5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক’ম হোৱা নাই দুৰ্দশা! এতিয়াও ১৩৪২ গাঁৱৰ ৫.৯৭ লাখলোক বানাক্ৰান্ত, মৃত্যু ৯৩ জন

বহু ঠাইৰ পৰা বাঘৰ আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। বৰ্তমান সময়তো কলিয়াবৰত ৩ টা বাঘে সন্ত্ৰাস চলাই আছে। কেইবা ঠাইত বাঘে মানুহক আক্ৰমণ কৰিছে। এনে পৰিস্থিতিত এক  সন্ত্ৰাসে বিৰাজ কৰিছে বানাক্ৰান্ত সকলৰ মাজত।

ক’ম হোৱা নাই দুৰ্দশা! এতিয়াও ১৩৪২ গাঁৱৰ ৫.৯৭ লাখলোক বানাক্ৰান্ত, মৃত্যু ৯৩ জন
কাজিৰঙা বানপানী
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 14 Jul 2024 20:27 PM

পূৰ্বতকৈ বানপানীৰ প্ৰকোপ কিছু ক’ম হ’লেও ক’ম হোৱা নাই মানুহৰ দুৰ্দশা। বৰ্তমান ৰাজ্যৰ ১৮ খন জিলাত বানত প্লাবিত হৈ আছে। এই জিলা কেইখন ক্ৰমে- কাছাৰ, নলবাৰী, কামৰূপ, গোলাঘাট, মৰিগাঁও, চিৰাং, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, নগাঁও, কৰিমগঞ্জ, কামৰূপ (ম), ধেমাজি, মাজুলী, দৰং, শিৱসাগৰ, যোৰহাট আৰু বিশ্বনাথ। এই জিলাসমূহৰ ৫২ টা ৰাজহ চক্ৰ আৰু ১৩৪২ খন গাঁও বানত প্লাবিত হৈ আছে।

১৪ জুলাইত ডি আৰ আই এম এছে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান এই ১৮ খন জিলাৰ ৫,৯৭,৬০৪ জন বানাক্ৰান্ত হৈ থকাৰ লগতে ২৫৩৬৭.৬১ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক কাছাৰত ১,১৫,৯০০ জন লোক বানাক্ৰান্ত হৈ আছে। আনহাতে মৃত্যুৰ সংখ্যা হৈছেগৈ ৯৩ জন। বৰ্তমান বিভিন্ন ঠাইত ১৭২ টা মান আশ্ৰয় শিবিৰ আছে। বিভিন্ন টা শিবিৰত এতিয়াও ৩০,০৬৩ জন লোক আছে। ইয়াৰোপৰি সাহাৰ্যৰো ব্যৱস্থা কৰা হৈছে। এই প্ৰলংয়কাৰী বানত বৰ্তমান সময়তো হাজাৰ হাজাৰ পশু, জীৱ জন্তু প্ৰভাৱিত হৈ আছে।

বিভিন্ন জিলাত ৯ টাৰো অধিক মথাউৰি ভঙাৰ লগতে এইবাৰৰ বানত ১০০ টাৰো অধিক ৰাস্তা নষ্ট হৈ গৈছে। ইয়াৰোপৰি দলং, স্কুল আদিও এই বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ প্ৰকোপ পূৰ্বতকৈ কিছু হ্ৰাস হ’লেও দুৰ্দশা কম হোৱা নাই মানুহৰ। হাবি, বনাঞ্চল আদি পানীয়ে ভৰি পৰাৰ ফলত জীৱ- জন্তু সকলৰ থকা, খোৱাৰ অভাৱে দেখা দিছে। যাৰ বাবে একাংশই ওখ স্থানত আশ্ৰয় লোৱাৰ বিপৰীতে কিছুমান জীৱ- জন্তুই মানৱ বসতি অঞ্চলত তাণ্ডৱ চলাইছে।

বহু ঠাইৰ পৰা বাঘৰ আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। বৰ্তমান সময়তো কলিয়াবৰত ৩ টা বাঘে সন্ত্ৰাস চলাই আছে। কেইবা ঠাইত বাঘে মানুহক আক্ৰমণ কৰিছে। এনে পৰিস্থিতিত এক  সন্ত্ৰাসে বিৰাজ কৰিছে বানাক্ৰান্ত সকলৰ মাজত। ইয়াৰোপৰি বানৰ পাছতেই বিভিন্ন জনৰ দেহত দেখা দিছে বহু ৰোগে। শিৱসাগৰত ১২ জনৰো অধিক লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে।

ইয়াৰোপৰি বৰ্তমান বিপদসীমাৰ ওপৰৰে বৈ থকা নদী সমূহ হ’ল- ব্ৰহ্মপুত্ৰ (নিমাতীঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), দিচাং (নাংগালামুৰঘাট)। অৱশ্যে কেইখন মান জিলাত এতিয়া বান পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। উল্লেখ কৰা প্ৰয়োজন যে বানত আক্ৰান্তসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে ১৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলক সাহাৰ্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব। লগতে ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ ৰাস্তা- পথ, মথাউৰি আদি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব।

Latest News