5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘অসম এতিয়া দেশৰ উন্নয়নৰ আৰ্হি’, এই দাবী কৰি আৰু কি ক’লে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে, 'স্বচ্ছ আৰু কাৰ্যক্ষম' শাসনৰ বাবে উন্নয়নৰ এক আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসমে । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও সদৰী কৰিছে যে, যোৱা তিনিবছৰত আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্যসেৱা আৰু শিক্ষাকে ধৰি কেইবাটাও খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে অসমে ।

‘অসম এতিয়া দেশৰ উন্নয়নৰ আৰ্হি’, এই দাবী কৰি আৰু কি ক’লে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 14 Dec 2024 13:06 PM

দেশৰ উন্নয়নৰ এক মডেল হিচাপে পৰিগণিত হৈছে অসম । এক অনুষ্ঠানত এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ দাবী কৰিছে যে, ‘স্বচ্ছ আৰু কাৰ্যক্ষম’ শাসনৰ বাবে উন্নয়নৰ এক আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসমে । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও সদৰী কৰিছে যে, যোৱা তিনিবছৰত আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্যসেৱা আৰু শিক্ষাকে ধৰি কেইবাটাও খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে অসমে । লগতে বৰ্তমানৰ চৰকাখনে ‘নতুন অসম’ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

যোৰহাট জিলাৰ বাবে শিক্ষা, উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু বিত্ত আদি খণ্ডকে ধৰি কেইবাটাও পদক্ষেপ আৰম্ভ কৰাৰ পাছতে এই কথা সদৰী কৰিছে অসমৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, যোৱা বুধবাৰৰ পৰা অসম চৰকাৰৰ ‘১২ দিন উন্নয়ন’ কাৰ্যসূচীৰ চলি আছে । অসম চৰকাৰে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বঞ্চিত পৰিয়ালৰ শিশুৱেও চৰকাৰী চাকৰিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰি আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘১২ দিন উন্নয়ন’ পদক্ষেপৰ অংশ হিচাপে শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক যথেষ্ট সুবিধা প্ৰদানৰ বাবে তিনিখন আঁচনি গ্ৰহণ কৰিছে । আন বিভাগসমূহৰ অধীনত লোৱা পদক্ষেপেও অদূৰ ভৱিষ্যতে সমগ্ৰ ৰাজ্যৰ লাখ লাখ লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে তেওঁ আশা প্ৰকাশ কৰে যে,এই ব্যৱস্থাৰ দ্বাৰা ১০ লাখৰো অধিক পৰিয়াল প্রভাৱিত হোৱাৰ সম্ভাৱনা আছে ৷

এই কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই AMFIRS(Assam Microfinance Incentive and Relief Scheme) অধীনত ‘তৃতীয় শ্ৰেণী, দ্বিতীয় পৰ্যায়’ ঋণগ্ৰহণকাৰীক ২২৩.৩০ কোটি টকাৰ ‘no dues certificate’ আনুষ্ঠানিকভাৱে বিতৰণৰ শুভাৰম্ভ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত মুখ্যমন্ত্ৰী শৰ্মাই ৬,৮৬,৪৮৭টা পৰিয়ালক ৩৫.৩৮ কোটি টকা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আঁচনিৰ অংশ হিচাপে তেওঁ বীজ মূলধনও উপস্থাপন কৰে। এই কাৰ্যসূচীৰ অধীনত ২১.৯০ কোটি টকাৰ ৬,৪৯০ জন এছ এইচ জিৰ সদস্যক যোগান ধৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ‘ভূমি পূজন’ কৰি যোৰহাট নগৰ কেন্দ্ৰীক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰি জিলাখনৰ লোকসকলক বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰে।

ড্ৰিংক ফ্ৰম টেপ (DFT) প্ৰকল্পত ২২০ কোটি টকাৰ আৰ্থিক ব্যয় কৰা হ’ব, যিয়ে উন্নত প্ৰযুক্তি আৰু আধুনিক আন্তঃগাঁথনিৰ সহায় লৈ বিশুদ্ধ আৰু নিৰৱচ্ছিন্ন পানী যোগান নিশ্চিত কৰিব কোৱা হৈছে । এই প্ৰকল্পটোৱে ১৪,৭০০ পৰিয়ালক সামৰি ল’ব আৰু ইয়াৰ কাম ২০২৬ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিষয়াসকলে জানিবলৈ দিছে ।

Latest News