5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ প্ৰদেশ কংগ্ৰেছৰ…এসপ্তাহৰ ভিতৰত নিযুক্তি দিয়া হ’ব জিলা পৰ্যায়ৰ সভাপতি !

যোৱা লোকসভা নিৰ্বাচন আৰু বিধানসভা উপ-নিৰ্বাচনৰ ফলাফল আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য সাংগঠনিক দিশ শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে অসম প্ৰদেশ কংগ্ৰেছে ।  বিশেষকৈ সাংগঠনিক দিশ শক্তিশালি কৰাৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে নতুন কৌশল ৰচনা কৰা ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ প্ৰদেশ কংগ্ৰেছৰ…এসপ্তাহৰ ভিতৰত নিযুক্তি দিয়া হ’ব জিলা পৰ্যায়ৰ সভাপতি !
পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ
manas-borah
Manas Borah | Updated On: 16 Dec 2024 13:26 PM

ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই সাংগঠনিক দিশত অধিক সক্ৰিয়তাৰে কাম কৰাৰ পৰিলক্ষিত হৈছে । যোৱা লোকসভা নিৰ্বাচন আৰু বিধানসভা উপ-নিৰ্বাচনৰ ফলাফল আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য সাংগঠনিক দিশ শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে অসম প্ৰদেশ কংগ্ৰেছে ।  বিশেষকৈ সাংগঠনিক দিশ শক্তিশালি কৰাৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে নতুন কৌশল ৰচনা কৰা ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

শেহতীয়াকৈ গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । সূত্ৰ খবৰ অনুসৰি, এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে সাংগঠনিক দিশটোৰ ওপৰত বিশদভাৱে আলোচনা কৰে । তদুপৰি এই বৈঠকতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কি কৌশল গ্ৰহণ কৰিব তাৰ ওপৰত আলোচনা কৰা হৈছিল । প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল এই বৈঠক ।

সাংগঠনিক দিশত কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে ?

প্ৰায় ৬ ঘণ্টা ধৰি চলা বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত এটা হৈছে এসপ্তাহৰ ভিতৰত প্ৰদেশ কংগ্ৰেছে জিলা পৰ্যায়ৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিসমূহ গঠন কৰিব । এই সমিতিসমূহৰ মূল কাম হ’ব-নিজ নিজ জিলাৰ দলীয় কাৰ্যকলাপ মূল্যায়ন কৰা আৰু এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰা । ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ সংযোগ সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ আন এটা ডাঙৰ সিদ্ধান্ত হৈছে নতুনকৈ সৃষ্টি হোৱা সমষ্টিসমূহৰ বাবে ব্লক পৰ্যায়ৰ সভাপতি নিযুক্তি দিয়া। এই নিযুক্তিসমূহ জিলা পৰ্যায়ৰ সমিতিসমূহে চূড়ান্ত কৰিব লাগিব আৰু অনুমোদনৰ বাবে ৰাজ্যিক সমিতিৰ ওচৰত দাখিল কৰিব লাগিব । এই সভাপতি সমূহৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ অৰ্হতাৰ কথা উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰা মতে, নতুনকৈ নিযুক্তি পোৱা ব্লক সভাপতিসকলৰ বয়স ৫০ বছৰৰ তলৰ হ’ব লাগিব । বৰ্তমান এই ভূমিকাত থকা ব্যক্তিসকলে এই বয়সতকৈ অধিক কাৰ্যকাল অব্যাহত ৰাখিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে ?

ইফালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চোৱাচিতা কৰিবলৈ প্ৰদেশ কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুন বৰা আৰু জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকনকে ধৰি এখন সমিতি গঠন কৰে । য’ত সাধাৰণ সম্পাদক সঞ্জু বৰুৱাক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হয়। এই সমিতিয়ে পঞ্চায়ত নিৰ্বাচনী প্ৰাৰ্থীৰ বাবে পৰামৰ্শ লিখিতভাৱে দাখিল কৰিব লাগিব । নিৰ্বাচনী ফলাফলৰ বাবে প্ৰস্তাৱকসকল জবাবদিহি হ’ব লাগিব বুলিও এপিচিচিয়ে স্পষ্ট কৰি দিছে ।

ইয়াৰ সমান্তৰালভাৱে পঞ্চায়ত আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মিত্ৰতাৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ সমিতিসমূহক বিজেপি বিৰোধী দলসমূহৰ সৈতে অংশীদাৰিত্বৰ সন্ধান কৰিবলৈ দায়িত্ব দিয়া হৈছিল । কিন্তু এই ক্ষেত্ৰত স্থানীয় জটিলতাৰ ওপৰত সূক্ষ্ম আলোচনাৰ প্ৰয়োজন হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই সদৰী কৰিছে ।

ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ পৰিকল্পনা প্ৰদেশ কংগ্ৰেছৰ

সূত্ৰৰ খবৰ অনুসৰি, স্থানীয় চাহ জনজাতিৰ লগতে অন্য়ান্য খিলঞ্জীয়া জনগোষ্ঠীৰ গোটৰ পৰা জিলা পৰ্যায়ৰ সভাপতি নিযুক্তি দিয়াৰ ওপৰত গুৰুত্ব দিছে প্ৰদেশ কংগ্ৰেছে । সমান্তৰালভৱে ডিজিটেল সদস্যপদ অভিযানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে । একেদৰে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে কমিতিয়ে ।

Latest News