Assam flood: বৰ্তমান অসমৰ ২৪খন জিলাৰ ১২.৩৩ লাখলোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৯০ | assam flood 12 lakh people affected in 24 dist 13th july Assam news - Assam Tv9

Assam flood: বৰ্তমান অসমৰ ২৪খন জিলাৰ ১২.৩৩ লাখ লোক বানত প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৯০

Published: 

13 Jul 2024 11:11 AM

তথ্য় অনুসৰি অসমত বানৰ ফলত বৰ্তমান ১২,৩৩,২৩৬ জনলোক প্ৰভাৱিত। ইয়াৰে ৫,০৩,৫৩৮জন পুৰুষ , ৪,১৭,৫৪৯গৰাকী মহিলা আৰু ৩,১২,১৪৯টা শিশু বানৰ কবলত আছে। প্লাবিত হৈ আছে ৩২,৯২৪.৩২ হেক্টৰ কৃষিভূমি। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৩,১৮,৩২৬জন লোক বানাক্ৰান্ত হৈছে।

Assam flood: বৰ্তমান অসমৰ ২৪খন জিলাৰ ১২.৩৩ লাখ লোক বানত প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৯০

অসমৰ বানপানী ( প্ৰতীকি ফটো)

Follow Us On

অসমৰ কেইবাখনো জিলাত এতিয়াও অব্যাহত আছে বানৰ তাণ্ডব। ডি আৰ আই এম এছ, অসমৰ ১২ জুলাইৰ তথ্য অনুসৰি বৰ্তমান অসমৰ ২৪খন জিলা বানত প্ৰভাৱিত হৈ আছে। সেই জিলাকেইখন ক্ৰমে- কাছাৰ, ধুবুৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, গোলাঘাট, নলবাৰী, বৰপেটা, ধেমাজি, শিৱসাগৰ, গোৱালপাৰা, যোৰহাট, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ, দৰং, মাজুলী, বিশ্বনাথ, হাইলাকান্দি, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, তিনিচুকীয়া, কামৰূপ (ম)। এই জিলা কেইখনৰ ৭৫টা ৰাজহ চক্ৰ আৰু ২৪০৬খন গাঁও বৰ্তমানো প্লাবিত হৈ আছে।

ডি আৰ আই এম এছ, অসমে ১২ জুলাইত জাৰি কৰা তথ্য অনুসৰি তথ্য় অনুসৰি অসমত বানৰ ফলত বৰ্তমান ১২,৩৩,২৩৬ জনলোক প্ৰভাৱিত। ইয়াৰে ৫,০৩,৫৩৮জন পুৰুষ , ৪,১৭,৫৪৯গৰাকী মহিলা আৰু ৩,১২,১৪৯টা শিশু বানৰ কবলত আছে। প্লাবিত হৈ আছে ৩২,৯২৪.৩২ হেক্টৰ কৃষিভূমি। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৩,১৮,৩২৬ জন লোক বানাক্ৰান্ত হৈছে।

ইয়াৰোপৰি এই প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৯০জনলৈ বৃদ্ধি হৈ হৈছে। ১২ জুলাইৰ দিনটোৰ বানৰ কবলত ৭জন লোকে প্ৰাণ হেৰুৱাইছে। এই বানাক্ৰান্তসকলৰ বাবে বৰ্তমান বহু কেইটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা আছে। এই শিবিৰসমূহত ৩৯,২০৩ৰো অধিকলোকে আশ্ৰয় লৈ আছে। ইয়াৰোপৰি কেইবাটাও সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান সময়ত বানৰ ফলত ৬,৬৭,১৭৫টা বিভিন্ন প্ৰকাৰৰ সৰু-ডাঙৰ, ঘৰচীয়া বা বনৰীয়া জীৱ- জন্তু প্ৰভাৱিত হৈ আছে। যোৱা ২৪ ঘন্টাত ৪টা সৰু- বৰ জীৱ-জন্তু বাঢ়নি পানীত উটি গৈছে। চলিত বানত ২০০ৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। এইবাৰৰ বানপানীয়ে কেইবাটাও মথাউৰি ভাঙি পেলোৱাৰ লগতে ১৪৪ৰো অধিক ৰাস্তাৰ লগতে ৪খন দলঙৰ বিস্তৰ ক্ষতি সাধন কৰিছে। ২৪ ঘন্টাত ৭৩৫৭টা বাসগৃহৰ ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), দিচাং (নাংগলামুৰঘাট), কুচিয়াৰা (কৰিমগঞ্জ)।

উল্লেখ্য যে, বানত আক্ৰান্তলোকৰ সংখ্যা হ্ৰাস পালেও এতিয়াও দুৰ্দশা কমা নাই। কেইবা ঠাইত জ্বৰ, খজুুৱতিকে ধৰি আন কিছু মান সমস্যাই দেখা দিছে। বিভিন্ন ঠাইত বানৰ ফলত ভূমিস্খলনৰ সৃষ্টি হোৱাৰ লগতে বহু অঞ্চল বোকাময় হৈ পৰিছে। ইতিমধ্যে নষ্ট হৈ পৰিছে খেতি- পথাৰ , ঘৰ দুৱাৰ আদি সকলো। ৰাজ্য চৰকাৰে জনাইছে যে ১৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলক সকলো ধৰণৰ সহায় কৰা হ’ব আনহাতে ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ সকলো ৰাস্তা- পথ, মথাউৰি আদি পুনৰ নিৰ্মাণ কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বানৰ প্ৰভাৱ পূৰ্বতকৈ কিছু কম হৈছে যদিও এতিয়াও কেইবাটাও বন শিবিৰ প্লাবিত হৈ আছে। ইতিমধ্যে কাজিৰঙাত ১৫০টাৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version