ADRE 2.0 ত অহা সাধাৰণ জ্ঞানৰ বিশেষ কেইটামান প্ৰশ্নৰ উত্তৰ চাওক... | Assam Direct Recruitment Exam 2.0 grade 4 Key General Knowledge Questions Answer Assam news - Assam Tv9

ADRE 2.0 ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অহা সাধাৰণ জ্ঞানৰ বিশেষ কেইটামান প্ৰশ্নৰ উত্তৰ চাওক…

দেওবাৰে দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয় । চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতত সাধাৰণ জ্ঞানৰ কেইবাটাও বিশেষ প্ৰশ্ন দেখা যায় । দেওবাৰে অনুষ্ঠিত প্ৰত্যক্ষ নিয়ুক্তি পৰীক্ষাত অহা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ কি আছিল চাওক-

ADRE 2.0 ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অহা সাধাৰণ জ্ঞানৰ বিশেষ কেইটামান প্ৰশ্নৰ উত্তৰ চাওক...

কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ

Updated On: 

28 Oct 2024 12:20 PM

যোৱা ২৭ অক্টোবৰ দেওবাৰে অন্ত পৰিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা(ADRE 2.0) । যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত দেওবাৰে দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয় । মনকৰিবলগীয়া যে, দশম শ্ৰেণী উত্তীৰ্ণ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতত সাধাৰণ জ্ঞানৰ কেইবাটাও বিশেষ প্ৰশ্ন দেখা যায় । দেওবাৰে অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিয়ুক্তি পৰীক্ষাত অহা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ কি আছিল চাওক-

মেকমোহন সীমা ৰেখাই কোন দুখন দেশক পৃথক কৰে?

(ক) আফগানিস্তান আৰু পাকিস্তান (খ) ম্যানমাৰ আৰু বাংলাদেশ
(গ) ভাৰত আৰু চীন (ঘ) ভিয়েটনাম আৰু থাইলেণ্ড

উত্তৰ হ’ল- ভাৰত আৰু চীন

বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল?

(ক) ১৯৪১ (খ) ১৯৬২
(গ) ১৯৫১ (ঘ) ১৯৭১

উত্তৰ হ’ল- ১৯৭১

কথাকলি কোনখন ৰাজ্যৰ এক নৃত্যশৈলী?

(ক) গুজৰাট (খ) পশ্চিম বংগ
(গ) কেৰালা (ঘ) হিমাচল প্ৰদেশ

উত্তৰ হ’ল-কেৰালা

ভাৰতৰ কোনখন ৰাজ্যত চাৰমিনাৰ অৱস্থিত?

(ক) হায়দৰাবাদ (খ) চেন্নাই
(গ) প্ৰয়াগৰাজ (ঘ) চণ্ডীগড়

উত্তৰ হ’ল- হায়দৰাবাদ

‘মামৰে ধৰা তৰোৱাল’ কোনগৰাকী অসমীয়া লেখকে ৰচনা কৰিছিল?

(ক) ৰীতা চৌধুৰী (খ) নিৰুপমা বৰগোহাঁঞি
(গ) চন্দনা গোস্বামী (ঘ) মামণি ৰয়চম গোস্বামী

উত্তৰ হ’ল- মামণি ৰয়চম গোস্বামী

‘কৰতল কমল’ কবিতাটি কোনে ৰচনা কৰিছিল?

(ক) নীলমণি ফুকন (খ) মহাপুৰুষ মাধৱদেৱ
(গ) শ্ৰীমন্ত শংকৰদেৱ (ঘ) নৱকান্ত বৰদলৈ

উত্তৰ হ’ল- শ্ৰীমন্ত শংকৰদেৱ

লিওনাৰ্ডো দ্য ভিন্সি কোনখন দেশৰ নাগৰিক আছিল?

(ক) ফ্ৰান্স (খ) জাৰ্মানী
(গ) ইংলেণ্ড (ঘ) ইটালী

উত্তৰ হ’ল- ইটালী

বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল?

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ (খ) বিষ্ণুৰাম মেধি
(গ) সুভাষ চন্দ্ৰ বসু (ঘ) সৰ্বপল্লী ৰাধাকৃষ্ণন

উত্তৰ হ’ল-সৰ্বপল্লী ৰাধাকৃষ্ণন

যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্বৰ বঁটা হৈছে

(ক) মহাবীৰ চক্ৰ (খ) পৰম বীৰ চক্ৰ
(গ) বিশিষ্ট সেৱা পদক (ঘ) অশোক চক্ৰ

উত্তৰ হ’ল- পৰম বীৰ চক্ৰ

২০২৪ চনৰ ১ জানুৱাৰী সাপেক্ষে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক কোন?

(ক) ধীৰুভাই আম্বানি (খ) অনিল আম্বানি
(গ) মুকেশ আম্বানি (ঘ) আকাশ আম্বানি

উত্তৰ হ’ল-মুকেশ আম্বানি

উল্লেখ্য যে, দেওবাৰে চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। ইতিমধ্য তৃতীয় বৰ্গৰ ৭,৬০০ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে । এইবাৰ ১২,৬০০ পদৰ প্ৰত্যক্ষ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে ৰাজ্য চৰকাৰে। ইফালে অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২.০ ৰ ফলাফল অহা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...
শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ