5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আশা, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত হ’ব তালাচী, OMR শ্বীট বিচাৰি পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন: নিযুক্তি পৰীক্ষাক লৈ ঘোষণা মুখ্যমন্ত্ৰীৰ

১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ অ‘ এম আৰ শ্বীট ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ইয়াৰ ফটো কপি সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষা কেন্দ্ৰত আশাকৰ্মীৰ উপস্থিতিত হ’ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী। ইয়াৰ উপৰিও ভৱিষ্যতৰ নিযুক্তি পৰীক্ষাৰ OMRত পৰীক্ষাৰ্থীৰ ফটো সংলগ্ন নকৰিবলৈ SEBAক আহ্ৱান মুখ্যমন্ত্ৰীৰ।

আশা, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত হ’ব তালাচী, OMR শ্বীট বিচাৰি পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন: নিযুক্তি পৰীক্ষাক লৈ ঘোষণা মুখ্যমন্ত্ৰীৰ
ADRE পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 22 Sep 2024 12:39 PM

দেওবাৰে ১৫ ছেপ্তেম্বৰত ৰাজ্যত অনুষ্ঠিত হৈছিল  ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত  আৰম্ভ হৈছিল কেতবোৰ বিতৰ্কৰ। এইবাৰ  নিযুক্তি পৰীক্ষা সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ মন্তব্য সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই। ফেচবুক লাইভত নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ অ‘ এম আৰ শ্বীট ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ইয়াৰ ফটো কপি সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষা কেন্দ্ৰত আশাকৰ্মীৰ উপস্থিতিত হ’ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী। ইয়াৰ উপৰিও ভৱিষ্যতৰ নিযুক্তি পৰীক্ষাৰ OMRত পৰীক্ষাৰ্থীৰ ফটো সংলগ্ন নকৰিবলৈ SEBAক আহ্ৱান মুখ্যমন্ত্ৰীৰ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “মই এটা নতুন কথা ক’ব বিচাৰিছোঁ। ২৭ তাৰিখে ছেবাক আপোনালোকে আবেদন জনাব পাৰিব, মাত্ৰ ৫০ টকাত। যে আপোনালোকে যিখন অ’ এম আৰ শ্বীট লিখিছিলে সেই অ’ এম আৰ শ্বীটৰ এটা ফটো কপি আপোনাক লাগে। অৰ্থাৎ আপোনালোকে ২৭ তাৰিখৰ পৰা ছেবাৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কেনেদৰে আবেদন কৰিব লাগে ছেবাই বিজ্ঞাপনত প্ৰকাশ কৰিব। পৰীক্ষাকেন্দ্ৰত জমা দি থৈ অহা অ’ এম আৰ শ্বীট ৫০ টকা দি ছেবাৰ পৰা লৈ আহিব পাৰিব। ঘৰত লৈ আহি অ’ এম আৰ শ্বীটখন পৰীক্ষা কৰিব পাৰিব যে শুদ্ধ উত্তৰ দিছোঁ নে নাই।”

মুখ্যমন্ত্ৰীয়ে আকৌ কয়, “২৮ তাৰিখে ছেবাৰ ৱেবচাইত উক্ত পৰীক্ষাৰ উত্তৰৰ সবিশেষ প্ৰকাশ কৰিম। ইয়াৰ জৰিয়তে ঘৰতে বহি অ’ এম আৰ শ্বীট লগত লৈ প্ৰশ্নসমূহৰ উত্তৰবোৰ চাব পাৰিব। অ’ এম আৰ শ্বীত আৰু এনচাৰ কীৰ সৈতে মিলাই পৰীক্ষাৰ্থীয়ে ঘৰতে বহি গণনা কৰিব পাৰিব কিমান নম্বৰ পাব। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে পূৰ্বে এনে সিদ্ধান্ত লোৱা হোৱা নাই। এতিয়া স্বচ্ছতাক আৰু এখোজ আগুৱাই লা যাব বিচাৰো।”

লগতে কয়, “ইয়াৰ লগতে পৰীক্ষাৰ্থীৰ যদি উল্লেখিত প্ৰক্ৰিয়াসমূহতো আঁসোৱাহ থাকে তেন্তে আৰ টি আই কৰি চাব পাৰিব। ইয়াৰ বাবে ৫০০ টকা দি ছেবাক জনাব পাৰিব যে আপোনাকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। যদিহে আপুনি বিচৰা প্ৰশ্নৰ উত্তৰটো শুদ্ধ হয় নাইবা ছেবাৰ ভুল হয় তেন্তে তৎকালীনভাৱে সেই মাচুল আপুনি ছেবাৰ পৰা ঘূৰাই পাব। ৫০০ টকাটো এইবাবে লোৱাৰ সিদ্ধান্ত লৈছো নহ’লে সকলোৱে উত্তৰটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাষ্টাও ল’ব পাৰে। আপোনাৰ পৰামৰ্শ শুদ্ধ হ’লে আমি ৫০০ টকাটো উভতাই দিম।”

OMR শ্বীটত ফটো সংলগ্ন কৰাক লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,  “একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছে যে অ’ এম আৰ শ্বীটত ফটো কিয় দিছে। মই চালো অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত অ’ এম আৰ শ্বীটৰ লগতে ফটো দিয়ে। যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব লোৱাৰে। আজি মই ছেবাৰ বিষয়া সকলৰ লগত কথা পাতিছিলো। তৃতীয় বৰ্গৰ অ’ এম আৰ শ্বীট ইতিমধ্যে বনোৱা হৈ গ’ল। বহুতে কৈছিল যে আমাৰ পৰিচয় প্ৰকাশ হ’ব পাৰে। আপোনালোকে কোৱা কথাৰ কিছু যুক্তি আছে। সেয়ে ভৱিষ্যতৰ নিযুক্তি পৰীক্ষা ADREত অ’ এম আৰ শ্বীটত ফটো নলগাবলৈ মই ছেবাক পৰামৰ্শ দিছোঁ।”

শেহতীয়াকৈ সামজিক মাধ্যমত হোৱা তালাচী বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য,  “একে লিংগৰ লোকে তালাচী কৰিলে তাত আপত্তি কৰিব নোৱাৰে। অৰ্থাৎ মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ তালাচী চলাব পাৰে। তালাচী নকৰিলে বিমানত উঠিব নোৱাৰে। সেইধৰণে পৰীক্ষা হলৰ বাহিৰত একে লিংগৰ মানুহৰ দ্বাৰা পৰীক্ষা কৰিবই লাগিব। তালাচীৰ সময়ত সন্মতি লোৱা হ’ব। এই ক্ষেত্ৰত সম্পূৰ্ণ সৌজন্যতা প্ৰকাশ কৰিম। এইবাৰ পৰীক্ষাকেন্দ্ৰত ছোৱালীসকলৰ তালাচীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মী উপস্থিত থাকিব। যাতে সৌজন্যতা ৰক্ষা কৰি তালাচী চলোৱা হৈছে বুলি তেওঁলোকে প্ৰমাণিত কৰিব পাৰে। মই ভাবো ইয়ে আন এক বিতৰ্কৰ ওৰ পেলাব।”

Latest News