Assam flood: বৰ্তমান অসমৰ ২৭খন জিলাৰ ১৪.৩৮ লাখলোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৮৩ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Assam flood: বৰ্তমান অসমৰ ২৭খন জিলাৰ ১৪.৩৮ লাখলোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৮৩

Updated On: 

11 Jul 2024 12:29 PM

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), দিচাং (নাংগলামুৰঘাট), কুচিয়াৰা।

Assam flood: বৰ্তমান অসমৰ ২৭খন জিলাৰ ১৪.৩৮ লাখলোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৮৩

অসমৰ বানপানী ( প্ৰতীকি ফটো)

Follow Us On

অসমৰ কেইবাখনো জিলাত এতিয়াও অব্যাহত আছে বানৰ সংহাৰ ৰূপ। ডি আৰ আই এম এছ, অসমৰ ১০ জুলাইৰ তথ্য অনুসৰি বৰ্তমান অসমৰ ২৭ খন জিলা বানত প্ৰভাৱিত হৈ আছে। সেই জিলাকেইখন ক্ৰমে- কামৰূপ, নলবাৰী, ডিব্ৰুগড়, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও. দক্ষিণ শালমাৰা, শিৱসাগৰ, গোলাঘাট,নগাঁও, ধেমাজি, লখিমপুৰ, বঙাইগাঁও, তিনিচুকীয়া, যোৰহাট, হাইলাকান্দি বৰপেটাস কৰিমগঞ্জ, দৰং, কামৰূপ (ম), চৰাইদেউ, মাজুলী, কোকৰাঝাৰ, কাছাৰ, চিৰাং, বিশ্বনাথ, শোণিতপুৰ। এই জিলা কেইখনৰ ৮৬ টা ৰাজহ চক্ৰ আৰু ২৫৮০ খন গাঁও বৰ্তমান প্লাবিত হৈ আছে।

তথ্য অনুসৰি বৰ্তমান বানৰ ফলত এই ২৭ খন জিলাৰ ১৪,৩৮,৯০৬ জনলোক প্ৰভাৱিত হৈ থকাৰ লগতে ৩৯,৮৯৮.৯২ হেক্টৰ কৃষিভূমি প্লাবিত হৈ আছে। বানৰ ফলত সৰ্বাধিক ২,৩৭,৪৪৬ জন লোক কাছাৰত প্ৰভাৱিত হৈ আছে। ইয়াৰোপৰি এই প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ৮৩ জন। এই বানাক্ৰান্তসকলৰ বাবে বৰ্তমান বহু কেইটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা আছে। এই শিবিৰসমূহত ৪৫,০০০ ৰো অধিকলোকে আশ্ৰয় লৈ আছে। ইয়াৰোপৰি কেইবাটাও সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান সময়ত বানৰ ফলত ১,২০,৪৫৯ প্ৰকাৰৰ বিভিন্ন সৰু-ডাঙৰ, ঘৰচীয়া বা বনৰীয়া জীৱ- জন্তু প্ৰভাৱিত হৈ আছে। যোৱা ২৪ ঘন্টাত কোনো বন্যপ্ৰাণীৰ বানত মৃত্যু হোৱা নাই যদিও চলিত বানত ২০০ ৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰোপৰি বহু ঘৰচীয়া জীৱ- জন্তু বাঢ়নি পানীত উটি গৈছে। এইবাৰৰ বানপানীয়ে কেইবাটাও মথাউৰি ভাঙি পেলোৱাৰ লগতে ১০০ ৰো অধিক ৰাস্তা পথৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), দিচাং (নাংগলামুৰঘাট), কুচিয়াৰা।

উল্লেখ্য যে, বানত আক্ৰান্তলোকৰ সংখ্যা হ্ৰাস পালেও এতিয়াও দুৰ্দশা কমা নাই। কেইবা ঠাইত জ্বৰ, খজুুৱতিকে ধৰি আন কিছু মান সমস্যাই দেখা দিছে।  বিভিন্ন ঠাইত বানৰ ফলত ভূমিস্খলনৰ সৃষ্টি হোৱাৰ লগতে বহু অঞ্চল বোকাময় হৈ পৰিছে।  ইতিমধ্যে নষ্ট হৈ পৰিছে খেতি- পথাৰ , ঘৰ দুৱাৰ আদি সকলো। ৰাজ্য চৰকাৰে  জনাইছে যে ১৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলক সকলো ধৰণৰ সহায় কৰা হ’ব আনহাতে ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ সকলো ৰাস্তা- পথ, মথাউৰি আদি পুনৰ নিৰ্মাণ কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বানৰ প্ৰভাৱ পূৰ্বতকৈ কিছু কম হৈছে যদিও এতিয়াও কেইবাটাও বন শিবিৰ প্লাবিত হৈ আছে। ইতিমধ্যে কাজিৰঙাত ১৫০ টাৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version