শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেতিয়া অনুষ্ঠিত হ’ব ২০২৬’ৰ বিধানসভা নিৰ্বাচন? বন্ধ হ’ব নেকি অৰুণোদয়… ক’লে মুখ্যমন্ত্ৰীয়ে…

Assam assembly election '26: আজি বিধানসভাৰ অধিবেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই সময়চোৱাত তেওঁ ২০২৬ চনৰ নিৰ্বাচন আৰু অৰুণোদয় আঁচনি সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে।

কেতিয়া অনুষ্ঠিত হ’ব ২০২৬’ৰ বিধানসভা নিৰ্বাচন? বন্ধ হ’ব নেকি অৰুণোদয়… ক’লে মুখ্যমন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 11 Mar 2025 14:14 PM

মাজত মাত্ৰ কেইটামান মাহ। ২০২৬ চনত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো দল সংগঠন। ইয়াৰ মাজতে সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগ। ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে এই বাজেট আছিল ২.৬৩ লাখ কোটি টকাৰ। ইয়াৰ বিপৰীতে এইখন এখন ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট ।

কালি বাজেট ঘোষণা হোৱাৰ পাছতে  আজি বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আগন্তুক নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে. “২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ দিন ফেব্ৰুৱাৰী মাহত ঘোষণা হ’ব”। গতিকে ফেব্ৰুৱাৰী মাহতহে জানিব পৰা যাব ২০২৬ চনৰ নিৰ্বাচন কোনটো মাহত অনুষ্ঠিত হয়।  আশা কৰা হৈছে যে এপ্ৰিল-মে’ মাহৰ ভিতৰত এই নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

বন্ধ হব নেকি অৰুণোদয়?

ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “যদি নিৰ্বাচনী আয়োগে ফেব্ৰুৱাৰী মাহত নিৰ্বাচনৰ দিন ঘোষণা কৰে তেন্তে তেতিয়া অৰুণোদয়ৰ ধন বন্ধ হ’ব পাৰে। নিৰ্বাচনৰ সময়চোৱাত যিহেতু ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থাকিব তেতিয়াও এই ধন দিব পৰা নাযাব। আনকি ফেব্ৰুৱাৰী মাহত এই ধন দিব নালাগে বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিব পাৰে”।

এই সমস্যাৰ বিকল্প সমাধানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “যদি এনে হয় তেন্তে আমি ৫ মাহৰ বাবে অৰুণোদয় আঁচনিৰ ধন একেলগে দিম”। এই কথা কালি বাজেটতে উল্লেখ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।  এক কথাত, হিতাধিকাৰীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হ’লেও ৫ মাহৰ বাবে মহিলাসকলে একেলগে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব।

ভাষণৰ সময়ত বাজেটৰ বাবে বিত্তমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে কয় যে, অৰুণোদয় আঁচনি অনুসৰণ কৰিয়ে ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীয়ে নতুন তথা অনুৰূপ আঁচনি ৰূপায়ন কৰিছে। এই অৰুণোদয় আঁচনিয়ে মহিলাসকলক সকাহ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক দিশটোকো গতি প্ৰদান কৰে বুলি শৰ্মাই কয়।

উল্লেখ্য যে, অৰুণোদয় ৩.০ আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ। কালি বাজেট ঘোষণা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। ইয়াৰ বাবে ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলত হিতাধিকাৰীৰ চূড়ান্ত তাৱিকা প্ৰস্তুত কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো…