Assam flood: অসমৰ ২৬ খন জিলাৰ ১৭.১৭ লাখলোক বানত প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৭৯ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Assam flood: অসমৰ ২৬ খন জিলাৰ ১৭.১৭ লাখলোক বানত প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৭৯

Updated On: 

10 Jul 2024 06:46 AM

তথ্য় অনুসৰি অসমত বানৰ ফলত বৰ্তমান ১৭,১৭,৫৯৯ জনলোক প্ৰভাৱিত হৈ থকাৰ লগতে ৩৯,৮৭০.৩ হেক্টৰ কৃষিভূমি প্লাবিত হৈ আছে। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৩,৫৪,০৪৫ জন লোক বানাক্ৰান্ত হৈছে।

Assam flood: অসমৰ ২৬ খন জিলাৰ ১৭.১৭ লাখলোক বানত প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৭৯

বানপানী

Follow Us On

প্ৰতি বছৰৰ দৰে চলিত বৰ্ষতো বানপানীয়ে অসমত তাণ্ডৱ চলাইছে। ডি আৰ আই এম এছ, অসমে ৯ জুলাইত জাৰি কৰা তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ২৬ খন জিলাত বানত প্ৰভাৱিত হৈ আছে। এই জিলা কেইখন-  ধুবুৰী, কাছাৰ, কামৰূপ, গোৱালপাৰা, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, দক্ষিণ শালমাৰা, ধেমাজি, নলবাৰী, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, দৰং, কামৰূপ (ম), মাজুলী, যোৰহাট, কোকৰাঝাৰ,তিনিচুকীয়া আৰু চিৰাং। এই জিলা কেইখনৰ ৯০ টা ৰাজহ চক্ৰ আৰু ২৭৭৯ খন গাঁও এতিয়াও আছে বানৰ কবলত।

তথ্য় অনুসৰি অসমত বানৰ ফলত বৰ্তমান ১৭,১৭,৫৯৯ জনলোক প্ৰভাৱিত হৈ থকাৰ লগতে ৩৯,৮৭০.৩ হেক্টৰ কৃষিভূমি প্লাবিত হৈ আছে। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৩,৫৪,০৪৫ জন লোক বানাক্ৰান্ত হৈছে। আনহাতে ৰাজ্যত বানৰ ফলত মৃত্যুৰ সংখ্যা হয়গৈ ৭৯ জন। বানাক্ৰান্তসকলৰ বাবে স্থাপন কৰা প্ৰায় ৫০২ টা আশ্ৰয় শিবিৰত ৪৮,০২১ জন লোক আছে। ইয়াৰোপৰি বানাক্ৰান্তৰ বাবে কেইবাটাও সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

এই প্ৰলংয়কাৰী বানত ৰাজ্যৰ ঘৰচীয়া- বনৰীয়া আদি সকলো প্ৰকাৰৰ জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান ৰাজ্যৰ ১,৩৯,৮৫২ টা জীৱ- জন্তু বানত প্ৰভাৱিত হৈ থকাৰ বিপৰীতে যোৱা ২৪ ঘন্টাত প্ৰায় ২০ টা সৰু- বৰ জীৱ-জন্তু পানীত উটি গৈছে। ইয়াৰোপৰি কেইবাটাও বাসগৃহ পানীত ডুব যোৱাৰ লগতে, প্ৰায় ১০ টা মথাউৰি , ১০০ টাৰো অধিক ৰাস্তা, দলং আদি পানীৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে।

বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰতৰ আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং). দিখৌ (শিৱসাগৰ), দিচাং (নাংগলামুৰঘাট), কপিলি (ধৰমতুল), কুচিয়াৰা।

উল্লেখ্য যে, বানাক্ৰান্ত জিলাৰ সংখ্যা হ্ৰাস হ’লেও এতিয়াও মানুহৰ মাজত দুৰ্দশা কম হোৱা নাই। নিজৰ ঘৰ বাৰী, সা সম্পত্তি আদি এৰি ওখ স্থানত আশ্ৰয় লৈছে বানাক্ৰান্তই। জীৱ- জন্তু আদিৰ অৱস্থাতাও কাহিল কৰি পেলাইছে বানে। বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে বানাক্ৰান্ত জিলাসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে। কেইদিনমান পূৰ্বে শৰ্মাই ঘোষণা কৰিছে যে ১৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলৰ সহায় কৰা হ’ব। ইয়াৰোপৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ ৰাস্তা-পথ, দলং আদি পুনঃ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিবাৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানত প্ৰভাৱিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত ১০০টাৰো অধিক বন্য জন্তুৰ মৃত্যু হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version