Advantage Assam 2.0 : উদ্দেশ্য এডভান্টেজ আছামক উপস্থাপন কৰা ! ৩ দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত উপস্থিত হ’ল মুখ্যমন্ত্ৰী
এডভান্টেজ আছাম ছামিট ২.০ৰ প্ৰতি বিনিয়োগকাৰী আৰু উদ্যোগপতিক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দেওবাৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণ কালত দুয়োখন দেশৰ বিনিয়োগকাৰী আৰু উদ্যোগপতি সকলক সাক্ষাৎ কৰিব মুখ্য়মন্ত্ৰী শৰ্মাই ।
চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ছামিট ২.০ৰ প্ৰতি বিনিয়োগকাৰী আৰু উদ্যোগপতিক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দেওবাৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণ কালত দুয়োখন দেশৰ বিনিয়োগকাৰী আৰু উদ্যোগপতি সকলক সাক্ষাৎ কৰিব মুখ্য়মন্ত্ৰী শৰ্মাই । লগতে এডভান্টেজ আছাম ছামিট ২.০ ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব ।
ইফালে এডভান্টেজ আছাম ছামিট ২.০ উপস্থাপন কৰা ৰোডশ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই । দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘নমস্কাৰ দক্ষিণ কোৰিয়া । আজিৰ পৰা আৰম্ভ হোৱা মোৰ ৩ দিনীয়াৰ ভ্ৰমণৰ সময়ছোৱাত এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ পূৰ্বে অসমৰ সম্ভাৱনাসমূহ উপস্থাপন কৰিবলৈ আৰু ঔদ্যোগিক নেতা আৰু সংস্থাসকলৰ সৈতে ফলপ্ৰসূ আলোচনা কৰিবলৈ ছিউলত উপস্থিত হৈছোঁহি। ভাৰত-দক্ষিণ কোৰিয়া উভয় দেশৰ মাজৰ উমাল সম্পৰ্কক আগবঢ়াই নিবলৈও আমি প্ৰতিশ্ৰুতিবদ্ধ।’
HCM Dr @himantabiswa has embarked on a 5 day visit to South Korea and Japan. HCM will be attended the #AdvantageAssam2 road shows in Seoul from Jan 19 to Jan 21 and in Tokyo from Jan 21 to 24. #AdvantageAssam2 road shows are underway/ will be held across 8 countries in Jan and… https://t.co/akYPEvi3iA
— Chief Minister Assam (@CMOfficeAssam) January 18, 2025
ইয়াৰ লগতে পাঁচদিনৰ ভিতৰত এছিয়াৰ দুয়োখন দেশ ভ্ৰমণ কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পূৰ্বে পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ছিউল আৰু টকিঅ’ ভ্ৰমণ কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী এই ভ্ৰমণৰ উদ্দেশ্য হৈছে এডভান্টেজ আছাম ছামিট ২.০ ৰ বিষয়বস্তু দুয়োখন দেশৰ বিনিয়োগকাৰী আৰু উদ্যোগপতি সকলৰ আগত দাঙি ধৰা ।
ইয়াৰ সমান্তৰালভাৱে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ আৰু প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচি শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । ইফালে, সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫ দিনীয়া কাৰ্যসূচীলৈ দক্ষিণ কোৰিয়া আৰু জাপানলৈ ভ্ৰমণ কৰিছে । ১৯ৰ পৰা ২১ জানুৱাৰীলৈ ছিউলত আৰু ২১ৰ পৰা ২৪ জানুৱাৰীলৈ টকিঅ’ত এডভান্টেজ আছাম ২.০ ৰ ৰোডশ্ব’ত অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ।
এডভান্টেজ আছাম ২.০ ক লৈ ২০২৫ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৮ খন দেশত ৰোডশ্ব’ অনুষ্ঠিত হ’বও বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । ২৫-২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম কনক্লেভৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।