টিকটৰ নামত ধনৰ লেনদেন ! APCC য়ে গঠন কৰিলে তিনিজনীয়া তদন্ত কমিটী, কি কি বিষয়ত কৰিব তদন্ত ?
টিকটৰ নামত ধনৰ লেনদেন, দুৰ্নীতি, আভ্যন্তৰীণ খেলিমেলি, গুৰুতৰ অসৎ আচৰণৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত সমিতি গঠন কৰিছে। এই পদক্ষেপে দলটোৰ আভ্যন্তৰীণ অনুশাসন, স্বচ্ছতা আৰু জবাবদিহিতাৰ ক্ষেত্ৰত দলটোৰ দৃঢ় স্থিতিক প্ৰতিফলিত কৰিছে ।

পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ নামত ধনৰ লেনদেন, দুৰ্নীতি, আভ্যন্তৰীণ খেলিমেলি, গুৰুতৰ অসৎ আচৰণৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত সমিতি গঠন কৰিছে। এই পদক্ষেপে দলটোৰ আভ্যন্তৰীণ অনুশাসন, স্বচ্ছতা আৰু জবাবদিহিতাৰ ক্ষেত্ৰত দলটোৰ দৃঢ় স্থিতিক প্ৰতিফলিত কৰিছে ।
প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ নিৰ্দেশ অনুসৰি, প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক কমিটীখনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত দলৰ সদস্যৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়া হৈছে কমিটীখনক।
উল্লেখ্য যে, এই তিনিজনীয়া কমিটীখনত আছে পৱন সিং ঘাটোৱাৰৰ লগতে আৰ পি শৰ্মা আৰু ববিতা শৰ্মা । এই সমগ্ৰ বিষয়টো তীক্ষ্ণ দৃষ্টি ৰাখিছে AICC য়ে ।
সমিতিখনক ডাঙৰ দায়িত্ব অৰ্পণ কৰা হৈছে । কমিটীখনে পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত দলটোৱে লাভ কৰা সকলো অভিযোগৰ তদন্ত কৰিব । টিকট বিতৰণৰ অনিয়ম, টিকটৰ বিপৰীতে নগদ ধনৰ চুক্তিৰ অভিযোগ, বিৰোধী প্ৰাৰ্থীক ইচ্ছাকৃতভাৱে ৱাকঅভাৰ দিয়া, মনোনয়ন অস্পষ্ট প্ৰত্যাহাৰ আৰু দল বিৰোধী বুলি গণ্য কৰা আন যিকোনো কামৰ সৈতে জড়িত অভিযোগৰ তদন্ত কৰিব কমিটীখনে।
কমিটীয়ে নিজৰ তথ্যৰ বিশদ প্ৰতিবেদন এআইচিচিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু এপিচিচিৰ সভাপতি উভয়কে দাখিল কৰিব পাৰে । জমা দিয়াৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৭ মে’ত নিৰ্ধাৰণ কৰা হৈছে। অহা ৭ মে’ৰ ভিতৰত কমিটীখনে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । অসম প্ৰদেশ কংগ্ৰেছে এই কথাও স্পষ্ট কৰিছে যে,অভিযোগত দোষী সাব্যস্ত হোৱা দলৰ ব্যক্তিসকলে কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।