Assam flood: অসমৰ ২৭ খন জিলাৰ ১৮.৮০ লাখ প্ৰভাৱিত,মৃত্যুৰ সংখ্যা ৭২জনলৈ বৃদ্ধি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Assam flood: অসমৰ ২৭ খন জিলাৰ ১৮.৮০ লাখ প্ৰভাৱিত,মৃত্যুৰ সংখ্যা ৭২জনলৈ বৃদ্ধি

Updated On: 

09 Jul 2024 12:12 PM

তথ্য অনুসৰি, অসমৰ বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান সময়ত বানত প্ৰভাৱিত হৈ আছে ১৮,৮০,৭৮৩ জন লোক। ইয়াৰোপৰি এই ২৭ খন জিলাৰ সৰ্বাধিক ২,০১,৫৭২ জন লোক কাছাৰত বানাক্ৰান্ত হৈছে

Assam flood: অসমৰ ২৭ খন জিলাৰ ১৮.৮০ লাখ প্ৰভাৱিত,মৃত্যুৰ সংখ্যা ৭২জনলৈ বৃদ্ধি

অসমত বানৰ বিভীষিকা

Follow Us On

অসমত পূৰ্বতকৈ বানৰ প্ৰভাৱ কিছু কম হ’লেও এতিয়াও কেইবালাখ লোক বানত প্ৰভাৱিত হৈ আছে। ডি আৰ আই এম এছ, অসমে ৮ জুলাইত জাৰি কৰা তথ্য অনুসৰি অসমৰ ২৭ খন জিলা আছে এতিয়াও বানৰ কবলত। এই জিলা কেইখন-  ধুবুৰী, কাছাৰ, কামৰূপ, গোৱালপাৰা, হাইলাকান্দি, নলবাৰী, কৰিমগঞ্জ, বঙাইগাঁও, গোলাঘাট, দক্ষিণ শালমাৰা, যোৰহাট, মৰিগাঁও, ডিব্ৰুগড়, নগাঁও, চৰাইদেউ, লখিমপুৰ, ধেমাজি, মাজুলী, বৰপেটা, বিশ্বনাথ, শিৱসাগৰ, শোণিতপুৰ, দৰং, কোকৰাঝাৰ, চিৰাং, কামৰূপ (ম) আৰু তিনিচুকীয়া। এই জিলাসমূহৰ ৯১ টা ৰাজহ চক্ৰ আৰু ৩১৫৪ খন গাঁও বানত প্লাবিত হৈ আছে।

তথ্য অনুসৰি, অসমৰ বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান সময়ত বানত প্ৰভাৱিত হৈ আছে ১৮,৮০,৭৮৩ জন লোক। ইয়াৰোপৰি এই ২৭ খন জিলাৰ সৰ্বাধিক ২,০১,৫৭২ জন লোক কাছাৰত বানাক্ৰান্ত হৈ আছে। লগতে এতিয়াও এই জিলাসমূহত বানৰ কবলত আছে ৪৯,০১৪.০৬ হেক্টৰ কৃষিভূমি। বানাক্ৰান্তসকলৰ সহায়ৰ বাবে ৫৪৩ টা সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

এই প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হৈছে ঘৰচীয়া- বনৰীয়াকে ধৰি সৰু, ডাঙৰ সকলো প্ৰকাৰৰ জীৱ-জন্তু। বৰ্তমান এই বানত প্ৰভাৱিত হৈ আছে ১,৫৪,৫০৯ টা জীৱ- জন্তু। অৱশ্যে যোৱা ২৪ ঘন্টাত কোনো জীৱ- জন্তুৰ মৃত্যুৰ তথ্য পোহৰলৈ অহা নাই। বানত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে ৮ টাতকৈ অধিক মথাউৰি, ১০০ টাতকৈ অধিক বাট- পথ নষ্ট হৈ হৈছে।

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (ধুবুৰী), সোৱণশিৰি (বদতিঘাট), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং). দিখৌ (শিৱসাগৰ), দিচাং (নাংগলামুৰঘাট), কপিলি (ধৰমতুল), বেকী, চানকোষ (গোলকগঞ্জ), বৰাক, কুচিয়াৰা।

উল্লেখ্য যে, বানাক্ৰান্ত জিলাৰ সংখ্যা হ্ৰাস হ’লেও এতিয়াও মানুহৰ মাজত দুৰ্দশা কম হোৱা নাই। নিজৰ ঘৰ বাৰী, সা সম্পত্তি আদি এৰি ওখ স্থানত আশ্ৰয় লৈছে বানাক্ৰান্তই। প্ৰায় ৪৮ হাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে বানাক্ৰান্ত জিলাসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, ওৰাং আদিতো বানে কালৰূপ ধৰিছে। কাজিৰঙাৰ প্ৰায়ভাগ জীৱ-জন্তু এতিয়া অন্য স্থানত আশ্ৰয় লোৱাৰ লগতে কেইবাটাও জীৱ- জন্তুৰ মৃত্যু হৈছে। এতিয়াও ৰাষ্ট্ৰীয় উদ্যান খনৰ ৬০ টাৰো অধিক বন শিবিৰ বানৰ কবলত আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version