুখ্যমন্ত্ৰীয়ে শনিবাৰৰ দিনটোত ৰাজ্যত ১ কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্য়ৰে মেগা স্ক্ৰীনিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে মুখ্য়মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, ভাৰতী এয়াৰটেল গ্ৰুপৰ কোম্পানী ইণ্ডাছ টাৱাৰে ৰাজ্য় ৯ খন জিলাত কৰ্কট ৰোগৰ পৰীক্ষাৰ বাবে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্য়নক ২.৪৩ কোটি টকা প্ৰদানৰ এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

তেওঁ কয়, এই পুঁজিৰে মেগা স্ক্ৰীনিং শিৱিৰৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰাটো নিশ্চিত কৰিছে । লগতে অসম চৰকাৰ আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এই কাৰ্যসূচীত সহযোগিতা কৰাৰ বাবে কোম্পানী সামাজিক দায়বদ্ধতা অংশীদাৰীসকলক ৰাজ্যবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।