পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.০

Assam earthquake: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। পুৱতি নিশা হোৱা এই ভূমিকম্পৰ ফলত মৰিগাঁঁও, গুৱহাটী, নলবাৰী আদিৰ লগে অসমৰ বিভিন্ন অঞ্চল জোকাৰি যায়।

পুনৰ ভূমিকম্পই জোকাৰি গল অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.০

ভূমিকম্প

Updated On: 

27 Feb 2025 08:52 AM

পুনৰ এক ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল অসম। নিশা প্ৰায় ২.২৫ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.০। বৃহস্পতিবাৰে পুৱতি নিশা হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলা বুলি জানিব পৰা গৈছে। এই ভূমিকম্পই মৰিগাঁও , গুৱাহাটী, নলবাৰী, নগাঁও, বৰপেটা, পাঠশালা, কাজিৰঙা  আদিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি পুৱা ২:২৫ বজাত ১৬ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প।

এক্সত এনচিএছে পোষ্ট কৰিছে যে, ইকু অফ এম: ৫.০, অন: ২৭/০২/২০২৫ ০২:২৫:৪০ আইএছটি, লেট: ২৬.২৮ এন, লং: ৯২.২৪ ই, গভীৰতা: ১৬ কিলোমিটাৰ, স্থান: মৰিগাঁও, অসম।” অৱশ্যে এই ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো ধৰণৰ ক্ষতি হোৱাৰ তথ্য পোহৰলৈ অহা নাই।

 

ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।  যোৱা ২৪ জানুৱাৰীতো অসমত ভূমিকম্পনৰ কম্পন অনুভূত হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.৮। এই ভূমিকম্পটো সাধাৰণ আছিল যাৰ বাবে কাৰো একো ক্ষতি হোৱা নাছিল। এই ভূমিকম্পৰ অভিকেন্দ্প আছিল ম্যানমাৰ।

উল্লেখ্য যে, অসমত প্ৰায়েই ভূমিকম্পৰ কম্পন অনুভূত হয়। কিন্তু ১৯৫০ চনৰ বৰভূমিকম্পৰ কথা প্ৰায় সকলোৱে জানে। ১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প (৮.৬ প্ৰাবল্য) আৰু ১৮৯৭ চনৰ শ্বিলং ভূমিকম্প (৮.১ প্ৰাবল্য) অসমৰ ইতিহাসত সবাতোকৈ ডাঙৰ ভূমিকম্প আছিল।

Related Stories
মাতৃৰ মৃত্যুৰ এমাহৰ পাছতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঘগ্ৰাপাৰ থানাৰ OC বিৰিঞ্চি দাসে
ডলা-কুলা, চালনী-বিচনীয়েই নহয়; বাঁহৰ পৰা প্ৰস্তুত হ’ব মোজা আৰু অন্তৰ্বাস ! চুক্তিও হ’ল
Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?
অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…
Advantage Assam 2.0 : আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসমে ! নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰীয়ে…
উন্নত সংযোগ লাভ কৰিব অসমে ! কেন্দ্ৰৰ ৮০ হাজাৰ কোটি টকীয়াৰ পথ প্ৰকল্পৰ ভিতৰত কি কি আছে ?
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..