5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বানপানীঃ অসমৰ ১৯ খন জিলাৰ প্ৰায় ২ লাখ ৯৬ হাজাৰ লোক প্ৰভাৱিত

বিগত কেইটামান দিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।  বান ভূমিস্খলনৰ ফলত মৃত্যু হৈছে বহু লোকৰ। বৰ্তমানলৈকে ২৬ জনৰো অধিকলোকে প্ৰাণ হেৰুৱাইছে এই বানৰ ফলত 

বানপানীঃ অসমৰ ১৯ খন জিলাৰ প্ৰায় ২ লাখ ৯৬ হাজাৰ লোক প্ৰভাৱিত
অসমৰ বানপানী ( প্ৰতীকি ফটো)
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 20 Jun 2024 06:29 AM

অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। DRIMS ৰ তথ্য অনুসৰি ১৯ জুন পৰ্যন্ত  অসমৰ ১৯ খন জিলাৰ ২,৯৬,৩৮৪ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইয়াৰ ভিতৰত শিশুৰ সংখ্যা ৬৭৫০৭ জন। বানত ৯৭৯ খন গাঁও প্ৰভাৱিত হৈছে।  বান প্ৰভাৱিত জিলাসমূহ- কামৰূপ, দক্ষিণ শালমৰা, গোৱালপাৰা, নগাঁও, বঙাইগাঁও, লখিমপুৰ, হোজাই, দৰং, নলবাৰী, কৰিমগঞ্জ , ওদালগুৰি, তামুলপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, কাছাৰ, বাক্সা,বজালী আৰু শোণিতপুৰ। ইয়াৰে প্ৰায় একাংশলোক বিভিন্ন ঠাইৰ আশ্ৰয় শিবিৰত আছে। বুধবাৰৰ তথ্য অনুসৰি বৰ্তমান ১.২ লাখলোক আশ্ৰয়হীন আৰু আশ্ৰয় শিবিৰত বাস কৰি আছে।

উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।  বান ভূমিস্খলনৰ ফলত মৃত্যু হৈছে বহু লোকৰ। বৰ্তমানলৈকে ২৬ জনৰো অধিকলোকে প্ৰাণ হেৰুৱাইছে এই বানৰ ফলত। অসমৰ ৩৫ খন জিলাৰ আধা সংখ্যকেই এতিয়া বানৰ কবলত। বানত আক্ৰান্ত লোকসকলৰ মাজত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰি থকা হৈছে।

অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো বানে জটিল ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চল ভূমিস্খলন প্ৰভাৱিত এলেকা হিচাপে চিহ্নিত কৰিছে। এই ঠাইসমূহৰ ভিতৰত আছে চানমাৰি, শিল পুখুৰী,  নৱগ্ৰহ, নুনমাটি, কামাখ্যা, কাহিলিপাৰা, খানাপাৰা, খাৰঘূলি, বোন্দা আদি। ভূমিস্খলন প্ৰভাৱিত এলেকাৰ পৰা মানুহক দূৰত থকাৰ আহ্বান জনাইছে প্ৰশাসনে। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে হেল্প লাইন নম্বৰো। ভূমিস্খলন সম্পৰ্কীয় যিকোনো ঘটনাৰ বাবে কামৰূপ (ম) দুৰ্যোগ প্ৰশমন বিভাগে ১০৭৭-১৯৩৬৫৪২৯৩১৪ নম্বৰ মুকলি কৰিছে।

ইয়াৰ মাজতে কালি  পুৱা কৰিমগঞ্জৰ পৰা পোহৰলৈ আহে এক শোকাবহ ঘটনা। শুই থকা অৱস্থাতে পাহাৰ খহি মৃত্যু মুখত পৰে একেটা পৰিয়ালৰ ৫ জনকৈ লোক। কৰিমগঞ্জৰ লগতে অসমৰ বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, উদালগুৰি, দৰং, ধেমাজি, হাইলাকান্দি, , গোৱালপাৰা, নগাঁও, চিৰাং, কোকৰাঝাৰ আদি জিলা বানৰ কবলত পৰিছে। কেইবাখনো নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। বিশেষকৈ কপিলী নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে কপিলী নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বাগৰি আছে।

উল্লেখ্য যে, এতিয়াও বতৰে অসমত কালৰূপ ধাৰণ কৰিয়েই আছে। নেৰেনেপেৰা বৰষুণে স্বাভাৱিত জীৱন ব্যাহত কৰিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি আগন্তুক ৪ দিন অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকিব বৰষুণ। এনে পৰিস্থিতিত অসমৰ নৈ- উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ আংশকাই দেখা দিছে।

Latest News