Assam flood: অসমৰ ২৮ খন জিলাৰ ২২.৭৪ লাখলোক বানাক্ৰান্ত, মৃত্যু ৬৬ জনৰ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Assam flood: অসমৰ ২৮ খন জিলাৰ ২২.৭৪ লাখলোক বানাক্ৰান্ত, মৃত্যু ৬৬ জনৰ

Published: 

07 Jul 2024 20:59 PM

বানত প্ৰভাৱিত মুঠ লোকৰ সংখ্যা ২২,৭৪,২৮৯ জন। ইয়াৰ বিপৰীতে সৰ্বাধিক ১,১৭,৫৮১ জন লোক বানাক্ৰান্ত হৈছে দৰং জিলাত। এই ২৮ খন জিলাৰ৬৮,৪৩২.৭৫ হেক্টৰ কৃষিভূমি বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে

Assam flood: অসমৰ ২৮ খন জিলাৰ ২২.৭৪ লাখলোক বানাক্ৰান্ত, মৃত্যু ৬৬ জনৰ

অসমত বানৰ বিভীষিকা

Follow Us On

অসমত কম হোৱা নাই বানৰ তাণ্ডৱ। ডি আৰ আই এম এছ, অসমে ৭ জুলাইত জাৰি কৰা তথ্য অনুসৰি বৰ্তমান সময়ত অসমত বানত প্ৰভাৱিত হৈ আছে ২৮ খন জিলা। এই জিলাকেইখন ক্ৰমে- কামৰূপ, নগাঁও, কাছাৰ, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, হাইলাকান্দি, বঙাইগাঁও, দক্ষিণ শালমাৰা, ডিব্ৰুগড়, কৰিমগঞ্জস লখিমপুৰ, হোজাই, নলবাৰী, চৰাইদেউ, বিশ্বনাথ, গোলাধাট, যোৰহাট, ধেমাজি, বৰপেটা, শোণিতপুৰ, কোকৰাঝাৰ, মাজুলী, কামৰূপ (মঃ), দৰং, শিৱসাগৰ, চিৰাং, তিনিচুকীয়া। এই জিলাসমূহৰ ৯৭ টা ৰাজহ চক্ৰ আৰু ৩৪৪৬ খন গাঁও এতিয়া বানত প্লাবিত হৈ আছে।

তথ্য অনুসৰি, অসমত বানৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি পাইছে। বানত প্ৰভাৱিত মুঠ লোকৰ সংখ্যা ২২,৭৪,২৮৯ জন। ইয়াৰ বিপৰীতে সৰ্বাধিক ১,১৭,৫৮১ জন লোক বানাক্ৰান্ত হৈছে দৰং জিলাত। এই ২৮ খন জিলাৰ৬৮,৪৩২.৭৫ হেক্টৰ কৃষিভূমি বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বানাক্ৰান্তসকলৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা ৬৩০ টা আশ্ৰয় শিবিৰত আছে প্ৰায় ৫৩,৬৮৯ জন বানাক্ৰান্ত। ইয়াৰোপৰি বিভিন্ন স্থানত সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

অসমৰ এই প্ৰলংয়কাৰী বানৰ ফলত ঘৰচীয়া- বনৰীয়া আদি জীৱ- জন্তুও ক্ষতিগ্ৰস্ত হৈছে। চলিত বানত অসমৰ ১,৪২,৮৭৫ টা জীৱ- জন্তু ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৫৫ টাকৈ জীৱ জন্তু বানত উটি গৈছে। কেৱল ইমানেই নহয়, এই বানত সম্পূৰ্ণ ৰূপে ধ্বংস হৈ গৈছে কেইবাটাও বাসগৃহও।  এই বানত প্ৰায় ৮ টা মান মথাউৰি ভঙাৰ লগতে ১০০ টাৰো অধিক ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে-  ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং). দিখৌ (শিৱসাগৰ), দিচাং (নাংগলামুৰঘাট), ধনশিৰি (এছ,নুমলীগড়), কপিলি (ধৰমতুল), বেকী, চানকোষ (গোলকগঞ্জ), বৰাক, কুচিয়াৰা।

উল্লেখ্য যে, অসমত বিগত দিনবোৰতকৈ বানৰ পৰিস্থিতি কিছু ভাললৈ আহিলেও মানুহৰ দুৰ্দশা কমা নাই। ঘৰ-বাৰী এৰি মানুহে আশ্ৰয় লৈছে ওখ স্থানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ প্ৰায় এতিয়াও বানৰ কবলত। এনে পৰিস্থিতিত জীৱ- জন্তুসমূহ কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে একাংশই আশ্ৰয় লৈছে মানুহৰ ঘৰত বা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। গুৱাহাটীতো বানৰ অৱস্থা অতি জটিল। এজাক বৰষুণৰ পাছতেই গুৱাহাটীত হোৱা কৃত্ৰিম বানে জ্বলা- কলা খুৱাইছে জনতাক। এই সময়চোৱাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ পৰিস্থিতিৰ বুজ লোৱা দেখা যায়।

 

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version