ছত্তীশগড়ত চৰম সিদ্ধান্ত অসমৰ নিবাসী এজন চিআৰপিএফ জোৱানৰ
অসমৰ নিবাসী এজন ৪৪ বছৰীয়া চিআৰপিএফৰ জোৱানে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, ছত্তীশগড়ৰ চুকমা জিলাত সংঘটিত হৈছে এই ঘটনা । শনিবাৰে চিআপিএফৰ জোৱানজনে নিজৰ সেৱা অস্ত্ৰৰে নিজৰ ওপৰত গুলীচালনা কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ছত্তীশগড়ত কৰ্মৰত হৈ থকা অসমৰ নিবাসী এজন ৪৪ বছৰীয়া চিআৰপিএফৰ জোৱানে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, ছত্তীশগড়ৰ চুকমা জিলাত সংঘটিত হৈছে এই ঘটনা । শনিবাৰে চিআপিএফৰ জোৱানজনে নিজৰ সেৱা অস্ত্ৰৰে নিজৰ ওপৰত গুলীচালনা কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে । পুৱা গাদিৰাছৰ ২২৬ নং বেটেলিয়নৰ এটা শিবিৰত এই ঘটনাটো সংঘটিত হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । তেওঁ নাম হৈছে বিপুল ভূঞা ।
সূত্ৰ অনুসৰি, হেড কনিষ্টবল বিপুল ভূঞাই বাথৰুমৰ ভিতৰত এ কে ৪৭ ৰাইফলেৰে নিজকে গুলীয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। গুলী শব্দ শুনি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় কেম্পটোৰ আন জোৱানসকল । তেওঁলোকে ভূঞাক চিকিৎসালয়লৈ লৈ যায় যদিও তেতিয়ালৈ তেওঁৰ মৃত্যু হয় । জানিব পৰা মতে, অসমৰ বাসিন্দা বিপুল ভূঞাই দুদিন পূৰ্বে ছুটীৰ অন্তত পুনৰ কৰ্তব্যত যোগদান কৰিছিল ।
কিয় ভূঞাই এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা এতিয়াও জানিব পৰা নাই । সেই ঠাইত কোনো তথ্য বা কোনো ধৰণ কথা লিখি যোৱা নাই বিপুল ভূঞাই । এই চৰম পদক্ষেপৰ কাৰণ জানিবলৈ তদন্ত চলি আছে বুলি এজন বিষয়াই জানিবলৈ দিছে । উল্লেখ্য যে, ছত্তীশগড়ত যোৱা তিনিমাহত নক্সাল বিৰোধী অভিযানত নিয়োজিত হৈ থকা অৰ্ধসামৰিক বাহিনীৰ জোৱানে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ এয়া পঞ্চমটো ঘটনা।
সূত্ৰ অনুসৰি,যোৱা ৩ ছেপ্টেম্বৰত কাংকেৰত SSBৰ এজন কনিষ্টবলে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে ২৭ আগষ্টত দুৰ্গ জিলাত আন এজন এছ এছ বি জোৱানে চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছিল। একেদৰে ২৬ আগষ্টত ডানটেৱাদাত চি আৰ পি এফৰ এজন হেড কনিষ্টবলে নিজৰ চাৰ্ভিচ অস্ত্ৰৰে নিজকে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ২০ জুনত কাংকেৰত একেদৰেই মৃত্যু হৈছিল সীমান্ত নিৰাপত্তা বাহিনীৰ এজন জোৱান ।
INPUT-PTI