5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Encounters: কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে নেকি? অসমৰ এনকাউন্টাৰৰ ওপৰত উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ

Assam encounter: অসমত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনাৰ ওপৰত চিন্তা ব্যক্ত কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই সন্দৰ্ভত মঙলবাৰে শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে আৰু এনকাউন্টাৰৰ ক্ষেত্ৰত এটা বিশেষ সম্প্ৰদায়ৰলোকক লক্ষ্য কৰি লোৱা হৈছে নেকি বুলি প্ৰশ্ন কৰে।

Assam Encounters: কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে নেকি? অসমৰ এনকাউন্টাৰৰ ওপৰত উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ
অসম এনকাউন্টাৰ উচ্চতম ন্যয়াালয়ৰ চিন্তা প্ৰকাশ
barasha-sarma
Barasha Sarma | Published: 23 Oct 2024 13:29 PM

অসমত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উত্তৰ প্ৰদেশৰ এনকাউন্টাৰৰ ঘটনাক লৈ চলি থকা বিতৰ্কৰ মাজতে অসম সন্দৰ্ভত মত ব্যক্ত কৰে উচ্চতম ন্যায়ালয়ে। মন কৰিবলগীয়া যে অভিযুক্তক এনকাউন্টাৰ কৰা ঘটনা উত্তৰ প্ৰদেশত এক ৰাজনৈতিক বিষয় হৈ পৰিছে। ইয়াকে লৈ দেশৰ সৰ্ববৃহৎ ৰাজ্যত শাসকীয় পক্ষ আৰু বিৰোধী দলৰ মাজত বাকযুদ্ধ অব্যাহত আছে। কিন্তু ইয়াৰ মাজতে অসমত সংঘটিত হোৱা ১৭১ টা এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত   প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়। এনে এনকাউন্টাৰৰ ঘটনা গুৰুতৰ বুলি কয় ন্যায়ালয়ে।

এই সন্দৰ্ভত মঙলবাৰে শুনানি গ্ৰহণ কৰি উচ্চতম ন্য়ায়ালয়ে কয় যে, ২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ আগষ্ট মাহলৈ অসমত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনা অতি গুৰুতৰ বিষয়।  এই আটাই গোচৰৰ তদন্তকে ধৰি সবিশেষ বিচাৰে মহামান্য ন্যায়ালয়ে। উল্লেখ কৰা প্ৰয়োজন যে,  ২০২৩ চনৰ জানুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ  ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিয়া এক নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে । অসম আৰক্ষীয়ে সংঘটিত কৰা এনকাউন্টাৰৰ ঘটনাৰ বিষয় উত্থাপন কৰি  জনস্বাৰ্থৰ গোচৰ (পিআইএল) নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশত অসম চৰকাৰে দাখিল কৰা শপত নামাৰ কথা উল্লেখ আছে। য’ত উল্লেখ কৰা হৈছিল যে ২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈকে ১৭১টা এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত ৫৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪৫ জন লোক আহত হৈছিল।

মঙলবাৰে শুনানিৰ সময়ত শীৰ্ষ আদালতে কয় যে, এইটো এটা অতি গুৰুতৰ বিষয়। ১৭১টা ঘটনা অতি চিন্তনীয়। আবেদনকাৰী আৰিফ মহম্মদ ইয়াচিন জাভাদাৰৰ হৈ হাজিৰ হোৱা অধিবক্তা প্ৰশান্ত ভূষনে যুক্তি আগবঢ়ায় যে অসমত বহু এনকাউণ্টাৰ সংঘটিত হৈছে। ইমানেই নহয়, এনকাউণ্টাৰৰ সময়ত অসম আৰক্ষীয়ে মানি চলা নাই ২০১৪ চনত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম মানৱ অধিকাৰ আয়োগেও কৰ্তব্য পালন কৰা নাই বুলি তেওঁ কয়।  এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ২৬ নৱেম্বৰত।

উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক প্ৰশ্ন কৰে যে ৰাজ্যৰ আৰক্ষীয়ে কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে নেকি? আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ অতিমাত্ৰা ব্যৱহাৰ কৰিছে নেকি?  ন্যায়ালয়ে কয়, এনে আবেদন নাকচ কৰিব নোৱাৰি। ইয়াক বিচাৰ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন। যাৰ বাব এই বিষয়টোৰ পৰৱৰ্তী শুনানি ২৬  নৱেম্বৰত অনুষ্ঠিত হ’ব।

 

 

Latest News