কেতিয়া আহিব বৰষুণ? উৎকট গৰমৰ বাবে মৰাণত প্ৰাণ গ’ল এজনৰ!
খবৰ অনুসৰি মৰাণৰ অসম পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ এখন দোকানৰ কাষত চকীত বহি আছিল যুৱকজন। কিছু সময় পাছতে যুৱকজনৰ নাক-মুখৰ পৰা বিজলুৱা তেজৰ ৰঙৰ এক পদাৰ্থ বাহিৰ হয় আৰু চকীৰ পৰা বেকা হৈ যায়। স্থানীয় ব্যৱসায়ীসকলে যুৱকজনৰ অৱস্থা দেখি সন্মুখতে থকা মৰাণ থানাত অৱগত কৰে।
আহিন মাহ আৰম্ভ হ’ল। তথাপিও যেন গৰম কম হোৱাৰ নামে লোৱা নাই। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছে সকলোৱে। ইয়াৰ মাজতে সংঘটিত হৈছে শোকাৱহ ঘটনা। মৰাণত অত্যাধিক গৰমৰ বাবে প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। মৃত যুৱকৰ লখিমপুৰ তিনিচুকীয়া সোণাৰি গাঁৱৰ নবীন হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
খবৰ অনুসৰি মৰাণৰ অসম পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ এখন দোকানৰ কাষত চকীত বহি আছিল যুৱকজন। কিছু সময় পাছতে যুৱকজনৰ নাক-মুখৰ পৰা বিজলুৱা তেজৰ ৰঙৰ এক পদাৰ্থ বাহিৰ হয় আৰু চকীৰ পৰা বেকা হৈ যায়। স্থানীয় ব্যৱসায়ীসকলে যুৱকজনৰ অৱস্থা দেখি সন্মুখতে থকা মৰাণ থানাত অৱগত কৰে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ যুৱকজনক মৰাণ তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে নবীন হাজৰিকাক। অত্যধিক গৰমৰ বাবে ৩৫ বছৰীয়া নবীন হাজৰিকাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।
ইয়াৰ মাজতে কামৰূপ(গ্ৰাম্য), পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কৰিমগঞ্জ, কাচাৰ, কাৰ্বি আংলং, ডিব্ৰুগড় জিলাত ২০ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাৰ্বি আংলং গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড় ২১ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ইফালে অহা ১০-১২ দিনলৈ ৰাজ্যত মিনি হিট ৱেভৰ সম্ভাৱনা। অসমৰ বিভিন্ন প্ৰান্তত অহা ৪-৫ দিনত পৰিব প্ৰচণ্ড গৰম। অহা কেইটামান দিন প্ৰচণ্ড গৰমৰ সন্মুখীন হ’ব লাগিব ৰাজ্যবাসী। এই কেইদিন তাপমান ৩৫ ডিগ্ৰীৰ ওপৰত হোৱাৰ সম্ভাৱণা আছে। আগন্তুক দেওবাৰে গৰমে অভিলেখ ৰচিব পাৰে। এই দিনটোত অসমৰ বিভিন্ন ঠাইত সৰ্বাধিক তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰ দৰে অনুভৱ হ’ব পাৰে।