তফজ্জুলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰভেটিৰ ৰাইজৰ | Assam Dhing Rape Case Updates in Assamese : Main accused dead, Villagers Decided to not Performing Janaza Assam news - Assam Tv9

তফজ্জুলক কবৰৰ বাবে ঠাই নাই ৰাজহুৱা কবৰস্থানত, শাস্তি ভুগিব লাগিব অভিযুক্তৰ পৰিয়ালে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰভেটিৰ ৰাইজৰ

Updated On: 

25 Aug 2024 12:42 PM

ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু পাছতে তিনিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ধিঙৰ বৰভেটিৰ ৰাইজে । ধিং কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰি ৰাইজে গ্ৰহণ কৰিছে এই তিনিটা ডাঙৰ প্ৰস্তাৱ । ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হৈছে-তফজ্জুলৰ জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজে ।

তফজ্জুলক কবৰৰ বাবে ঠাই নাই ৰাজহুৱা কবৰস্থানত, শাস্তি ভুগিব লাগিব অভিযুক্তৰ পৰিয়ালে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰভেটিৰ ৰাইজৰ
Follow Us On

অসম আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াত সলিল সমাধি ঘটে ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ । ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু পাছতে তিনিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ধিঙৰ বৰভেটিৰ ৰাইজে । ধিং কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰি ৰাইজে গ্ৰহণ কৰিছে এই তিনিটা ডাঙৰ প্ৰস্তাৱ । ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হৈছে-তফজ্জুলৰ জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজে ।

কেৱল জানাজাত অংশগ্ৰহণ নকৰাই নহয় কোনো ৰাজহুৱা কবৰস্থানত তফজ্জুলৰ কবৰ দিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজে । ইয়াৰ সমান্তৰালভাৱে অপৰাধীৰ পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভেটিৰ ৰাইজে । ৰাইজৰ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি স্থানীয় লোকে সদৰী কৰে যে, ‘বৰভেটি গাঁৱৰে নিবাসী অভিযুক্ত তফজ্জুল ইছলামে এটা নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে আৰু আমি গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ ।’

এনে পৰিপ্ৰেক্ষিত গাঁওবাসীয়ে স্পষ্টভাৱে সংবাদমাধ্যমৰ আগত জানিবলৈ দিছে যে, মূল অভিযুক্ত তফজ্জুলক ৰাজহুৱা কবৰস্থানত ঠাই নিদিয়ে, জানাজাত গাঁওবাসী অংশগ্ৰহণ নকৰে আৰু তফজ্জুলৰ পৰিয়ালক সামাজিকভাৱে এঘৰীয়া কৰিছে ।

যোৱা ২২ আগষ্টত ধিঙত এগৰাকী নাবালিকাৰ লগত নাৰকীয়া ঘটনা সংঘটিত কৰিছিল তফজ্জুলে । তেওঁৰ লগত আছিল আন দুগৰাকী অভিযুক্তও । এই নাৰকীয় ঘটনাৰ মূল অভিযুক্ত তফজ্জুলক আৰক্ষীয়ে আটক কৰাৰ পাছতে শুকুৰবাৰে নিশা তফজ্জুলক তদন্তৰ বাবে ঘটনা সংঘটিত স্থানলৈ লৈ গৈছিল আৰক্ষীয়ে ।

সূত্ৰ খবৰ অনুসৰি আৰক্ষীয়ে পুৱতি নিশা প্ৰায় ৪ মান বজাত ঘটনাস্থলীলৈ গৈছিল তফজ্জুলক । কিন্তু সেই সময়তে তফজ্জুলে আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰি ওচৰতে থকা এটা পুখুৰীত জাঁপ দিয়ে । দুয়োখন হাত বন্ধা আছিল বাবে সাঁতুৰিব নোৱাৰি সলিল সমাধি ঘটে ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ । আৰক্ষীয়ে অভিযুক্ত তফজ্জুলক উদ্ধাৰৰ বাবে চেষ্টা কৰে যদিও বিফল হয় । শেষত ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত পুৱা প্ৰায় ৬.৩০ মান বজাত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version