ডিব্ৰু-ছৈখোৱালৈ অশনি সংকেত, খহনীয়াত জাহ গ'ল ৩৬ শতাংশ বন্যভূমি...! | Assam : Dibru-Saikhowa National Park's 36 per cent area eroded in 25 years Assam news - Assam Tv9

ডিব্ৰু-ছৈখোৱালৈ অশনি সংকেত, খহনীয়াত জাহ গ’ল ৩৬ শতাংশ বন্যভূমি…!

Updated On: 

22 Sep 2024 14:36 PM

চৰকাৰী তথ্য অনুসৰি, গৰা খহনীয়াত প্ৰায় ৩৬ শতাংশ বনাঞ্চল ভূমি হেৰুৱাইছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে । অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৬ শতাংশ ভূমি খহনীয়াত জাহ গৈছে । ইয়াৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি ২১৬.৫৩ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে ।

ডিব্ৰু-ছৈখোৱালৈ অশনি সংকেত, খহনীয়াত জাহ গল ৩৬ শতাংশ বন্যভূমি...!
Follow Us On

প্ৰত্যেক বছৰে হোৱা গৰা খহনীয়াত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান । চৰকাৰী তথ্য অনুসৰি, গৰা খহনীয়াত প্ৰায় ৩৬ শতাংশ বনাঞ্চল ভূমি হেৰুৱাইছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে । অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৬ শতাংশ ভূমি খহনীয়াত জাহ গৈছে । ইয়াৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি ২১৬.৫৩ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে ।

উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ডিব্ৰু-ছৈখোৱাক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল । সেই সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি আছিল ৩৪০ বৰ্গ কিলোমিটাৰ । কিন্তু অসমৰ পৰিৱেশ আৰু বন বিভাগে লাভ কৰা ২০২৩ চনৰ উপগ্ৰহৰ ছবিত দেখা গৈছে যে, উদ্যানখনৰ বৰ্তমানৰ মাটিকালি মাত্ৰ ২১৬.৫৩ বৰ্গ কিলোমিটাৰ।

খহনীয়াত জাহ গ’ল ১২৩.৪৭ বৰ্গ কিলোমিটাৰ ভূমি

দুৰ্ভাগ্য়জনকভাৱে বছৰে বছৰে হোৱা খহনীয়াত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ৩৪০ বৰ্গ কিলোমিটাৰ এলেকাৰ পৰা ১২৩.৪৭ বৰ্গ কিলোমিটাৰ ভূমি জাহ গৈছে । ইফালে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬.৫৩ বৰ্গ কিলোমিটাৰ মাটি বেদখল হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে । উল্লেখ্য যে, বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ লোহিত, ছিয়াং, ডিব্ৰু আৰু দিবাঙে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰভাৱিত কৰে ।

ইয়াৰ ফলত বাৰিষাৰ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে আশ্ৰয়স্থলৰ অভাৱ হোৱাৰো দেখা যায় । সূত্ৰ খবৰ অনুসৰি, বানৰ সময়ত জীৱ-জন্তু উদ্ধাৰৰ বাবে যান্ত্ৰিক ৰবৰৰ নাও যোগান ধৰিবৰ বাবে উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে তিনিচুকীয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অনুৰোধ জনাইছে ।

চৰকাৰী তথ্যত এই কথাও প্ৰকাশ পাইছে যে, যেতিয়া বনাঞ্চলখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তেতিয়া ৩৫.৮৪ শতাংশ ভূমি গছৰ আৱৰণৰ তলত আছিল। ইয়াত লগতে বৰ্তমান ২১৬.৫৩ বৰ্গ কিলোমিটাৰ ভূমিৰ ভিতৰত ৩৮ শতাংশ বনাঞ্চলৰ অধীনত আছে।

বেদখলমুক্ত কৰাৰ স্বাৰ্থত লাইকা আৰু দধিয়াত উচ্ছেদ

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখন বেদখলমুক্ত কৰাৰ স্বাৰ্থত লাইকা আৰু দধিয়া পৰা কেইবা শ পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিছিল ।  এই লোকসকলক অন্য স্থানত পুনৰসংস্থাপিত কৰাৰ বাবে ব্যৱস্থা কৰিছে প্ৰশাসনে । লাইকাৰ ৫৪৩টা পৰিয়ালৰ ভিতৰত ১৬০টা পৰিয়ালৰ তিনিচুকীয়া জিলাৰ ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত নামফাই বনাঞ্চলৰ ৭২ হেক্টৰ ভূমিত পুনৰসংস্থাপিত দিয়া হৈছে । বাকী ৩৮৩টা পৰিয়ালক ডিগবৈ সংমণ্ডলৰ পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ১৬৬ হেক্টৰ ভূমিত পুনৰসংস্থাপিত কৰা হ’ব বুলিও চৰকাৰী তথ্য় ​​উল্লেখ কৰা হৈছে। ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই থকা হৈছে ।

১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য এলেকাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা

১৮৯০ চনত ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ।১৯২০ চনত ডিব্ৰু সংৰক্ষিত বনাঞ্চলত অতিৰিক্ত এলেকা সংযোজন কৰা হয়। আনহাতে, ১৯২৯ চনত ছৈখোৱা সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয়। ১৯৩৩ চনত ডিব্ৰু আৰ এফত অধিক এলেকা সংযোজন কৰা হয়। ১৯৮৬ চনত ৬৫০ বৰ্গ কিলোমিটাৰ এলেকাক প্ৰাথমিকভাৱে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । পৰৱৰ্তী সময়ত ১৯৯৫ চনত ৩৪০ বৰ্গ কিলোমিটাৰ অঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

১৯৯৭ চনত ৭৬৫ বৰ্গ কিলোমিটাৰ এলেকাৰে ডিব্ৰু-ছৈখোৱা বায়’স্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিল, য’ত ৩৪০ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য অঞ্চলক মূল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য এলেকাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version