আজি অসম দিৱসঃ জানক এই দিৱসৰ ইতিহাস,কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয়
আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে অসম দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটো 'অসম দিৱস' হিচাপে পালন কৰা হয়। এই দিৱস পালনৰ আছে এক ইতিহাস, চ্যুকাফাৰ স্মৃতিত বছৰ বছৰ ধৰি এই দিৱস পালন কৰি অহা হৈছে।
আজি সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিছে ‘অসম দিৱস’ তথা ‘চ্যুকাফা দিৱস’। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটো ‘অসম দিৱস’ হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখিয়েই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আদি বিভিন্নজনে চ্য়ুকাফাত সোঁৱৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম ভূমিত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি অসমীয়া জাতিৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাক ‘অসম দিৱস’ৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদিছোঁ। অসমীয়া জাতিৰ ৰূপৰেখা আঁকি স্বৰ্গদেউ ছ্যু-কা-ফাই অসম ভূমিক প্ৰাণৱন্ত কৰি তুলিছিল। সবল নেতৃত্ব, বিচক্ষণ চিন্তা তথা দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণেৰে অসমীয়া জাতিক তেখেতে মহীয়ান কৰি তুলিছিল। এই সোণসেৰীয়া সময়ক ভিত্তি কৰি উত্তৰ প্ৰজন্মই অধ্যয়ন আৰু গৱেষণাৰ মাধ্যমেৰে নতুন বাট মুকলি কৰিব বুলি মই দৃঢ় বিশ্বাসী।
ইতিহাস
অনুমান কৰা হয়, ১২২৮ চনৰ এই দিনটোত্উ চাওলুং চ্যুকাফাৰ নেতৃত্বত আহোমসকলে সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দন চন খাম স্থাপন কৰিছিল। এই দিনটোক ঐতিহাসিক কৰি ৰখাৰ উদ্দেশ্যেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে এই দিৱস পালন কৰা আৰম্ভ কৰিছিল।
কেতিয়াৰ পৰা পালন কৰা হয়
১৯৭২ চনৰ পৰা এই দিৱস পালন কৰা অহা হৈছে। ১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল।
পৰৱৰ্তী সময়ত সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৭৪ চনৰ পৰা এই দিৱস অতি ধুমধামেৰে আয়োজন কৰা হয়।
১৯৮১ চনত চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা বহু দল সংগঠনে এই দিনটোক চ্যুকাফা দিৱস হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়। ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটীৰ জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।
চাওলু চ্যুকাফা
চাওলু চ্যুকাফা আছিল অসম ৰাজ্য বা মু’ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনৰ দেহ’ঙৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ’য়ত স্থায়ীকৈ ৰাজধানী পাতে। চ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰি তেওঁ বৰ অসম গঢ়িছিল।
১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্থায়ী ৰাজধানী পাতিছিল তেওঁ। এই ৰাজধানী আছিল চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ। এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথমখন ৰাজধানী। অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী। অসমীয়া সমাজ জীৱনত চ্যুকাফাৰ অৱদান অতুলনীয়।
স্বৰ্গদেউ চ্যুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল। তেওঁৰ বাবেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চ্যুকাফাৰ ফলতেই অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। এক কথাত চাওলু চ্যুকাফা অসমৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক। চ্য়ুকাফাৰ মৃত্যু হৈছিল ১২৬৮ চনত ।