শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে জি পি সিঙক…

CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক । ২০২৫ চনৰ ১৮ জানুৱাৰীত দিয়া আনুষ্ঠানিক আদেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে এই সিদ্ধান্তত অনুমোদন জনাইছে ।

CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে জি পি সিঙক…
জি পি সিংImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 19 Jan 2025 10:14 AM

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক । ২০২৫ চনৰ ১৮ জানুৱাৰীত দিয়া আনুষ্ঠানিক আদেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে এই সিদ্ধান্তত অনুমোদন জনাইছে । উল্লেখ্য যে, জি পি সিঙে যেতিয়াৰ পৰা CRPF ৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব তেতিয়া পৰা এই নিযুক্তি কাৰ্যকৰী হ’ব ।

জানিব পৰা মতে, তেখেতৰ কাৰ্যকাল ২০২৭ চনৰ ৩০ নৱেম্বৰলৈকে থাকিব বা পৰৱৰ্তী নিযুক্তিৰ আদেশ নিদিয়ালৈকে থাকিব । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিঙে অসম আৰক্ষীত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে । উত্তৰ-পূব অঞ্চলৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰো অভিজ্ঞতা আছে জি পি সিঙৰ । অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে এই নতুন দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে ।

CRPF হৈছে ভাৰতৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী । এই বাহিনীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাৰ লগতে বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দৃষ্টিকোণৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তত বিদ্ৰোহ আৰু আইন-শৃংখলাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বহু অভিজ্ঞতা আছে জি পি সিঙৰ । গতিকে কৌশলগত পদক্ষেপৰ অংশ হিচাপে জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া বুলি ধাৰণা কৰিব পাৰি।

ভাস্কৰজ্যোতি মহন্তৰ অৱসৰ পাছতে ২০২৩ৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল জি পি সিঙে । যোৱা ৬ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিলৈ CRPF ৰ সঞ্চালক প্ৰধান হিচাপে জি পি সিঙক নিযুক্তিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেই অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে এই প্ৰস্তাৱত অনুমোদন জনাইছে ।

Latest News