Bhupen kumar Borah : লক্ষ্য ২০২৬ ! ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ বিষয়ববীয়া সালসলনি কৰিব প্ৰদেশ কংগ্ৰেছে…
দলৰ সাংগঠনিক দিশটোক অধিক শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । দেওবাৰে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে,অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ সকলো বিষয়ববীয়া সালসলনি কৰিব।
লক্ষ্য ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচন । এইলৈ দলৰ সাংগঠনিক দিশটোক অধিক শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । দেওবাৰে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে,অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ সকলো বিষয়ববীয়া সালসলনি কৰিব। পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, বিগত তিনি বছৰৰ তেওঁলোকৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ মূল্যায়নৰ পাছতে দলৰ প্ৰায় ৯০ শতাংশ বিষয়ববীয়াক সলনি কৰা হ’ব।
উল্লেখ্য যে, আজি ২০২৫ চনৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । সংবাদমেলৰ পাছতে তেওঁ কয়, ‘অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ ওপৰত চকু ৰাখি দলটোক শক্তিশালী কৰাৰ বাবে ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ বিষয়ববীয়া সালসলনি কৰা হ’ব।’ ইয়াৰ লগতে অসম কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ইয়াৰ বাবে দলৰ প্ৰস্তুতিৰ বিষয়েও কিছু কথা উল্লেখ কৰে।
ৰাজ্যিক পৰ্যায়ত কোনো মিত্ৰতা নহ’ব যদিও আন বিৰোধী দলৰ সৈতে মিত্ৰতাৰ সিদ্ধান্ত ল’বলৈ জিলা ইউনিটসমূহক কৰ্তৃত্ব প্ৰদান কৰা হৈছে বুলিও বৰাই জানিবলৈ দিয়ে । ২০২৬ চনত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুতি চলোৱাৰ কথাও উল্লেখ কৰি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে বছৰটোৰ ভিতৰত পৰিকল্পিত কেইবাখনো ‘যাত্ৰা’কে ধৰি বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে দাঙি ধৰে।
তেওঁ লগতে কয় যে, দলটোৱে সম্ভাৱ্য প্ৰাৰ্থীসকলক প্ৰায় ৮-৯ মাহৰ আগতে ইংগিত দিব যাতে তেওঁলোকে নিজৰ সমষ্টি প্ৰস্তুত কৰিব পাৰে। ভূপেন বৰাই লগতে কয় যে, কংগ্ৰেছে ৰাজ্যত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলক একত্ৰিত কৰি শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক পৰাস্ত কৰিবলৈ চেষ্টা কৰিব।