অসমত চিনাক্ত ১.৬৬ লাখ ‘অবৈধ বিদেশী’, দেশৰ পৰা বিতাড়িত ৩০,০০০ ৰো অধিকক…

illegal foreigners Assam: অসমত প্ৰায় ১.৬৬ লাখ লোকক অবৈধ বিদেশী বুলি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৩০ হাজাৰৰো অধিক লোকক ইতিমধ্যে বিতাড়িত কৰা হৈছে। শেহতীয়াকৈ অসম বিধানসভাত এই কথা উল্লেখ কৰিছে চৰকাৰে।

অসমত চিনাক্ত ১.৬৬ লাখ অবৈধ বিদেশী, দেশৰ পৰা বিতাড়িত ৩০,০০০ ৰো অধিকক...

হিমন্ত বিশ্ব শৰ্মা

Published: 

20 Feb 2025 07:36 AM

অসম চুক্তিৰ নীতি অনুসৰি ৰাজ্যত প্ৰায় ১.৬৬ লাখ অনুপ্ৰৱেশকাৰীক অবৈধ বুলি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৩০,১০০ তকৈ অধিকলোকক ৰাজ্যৰ পৰা বিতাড়িত কৰা হৈছে। বুধবাৰে অসম বিধানসভাৰ অধিৱেশনত এই তথ্য প্ৰদান কৰে চৰকাৰে। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ এক প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰাই কয় যে, যোৱা বছৰৰ ৩১ ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অসমত অবৈধভাৱে বাস কৰি থকা ১,৬৫,৫৩১ জন অনুপ্ৰৱেশকাৰী ধৰা পৰিছে।

লগতে বৰাই কয়, এই অধিক সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীৰ ৩২,৮৭০ জন আহিছিল ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত লগতে ১,৩২,৬৬১ জন আহিছিল ১৯৭১ চনৰ পাছত। বৰ্তমান সময়লৈকে চৰকাৰে ৩০,১১৫ জন অবৈধ বিদেশীক অসমৰ পৰা বিতাড়িত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কোনো তথ্য প্ৰকাশ নকৰাকৈ এই কথা উল্লেখ কৰে।

উল্লেখ্য যে, ৬ বছৰ ধৰি চলা হিংসাত্মক বিদেশী বিৰোধী আন্দোলনৰ অন্তত ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হৈছিল। চুক্তিখনত  অন্যান্য দফাসমূহৰ লগতে এই কথা উল্লেখ কৰা হৈছিল যে ১৯৭১ চনৰ ২৫ মাৰ্চত বা তাৰ পিছত অসমলৈ অহা সকলো বিদেশীক চিনাক্ত কৰি নিৰ্বাচনী তালিকৰ পৰা বাহিৰ কৰা হ’ব। লগতে পৰৱৰ্তী সময়ত তেওঁলোকক দেশৰ পৰা বিতাড়িত কৰা হ’ব।

মন্ত্ৰী অতুল বৰাই লগতে কয় যে অসম চুক্তি সন্দৰ্ভত অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেনত ৬৭ টা পৰামৰ্শ দিয়া হৈছে। ইয়াৰে ৫২ টা পৰামৰ্শহে ৰাজ্য চৰকাৰৰ অধীনত আছে। বৰাই কয়, আমি এইকেইটা পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰিবলৈ আমি বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছো।

ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ সন্দৰ্ভত বৰাই অন্য এটা প্ৰশ্নৰ উত্তৰত কয় যে, চুবুৰীয়া দেশখনৰ সৈতে মুঠ ২৬৭.৫ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত ২২৮.৫৪১ কিলোমিটাৰত কাম সম্পূৰ্ণ হৈছে। মুঠ সীমান্তৰ ভিতৰত ১৭১.৫০৭ কিলোমিটাৰ স্থলপথত আৰু বাকী ৯৫.৯৯৩ কিলোমিটাৰ পানীত আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ মাজত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত আছুই কয় যে যেতিয়ালৈকে অসমত অসমীয়াৰ অধিকাৰ সুনিশ্চিত নহ’ব তেতিয়ালৈকে যুঁজ দিয়া হ’ব। খিলঞ্জীয়াৰ ভূমি অধিকাৰ, অসমীয়া ভাষা সন্দৰ্ভত এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তথ্য অনুসৰি, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ ক্ষেত্ৰত কেৱল মাত্ৰ অসম চৰকাৰৰ আওটাত ৪০ টা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়াকৈ ১২ টা আৰু কেৱল কেন্দ্ৰৰ আওটাত ১৫ টা কৰণীয় আছে। শেহতীয়াকৈ হৈ যোৱা বৈঠকত নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ ৩২ টা কৰণীয়া কাৰ্যকৰী কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?